74th Republic day: জোনাইত গণৰাজ্য দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতি

author img

By

Published : Jan 23, 2023, 2:45 PM IST

Republic day preparation in Dhemaji

ৰাজ্য়ত 74 সংখ্যক গণৰাজ্য দিৱসৰ বাবে চলিছে ব্য়াপক প্ৰস্তুতি (74th Republic day) । জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগতো গান্ধী ময়দানত চলিছে এই প্ৰস্তুতি । সদৰৰ বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী জোৱানে চলাইছে পেৰেডৰ অনুশীলন ।

74 সংখ্যক গণৰাজ্য দিৱসৰ প্ৰস্তুতি

জোনাই, ২৩ জানুৱাৰী: 74 সংখ্যক গণৰাজ্য দিৱসলৈ মাজত মাথো দুটা দিন (74th Republic day in Assam) ৷ এই দিৱস উদযাপনৰ বাবে এতিয়া পূৰ্ণোদ্যমে চলিছে প্ৰস্তুতি । এনে সময়তে সমগ্ৰ দেশৰ লগতে ধেমাজি জিলাৰ জোনাইতো গণৰাজ্য দিৱস উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে ৷ জোনাই মহকুমা প্ৰশাসনৰ উদ্যোগত গান্ধী ময়দানত অনুষ্ঠিত কৰিবলগীয়া গণৰাজ্য দিৱস উদাপনৰ বাবে জোনাই সদৰৰ ১১ খন বিভিন্ন বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আৰক্ষী জোৱানে পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে (Republic day preparation in Jonai)।

ধেমাজিৰ বিভিন্ন প্ৰান্তত এই দিৱস যাতে সুকলমে উদযাপন কৰিব পাৰি তাৰ বাবে নিৰাপত্তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্রহণ কৰিছে আৰক্ষী তথা জিলা আৰু মহকুনা প্ৰশাসনে (Republic day preparation in Dhemaji)। গণৰাজ্য দিৱসৰ পূৰ্বৰে পৰা জোনাইৰ গান্ধী ময়দানত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে ৷ কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে মেটেল ডিটেক্টৰৰ সহায়ত পতাকা উত্তোলনস্থলী পৰীক্ষা কৰিছে ।

এনে ধৰণৰ সতৰ্কতামূলক ব্যৱস্থাৱলীৰ মাজতেই জোনাই গান্ধী ময়দান খেলপথাৰত প্ৰশাসনৰ উদ্যোগত চলিছে পেৰেডৰ অনুশীলন (Jonai Gandhi Maidan) ৷ আৰক্ষী, গৃহৰক্ষী বাহিনীৰ লগতে বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা অহা ছাত্র-ছাত্রীসকলেও পেৰেডৰ অনুশীলনত অংশগ্ৰহণ কৰাত এক সুন্দৰ পৰিৱেশৰ সৃষ্টি হৈছে ৷ ইপিনে, স্কাউট গাইড, এনচিচিৰ দলেও ইয়াত অংশগ্ৰহণ কৰিছে ৷ যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈছে অসম আৰক্ষী । গণৰাজ্য দিৱস সুকলমে পালন কৰাৰ বাবে অসম আৰক্ষীয়ে চলাইছে সকলো প্ৰয়াস ।

ৰাজ্যৰ সকলো জিলাতেই এই দিৱসৰ কাৰ্যসূচীত যাতে উগ্ৰপন্থী সংগঠনে কোনো কূটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ বাবে প্ৰশাসন সাজু হৈছে ৷ সমগ্ৰ ৰাজ্যতেই এই দিৱসৰ প্ৰাকক্ষণত সংঘটিত হ’ব পৰা যিকোনো কাৰ্য নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্য়ে প্ৰশাসনে কেতবোৰ কঠোৰ নিষেধাজ্ঞা জাৰি কৰিছে ৷ বিভিন্ন স্থানত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি আৰক্ষীয়ে তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে (Search operation of police in Assam)। যান-বাহন আদিতো তালাচী চলোৱা পৰিলক্ষিত হৈছে । ইফালে, গণৰাজ্য দিৱস উপলক্ষে ৰাজ্য়ৰ বিভিন্ন ঠাইত মুক্তিযুঁজাৰুসকলৰ পৰিয়ালৰ লগতে সাংবাদিক আদিকো সম্বৰ্দ্ধনা জ্ঞাপনৰ ব্য়ৱস্থা কৰিছে প্ৰশাসনে । তদুপৰি চিকিৎসালয়সমূহত ৰোগীসকলক মাজত ফল-মূল আদি বিতৰণৰ বাবে ব্য়ৱস্থা কৰিছে প্ৰশাসনে ৷

লগতে পঢ়ক:Miscreants Attack Youth: জীৱন মৃত্যুৰে যুঁজি শেষ নিশ্বাস এৰিলে দুৰ্বৃত্তৰ আক্ৰমণত আহত আনোৱাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.