বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ চৰকাৰক সুদৃষ্টি প্ৰদানৰ আহ্বান

author img

By

Published : Sep 19, 2021, 12:06 PM IST

press meet on unpaid teachers union

ধেমাজি প্ৰেছ ক্লাবত বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ সংবাদমেল সম্বোধন ৷ শীঘ্ৰে প্ৰাপ্য প্ৰদানৰ দাবী চৰকাৰক ৷

ধেমাজি, 19 ছেপ্তেম্বৰ : আজিও চৰকাৰী আশাত পণবন্দী ৰাজ্যৰ একাংশ শিক্ষক ৷ নিঃস্বাৰ্থভাৱে শিক্ষকতাৰ বৃত্তিত নিয়োজিত হৈও উচিত প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আহিছে ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকল ৷ শিক্ষাৰ্থীক জীৱনৰ সঠিক বাট দেখুৱাই, নিজেই এক অচিন পথত গতি কৰিবলগাত পৰিছে বেতন বঞ্চিত শিক্ষকসকলে ৷

বেতন বঞ্চিত প্ৰাথমিক শিক্ষক সন্থাৰ সংবাদমেল

পেটৰ তাড়ণাত দিক-বিদিক হেৰুৱাই পেলাইছে ৰাজ্যৰ বেতন বঞ্চিত শিক্ষকসকলে ৷ উপায়ন্তৰ হৈ শনিবাৰে প্ৰাপ্যৰ দাবীত ধেমাজি প্ৰেছ ক্লাবত লখিমপুৰ-ধেমাজিৰ বেতন বঞ্চিত শিক্ষকসকলে এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলৰ জৰিয়তে তেওঁলোকৰ প্ৰাপ্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে পঢ়ক: ৰাজ্যসভাৰ নিৰ্বাচন: ২১ ছেপ্টেম্বৰত মনোনয়ন দাখিল কৰিব সোণোৱালে

উল্লেখ্য যে, ১৯৯১ চনৰ পৰাই শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হৈ আছে বেতন বঞ্চিত শিক্ষকসকল ৷ ১৯৯১ চনৰ পৰা ২০০১ চনৰ ভিতৰত অসমৰ বিভিন্ন জিলাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত হৈ আছিল প্ৰায় ৮,৪৭০ গৰাকী শিক্ষক ৷ ইয়াৰ ভিতৰত ৪,৫১১ গৰাকী শিক্ষকক ৰাজ্য চৰকাৰে টিউটৰ হিচাপে নিযুক্তি দিয়ে ৷ কিন্তু আজিও বাদ পৰি ৰৈছে প্ৰায় ৩,৯৫৯ গৰাকী শিক্ষক ৷

লগতে পঢ়ক: ৰাইজৰ দলক ভোট নিদিবলৈ থাওৰাবাসীক আহ্বান জনালে অখিল গগৈৰ একালৰ সতীৰ্থই

ইয়াৰ ভিতৰত ধেমাজিৰ ৩৩৮ গৰাকী আৰু লখিমপুৰৰ ৯৮২ গৰাকী শিক্ষক বঞ্চিত হৈ আছে ৷ এই বাদ পৰি ৰোৱা শিক্ষকসকলক অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী তথা ৰাজ্যৰ শিক্ষা বিভাগক অনুৰোধ জনাই বেতন বঞ্চিত শিক্ষকসকলে ৷ শনিবাৰে ধেমাজি প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এই সংবাদমেলত লখিমপুৰ, ধেমাজি, জোনাইৰ পৰা অহা অৰ্ধ শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: আঙুৰলতা ডেকাৰ বিৰুদ্ধে শিলচৰ থানাত এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.