জোনাইত পাঁচ মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশনৰ প্ৰস্তুতি তুংগত

author img

By

Published : Dec 18, 2021, 9:12 PM IST

5-mising-organisation-join-conference-preparation-at-jonai

অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা হৈছে কেইবাখনো আলোচনা চক্ৰ ৷ 'অসমৰ জনজাতিসকলৰ ভূমিৰ অধিকাৰ' শীর্ষক আলোচনাত মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰিব ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে । অধিৱেশনত 1,397 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব ৷

জোনাই ১৮ ডিচেম্বৰ : জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত 25 ডিচেম্বৰৰ পৰা 26 ডিচেম্বৰলৈ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব জোনাইৰ পাঁচ জাতীয় মিচিং সংগঠনৰ অধিৱেশন ৷ জোনাই জিলাৰ সমিতিৰ এম বি কে, টি এম পি কে, এম ডি কে, এম এম কে, টি এম এম কেয়ে যৌথভাৱে আয়োজন কৰা সাধাৰণ অধিৱেশনক লৈ এতিয়া উখল মাখল পৰিবেশে বিৰাজ কৰিছে ঐতিহ্যমণ্ডিত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ৷

আগন্তুক অধিৱেশনকলৈ পূৰ্ণ গতিত প্ৰস্তুতি চলাই থকাৰ সময়তে শনিবাৰে অধিৱেশন সন্দৰ্ভত অভ্যর্থনা সমিতিয়ে জোনাইত এখন সংবাদমেল অনুষ্ঠিত কৰে । সংবাদমেলত অভ্যর্থনা সমিতিৰ কার্যকৰী সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে সদৰি কৰা অনুসৰি, যৌথ অধিৱেশনখনত মুঠ 1,397 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব । জাতীয় সংগঠন পাঁচটাৰ জোনাই জিলা সমিতিৰ অন্তৰ্গত ষোল্লখন আঞ্চলিক সমিতিৰ পৰা দহজনকৈ প্ৰতিনিধি, সংগঠনৰ পঞ্জীয়নভুক্ত 177 খন গাঁৱৰ পৰা এজনকৈ প্ৰতিনিধি, জোনাই মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ গোটৰ পৰা দুজন প্ৰতিনিধি, জিলা বিষয়ববীয়া, সদস্য, কেন্দ্ৰীয় প্ৰতিনিধিৰ লগতে সংগঠনৰ প্ৰাক্তন সতীর্থক অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱা হৈছে ।

জোনাইত পাঁচ মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশন

অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীমতে পুৱা 10.30 বজাত প্ৰতিনিধি সভাকক্ষৰ দ্বাৰ মুকলি কৰা হ’ব ৷ ইয়াৰ পাছতেই 10.40 বজাত প্ৰার্থনা সভা আৰু 11 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ'ব । দ্বিতীয় দিনা পুৱা পাঁচটা জাতীয় সংগঠনৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণেৰে কাৰ্যসূচী আৰম্ভ কৰা হ'ব । ইয়াৰ পাছতে 10.30 বজাত অনুষ্ঠিত হ'ব 'অসমৰ জনজাতিসকলৰ ভূমিৰ অধিকাৰ' শীর্ষক আলোচনা চক্ৰ ৷ আলোচনা চক্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰিব ।

অধিবেশনত বিভিন্ন বিষয়ক লৈ আন কেইবাখনো আলোচনাচক্ৰ আয়োজন কৰা হ’ব ৷ ‘মিচিংসকলৰ সামাজিক সংস্কাৰ' শীর্ষক আলোচনাচক্ৰত মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, ‘মিচিংসকলৰ গ্ৰাম্য অৰ্থনীতি' শীর্ষক আলোচনাচক্ৰত জোনাই সমষ্টিৰ বিধায়ক তথা টি এম পি কে প্ৰাক্তন সভাপতি ভুৱন পেগুৱে মুখ্যবক্তা হিচাপে অংশগ্ৰহণ কৰিব । সংবাদমেল অভ্যর্থনা সমিতিৰ কাৰ্যকৰী সভাপতি নৰেশ কুম্বাঙে অধিৱেশনৰ প্ৰস্তুতি প্ৰায় 70 শতাংশ সম্পূৰ্ণ হোৱাৰ কথা জানিবলৈ দিয়ে ৷

অধিৱেশনৰ প্ৰতিনিধি সভাত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰা আৰু পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ব বুলি জানিবলৈ দিয়ে । যৌথ অধিৱেশনখন সফল কৰিবলৈ সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক : IAS Officer Deputation: আই এ এছ বিষয়াক নিয়ন্ত্ৰণৰ চেষ্টা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.