Cheque distribution programme: ঋণগ্ৰস্ত মহিলালৈ দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সকাহ চৰকাৰৰ

author img

By

Published : Oct 30, 2022, 9:25 AM IST

Cheque distribution programme

মাইক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলালৈ দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সকাহ । ধেমাজিত ৪,৬৬৮ মহিলাৰ মাজত ৮.০৮ কোটি টকাৰ চেক বিতৰণ ৷ ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে ঋণগ্ৰস্ত মহিলাসকৰ মাজত বিতৰণ কৰে চেক (Micro Finance cheque distribution) ।

ধেমাজি,৩০ অক্টোবৰ: বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ ক্ষুদ্ৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা ধেমাজি জিলাৰ ৪,৬৬৮ গৰাকী মহিলাক শনিবাৰে মুঠ ৮.০৮ কোটি টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হয় । ধেমাজি ৰাজহুৱা প্ৰেক্ষাগৃহত আয়োজিত এটি অনুষ্ঠানত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণে মহিলা সকলৰ মাজত চেক প্ৰদান কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Micro Finance cheque distribute) ।

অসম মাইক্ৰ'ফাইনেন্স উদগণি আৰু সকাহ আঁচনি ২০২১ ৰ দ্বিতীয় পৰ্যায়ৰ এই কাৰ্যসূচীৰ অধীনত এগৰাকী ঋণগ্ৰস্ত মহিলাই সৰ্বাধিক ২০ হাজাৰ টকা পৰ্যন্ত উদগণিমূলক সাহায্য লাভ কৰিছে (Microfinance relief scheme) । অনুষ্ঠানত মুখ্য অতিথি হিচাপে দিয়া ভাষণত ৰাজ্যৰ শ্ৰমিক কল্যাণ তথা চাহ জনগোষ্ঠী কল্যাণ বিভাগৰ মন্ত্ৰী গৰাকীয়ে কয় যে, মহিলা সকলে এতিয়া আগৰ দৰে কেৱল পাক ঘৰতে সোমাই থাকিব লগীয়া হোৱা নাই ।

ঋণগ্ৰস্ত মহিলালৈ দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সকাহ চৰকাৰৰ

তেওঁলোক বিভিন্ন ধৰণৰ অৰ্থনৈতিক কাম-কাজত জড়িত হৈ পৰাটো খুবেই শুভ লক্ষণ বুলি উল্লেখ কৰি তেওঁ সাহায্যৰ ধনেৰে নতুন উদ্যমেৰে কৰ্মত নামি পৰিবলৈ মহিলাসকলক আহ্বান জনায় (microfinance debtors in Dhemaji) ।

ভাষণ প্ৰসংগত তেওঁ আৰু কয় যে, এইবাৰ ৰাজ্য চৰকাৰে কৃষকৰ পৰা সৰিয়হো ক্ৰয় কৰিবলৈ যি সিদ্ধান্ত লৈছে তাৰ সুবিধা গ্ৰহণ কৰিবলৈ কৃষক সকল সচেষ্ট হ'ব লাগে (Sanjay Kissan distribute cheque in Dhemaji) ।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই (MP Pradan Barua) এই আচঁনিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনোৱাৰ লগতে মহিলা সকলক নিজ নিজ কামৰ পৰ্যালোচনা আৰু বিশ্লেষণ কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে, ধেমাজি জিলাৰ ৪,৬৬৮ গৰাকী মহিলা ঋণ আদায় দিয়াত ব্যৰ্থ হোৱাটো মুঠেও শুভ লক্ষণ নহয় ।

সেয়ে ঋণৰ ধন তেওঁ সঠিক পৰিকল্পনাৰে উৎপাদনমুখী কামত ব্যয় কৰিবলৈ আহ্বান জনায় । অনুষ্ঠানৰ আৰম্ভণিতে আদৰণি ভাষণ আগবঢ়াই জিলা উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্যই ৷ সভাত ধেমাজি উন্নয়ন প্ৰাধিকাৰীৰ সভাপতি তোলন কোঁৱৰ আৰু অতিৰিক্ত উপায়ুক্ত যাদৱ পেগু উপস্থিত থাকে । ইফালে মিঞা মিউজিয়ামৰ প্ৰসংগত সাংবাদিকৰ প্ৰশ্ন উত্তৰত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ অসমীয়া বৃহৎ জাতিক দুৰ্বল কৰিবলৈ চেষ্টা কৰা অপশক্তি এনে কাম-কাজৰ পৰা বিৰত থাকিবলৈ সকীয়নি দিয়ে মন্ত্ৰী সঞ্জয় কিষাণে ৷

লগতে পঢ়ক: Sarbananda Sonowal at Barpeta: প্ৰয়াত বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বাসগৃহত সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.