Saraswati Puja 2023 : ধেমাজিৰ ডায়েটত নিৰ্জীৱ পাত-ফুলেৰে বাগদেৱীৰ মূৰ্তি নিৰ্মাণ

author img

By

Published : Jan 26, 2023, 11:57 AM IST

Saraswati Puja 2023

আজি সৰস্বতীক পূজা (Saraswati Puja 2023) ৷ ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ এতিয়া বাগদেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিছে ৷ সৰস্বতীক পূজা উপলক্ষে ধেমাজি ডায়েটত শিক্ষক-প্ৰশিক্ষাৰ্থীয়ে নিজ হাতেৰে নিৰ্মাণ কৰি তুলিছে ব্যতিক্ৰমী বাগদেৱীৰ মূৰ্তি (Making Saraswati idol with leaves and flowers in Dhemaji)।

ডায়েটত শিক্ষক-প্ৰশিক্ষাৰ্থীয়ে নিজ হাতেৰে নিৰ্মাণ কৰি তুলিছে ব্যতিক্ৰমী বাগদেৱীৰ মূৰ্তি

জোনাই, 26 জানুৱাৰী :

‘‘শ্বেতপদ্মাসনা দেৱী শ্বেতপুষ্পোপশোভিতা ।

শ্বেতাম্বৰাধৰা নিত্যা শ্বেতগন্ধানুলেপনা ।।

শ্বেতাক্ষ সূত্ৰহস্তা চ শ্বেত চন্দন চৰ্চ্চিতা ।

শ্বেতবীণাধৰা শুভ্ৰা শ্বেতালংকাৰ ভূষিতা ।।

বন্দিতা সিদ্ধগন্ধৱৈৰৰ্চ্চিতা সুৰদানবৈঃ ।

পূজিতা মুনিভিঃ সৰ্বৈঋষিভিঃ স্তুয়তে সদা ।।

স্তোত্ৰেণানেন তাং দেৱীং জগদ্ধাত্ৰীং সৰস্বতীম্ ।

যে স্মৰন্তি ত্ৰিসন্ধ্যায়াং সৰ্ব্বধাং বিদ্যাং লভন্তি তে ।।’’

পুৱাৰে পৰা বাগদেৱীৰ মন্ত্ৰোচাৰণেৰে মুখৰ হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ (Saraswati Puja 2023)৷ হিন্দু বৰ্ষপঞ্জী অনুসৰি সৰস্বতী পঞ্চমী তিথিৰ লগন পৰিছে 25 জানুৱাৰীৰ পৰা 26 জানুৱাৰীলৈ (Shubh Muhurat of Saraswati Puja) । এই উৎসৱৰ শুভ মূহুৰাত 26 জানুৱাৰীৰ পুৱা 7:12 বজাৰ পৰা দুপৰীয়া 12:34 বজাৰ ভিতৰত ।

সেই অনুসৰিয়েই বিশেষকৈ হিন্দু ধৰ্মাৱলম্বী লোকে আজি আৰাধনা কৰিছে বিদ্যাৰ অধিষ্ঠাত্ৰী বাগদেৱীক ৷ লোকবিশ্বাস অনুসৰি বাগদেৱীক পবিত্ৰ মনেৰে আৰাধনা কৰিলে জ্ঞান বৃদ্ধি হয় ৷ সেয়ে ভক্তসকলে বিশেষকৈ শিক্ষাৰ্থীসকলে আজিৰ দিনটোত জ্ঞান, প্ৰজ্ঞা, সংগীত আৰু পৰিৱেশন কলাৰ আৰাধ্য হিচাপে গণ্য কৰা দেৱী সৰস্বতীক পূজা কৰে ।

ইতিমধ্যে পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন শিক্ষানুষ্ঠানত বিধি অনুসৰি পালন কৰা হৈছে সৰস্বতী পূজা ৷ বাদ পৰি ৰোৱা নাই ধেমাজি জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানো (ডায়েট) ৷ বিগত বৰ্ষত বিভিন্ন পাচলিৰে দেৱী সৰস্বতী মূৰ্তি নিৰ্মাণ কৰা ডায়েটে এইবাৰ দেৱীৰ মূৰ্তি নিৰ্মাণ কৰিছে ফুল আৰু পাতেৰে (Making Saraswati idol with leaves and flowers in Dhemaji) । প্ৰতিষ্ঠানটোৰ প্ৰবক্তা পবিত্ৰ কুমাৰ দাসৰ নেতৃত্বত এদল প্ৰশিক্ষাৰ্থীয়ে নিজে সাজি উলিয়াইছে চাৰি ফুট উচ্চতাৰ এই ব্যতিক্ৰমী বাগদেৱীৰ প্ৰতিমাৰ ।

উক্ত প্ৰতিষ্ঠানটোৰ প্ৰবক্তা তথা শিল্পীগৰাকী উল্লেখ কৰা অনুসৰি, পোনতে কিছু ধান আৰু নৰাৰ খেৰ ব্যৱহাৰ কৰি প্ৰতিমাৰ অবয়ব তৈয়াৰ কৰি ইয়াক নাৰিকলৰ পাতেৰে আবৃত কৰা হৈছে । ইয়াৰ পিচতে কাঁইটীয়া কাগজ ফুলৰ পাত আৰু গুলপীয়া ফুল ব্যৱহাৰ কৰি সজাই তোলা হৈছে বাগদেৱীৰ মূৰ্তিটো ।

বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ বীণা তৈয়াৰৰ বাবে ব্যৱহাৰ কৰা হৈছে বাঁহ, খেৰ আৰু কল গছৰ পাতেৰে । মূৰ্তিত ব্যৱহাৰ কৰা নাই কোনো ধৰণৰ বজাৰৰ আবিৰ । সকলোতে সহজলভ্য হোৱা তেনেই সাধাৰণ বয়-বস্তুৰ দ্বাৰা এই প্ৰতিমা সজাই তোলা হৈছে ।

ডায়েট পৰিয়ালৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে পাত আৰু ফুলৰ সৰস্বতীৰ এই বিশেষ প্ৰতিমাটো । জকমকীয়া দেৱীৰ প্ৰতিমাৰ নামত অযথা ধন ব্যয় কৰাত অনিচ্ছুক প্ৰতিষ্ঠানৰ শিক্ষক-প্ৰশিক্ষাৰ্থীসকল । সেয়ে আধ্যাত্মিকতাৰ দিশটো আগত ৰাখি প্ৰতিষ্ঠানটোৰ শিক্ষক-প্ৰশিক্ষাৰ্থীসকলে সৰস্বতী পূজা আয়োজন কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক : Saraswati Puja 2023 : বাগদেৱীৰ আৰাধনাৰ তাৎপৰ্য আৰু মহত্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.