Jonai embankment scam : জোনাইত ৭ কোটিটকীয়া নিৰ্মীয়মাণ মথাউৰি ছিগাৰ উপক্ৰম

author img

By

Published : Jul 21, 2022, 2:25 PM IST

Jinai

জোনাইত নিৰ্মীয়মাণ মথাউৰি ছিগি যোৱাৰ উপক্ৰম (Jonai embankment construction scam) । এজাক বৰষুণতে খহি গৈছে বালিৰে নিৰ্মিত ৭ কোটিটকীয়া মথাউৰি । ক্ষোভিত ৰাইজ, দল-সংগঠন ।

জোনাই, 21 জুলাই : ৰাজ্যত শেহতীয়া বানত বহু মথাউৰি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ছিগি গৈছে (Assam flood damaged embakment) । যাৰ ফলত নৈপৰীয়া ৰাইজে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । শেহতীয়াভাৱে ৰাজ্যৰ মুখ্য়মন্ত্ৰীয়ে (Chief Minister Himanta Biswa Sarma) ক্ষতিগ্ৰস্ত মথাউৰিবোৰ অতি সোনকালে মেৰামতিৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজন মতে নতুন মথাউৰি নিৰ্মাণৰ নিৰ্দেশ দিছে জল সম্পদ বিভাগক (Water Resources Department of Assam) ।

জোনাইত ৭ কোটিটকীয়া নিৰ্মীয়মাণ মথাউৰি ছিগাৰ উপক্ৰম

আনহাতে, জল সম্পদ মন্ত্ৰী পীযূষ হাজৰিকাই এই ক্ষেত্ৰত তৎপৰতা গ্ৰহণ কৰি ক্ষতিগ্ৰস্ত মথাউৰিসমূহ পৰিদৰ্শন কৰি সেইবোৰা সোনকালে মেৰামতিৰ ব্যৱস্থা কৰিবলৈ বিভাগটোক নিৰ্দেশ প্ৰদান কৰিছে (Water Resources Minister Piyush Hazarika) । কিন্তু তাৰ মাজতে বহু মথাউৰি মেৰামতি তথা নিৰ্মাণত বিসংগতিৰ কথা পোহৰলৈ আহিছে । লগতে স্থানীয় জল সম্পদ বিভাগৰ বিষয়া তথা ঠিকাদাৰসকলৰ হেমাহি তথা কমিছনৰ অংকত মথাউৰিবোৰ নিৰ্মাণত গাফিলতি কৰাৰো অভিযোগ উঠিছে ।

এইবাৰ তেনে এক অভিযোগ উঠিছে জোনাইত (Jonai embankment construction scame) । জোনাইত এজাক বৰষুণতে জহি-খহি গৈছে ৭ কোটিটকীয়া মথাউৰি ৷ বানাক্ৰান্ত জোনাইৰ বেৰা চাপৰি অঞ্চলক চিয়া-লালী নৈৰ বান আৰু খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগে ৭ কোটি টকা ব্যয় কৰি চলিত বৰ্ষৰ পৰা বেৰা চাপৰিৰ বেৰা মাজগাঁৱৰ পৰা শান্তিপুৰলৈ ৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মথাউৰিৰ নিৰ্মাণ কাম আৰম্ভ কৰিছে ৷ কিন্ত এই মথাউৰি নিৰ্মাণৰ কাম সম্পূৰ্ণভাৱে বালি ব্যৱহাৰ কৰি কৰা হৈছে ।

লগতে মথাউৰিটো নিৰ্মাণত ব্যাপক অনিয়ম আৰু দুৰ্নীতি হোৱাৰ ফলত এজাক বৰষুণতে জহি-খহি যোৱা দেখা গৈছে ৷ উক্ত মথাউৰি নিৰ্মাণত মাটিও ব্যৱহাৰ কৰিব লাগে যদিও ঠিকাদাৰ আৰু বিভাগীয় বিষয়াই মিতিৰালি কৰি মাথোঁ বালিৰে নিৰ্মাণ কৰিছে বুলি গুৰুতৰ অভিযোগ আনিছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

উক্ত মথাউৰিটো বালি ব্যৱহাৰ কৰি নিম্নমানেৰে নিৰ্মাণ কৰি ঠিকাদাৰ আৰু জোনাইৰ জলসম্পদ বিভাগৰ বিষয়াসকলে ৭ কোটি টকাৰ সিংহভাগ আত্মসাত কৰাৰ অভিসন্ধি ৰচা বুলি ক্ষোভ উজাৰিছে জোনাইৰ যুৱ ছাত্ৰ পৰিষদ (AJYCP) তথা আছু কৰ্মীসকলে (AASU) ৷ এই সন্দৰ্ভত জোনাই আঞ্চলিক ছাত্র সন্থাই বেৰা চাপৰিত নিৰ্মীয়মাণ মথাউৰিটো মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক পৰিদৰ্শন কৰি দুৰ্নীতি আৰু অনিয়মৰ আশ্ৰয় লোৱা বিভাগীয় বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ৷

লগতে পঢ়ক :Erosion at Barak: অসম-ত্ৰিপুৰা সংযোগী ঘাইপথত ভয়াৱহ খহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.