Oath taking ceremony: TMPK ৰ নৱনিযুক্ত ৭১ জনীয়া কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ

author img

By

Published : May 22, 2023, 8:45 PM IST

Oath taking ceremony of newly elected 71 member Central Committee of TMPK

জোনাইত টাকাম মিচিং পৰিণ কেবাঙৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় (Oath taking ceremony at Jonai) ৷ মিচিং সমাজক আগুৱাই নিয়াৰ সংকল্পেৰে ৭১ জনীয়া নতুন শক্তিশালী সমিতিখনে শপত গ্ৰহণ কৰে ৷

TMPK ৰ নৱনিযুক্ত ৭১ জনীয়া কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ

জোনাই, 22 মে’: দেওবাৰে জোনাইত টাকাম মিচিং পৰিণ কেবাঙৰ নৱ নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় (Oath taking ceremony at Jonai) ৷ শিক্ষা, সংস্কৃতি, ক্ৰীড়া আদি সকলো দিশত মিচিং সমাজক আগুৱাই নিয়াৰ সংকল্পেৰে ৭১ জনীয়া নতুন শক্তিশালী সমিতিখনে শপত গ্ৰহণ কৰে ৷ যোৱা এপ্ৰিল মাহত গুৱাহাটীৰ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা টাকাম মিচিং পৰিণ কেবাং অৰ্থাৎ TMPK কেন্দ্ৰীয় সমিতিৰ সাধাৰণ অধিৱেশনত নিৰ্বাচিত কৰি গঠন কৰা হয় ৭১ জনীয়া নতুন সমিতিখন (Newly elected 71 member Central Committee) ৷

দেওবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিলক দলেক সভাপতি, চান পাংগিঙক সাধাৰণ সম্পাদক হিচাপে লৈ গঠন কৰা TMPK ৰ ৭১ জনীয়া কেন্দ্ৰীয় সমিতিখনে আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে ৷ টিএমপিকেৰ কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সভাপতি ৰাজ কুমাৰ মৰাঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত নতুন সমিতিৰ বিষয়ববীয়াসকলক সংগঠনৰ সাংবিধানিক নীতি নিয়মৰ মাজেৰে শপত বাক্য পাঠ কৰাই মিচিং বাঃনৌ কেবাঙৰ সভাপতি পৰমানন্দ চায়েঙীয়াই ৷

উক্ত শপত গ্ৰহণ অনুষ্ঠানত মিচিং বানে কেবাঙৰ সম্পাদক ৰাজু মেদক, মিচিং মিমাগ কেবাঙৰ সভাপতি সুনীল পেগু, নৰেশ কুম্বাং ৰ লগতে TMMK, MMK-ৰ কেবাশতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ নতুন সমিতিখনে মিচিং সমাজৰ সৰ্বোতোপ্ৰকাৰৰ উন্নয়নৰ লগতে ষষ্ঠ অনুসূচীৰ বাবে সংগ্ৰাম অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰে নৱ নিৰ্বাচিত সাধাৰণ সম্পাদক চান পাংগিঙে ৷

পাংগিঙে লগতে কয় যে, অসম চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে অহা দুই বা তিনিমাহৰ ভিতৰতে নতুন ৰণনীতিৰে মিচিং, তিৱা, ৰাভাসকলক স্বায়ত্তশাসিত প্ৰদান কৰি ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰিবলৈ প্ৰস্তুতি হাতত লৈছে ৷ গতিকে চৰকাৰৰ ওপৰত আশাবাদী বুলি সদৰী কৰে সাধাৰণ সম্পাদকগৰাকীয়ে ৷ উল্লেখ্য যে, টাকাম মিচিং পৰিণ কেবাং হ'ল মিচিং জনগোষ্ঠীৰ এক শক্তিশালী ছাত্ৰ সংগঠন ৷

লগতে পঢ়ক: 30 years of Miching Mimag Kebang : মিচিং মিমাগ কেবাঙৰ প্ৰতিষ্ঠা দিৱসত উদ্যমী খেতিয়কক সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.