জোনাইৰ কবু চাপৰিত বৰ্নাত্যৰ হাহাকাৰ অৱস্থা

author img

By

Published : Sep 3, 2021, 3:36 PM IST

Livestock affected in jonai flood etv bharat assam news

জোনাইৰ কবু চাপৰিত বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও অন্ত হোৱা নাই বৰ্নাত্যৰ হাহাকাৰৰ। বানে কমিলেও এতিয়াও পানীৰ তলত বুৰ গৈ আছে বাসগৃহ, খেতিপথাৰ।

জোনাই, 3 চেপ্টেম্বৰ: জোনাইৰ কবু চাপৰিত বান পৰিস্থিতি কিছু উন্নত হলেও অন্ত পৰা নাই সমস্যাৰ । বানত অহা বালি-পলসৰ তলত শুমাই ৰ’ল পশুধন ৷ অঞ্চলটোত বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও বৰ্তমানেও অন্ত হোৱা নাই বৰ্নাত্যৰ হাহাকাৰৰ।

বান কমিলেও এতিয়াও পানীৰ তলত বুৰ গৈ আছে ৰাইজৰ ঘৰবাৰী, খেতিপথাৰ। জোনাই সদৰৰ এটা অস্থায়ী বান শিবিৰত এতিয়াও আবদ্ধ হৈ থকা কবু চাপৰিৰ প্ৰায় ডেৰ শতাধিক বৰ্নাত্যই ঘুৰি যাব পৰা নাই নিজ ঘৰলৈ । ইফালে কবু চাপৰিবাসীৰ পশুধন সমূহৰ কৰুণ দৃশ্য দেখি হুমূনিয়াহ কাঢ়িছে লোক সকলে ।

জোনাইত বালি-পলসৰ তলত পশুধন

যোৱা কেইবাদিনো ধৰি বানত আৱদ্ধ হৈ থকা গৰুবোৰে খাদ্যৰ অভাৱত দুৰ্বল হৈ বালিচৰৰ মাজত সোমাই গণিছে মৃত্যুৰ ক্ষণ । পশুধনৰ গৰাকী সকলেও পাৰ্যমানে বালিৰ পলসৰ পৰা উলিয়াই অনাৰ চেষ্টা চলাইছে পশুধনক। পশুধন সমূহৰ একাংশক বালি-পলসৰ মাজৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে যদিও অধিক পশুধনৰ ক্ষেত্ৰত ব্যর্থ হোৱা পৰিলক্ষিত হৈছে ৷

এতিয়া এনেদৰেই কবু চাপৰিত শ শ পশুধন আৱদ্ধ হৈ থকাৰ মাজতে মৃত্যু হৈছে বহু পশুধনৰ । ইফালে কবু চাপৰি চিয়াং নদীৰ ভয়ংকৰ বানে বুৰাই পেলোৱাত জোনাই মহকুমা প্ৰশাসনে শ শ লোকক কবু চাপৰিৰ পৰা উদ্ধাৰ কৰি জোনাই সদৰৰ বান শিবিৰত ৰখাৰ ব্যৱস্থা কৰিলে যদিও এই সময়তে বহু লোকৰ ঘৰ-দুৱাৰ জাহ গ’ল এই বানত। উল্লেখ্য যে, বানৰ সমান্তৰালকৈ কবু চাপৰিত কালৰূপ ধাৰণ কৰিছে গৰা খহনীয়াই । একাংশ লোকে বান খহনীয়াৰ পৰা উদ্ধাৰ হোৱা উদ্দেশ্যে নিজৰ আপোন ঘৰখনক ভাঙি স্থানান্তৰ কৰিছে নিৰাপদ স্থানলৈ ।

লগতে পঢ়ক:ভুৰবন্ধাত উদ্ধাৰ এটা দুষ্প্ৰাপ্য কেঁটেলা পহু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.