Dangerous communication on the river: চিলে নদীৰ মাজেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

author img

By

Published : Nov 17, 2022, 12:40 PM IST

jonai assam arunachal border dangerous communication on the river

আলোকৰ সন্ধানত বিপদসংকুল যাত্ৰা এজাক ছাত্ৰ-ছাত্ৰীৰ ৷ এই যাত্রা এদিন-দুদিনৰ নহয়, এই যাত্রা চলি আছে বছৰ বছৰ ধৰি ৷ দলং নথকাৰ বাবে দৈনিক খোজকাঢ়ি চিলে নদী পাৰাপাৰ হয় কণ কণ ছাত্ৰ-ছাত্ৰী(Dangerous communication on the river at Jonai) ৷ জোনাইৰ এক বৃহৎ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে দৈনিক এনেদৰে যায় শিক্ষা আহৰণৰ বাবে ৷

জোনাই 17 নৱেম্বৰ: ধেমাজি জিলাৰ অসম অৰুণাচল সীমান্তৰ(Assam Arunachal Border) জোনাইৰ এক বৃহৎ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানৰ পোহৰৰ সন্ধানত দৈনিক এক বিপদসংকুল যাত্ৰা কৰিবলগীয়া হয় ৷ অঞ্চলটোৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ আলোকৰ এই যাত্ৰাত বাধাৰ প্ৰাচীৰ হৈ আছে চিলে নামৰ এখন নদী । নদীখনৰ ওপৰত এখন দলং নথকাত পানীৰ মাজেৰে খোজকাঢ়ি বিদ্যালয়লৈ যাবলগীয়া হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকল(Dangerous communication on the river at Jonai) ৷

কোনোদিনা নৈত পিছল খালে অথবা কিতাপ-পত্ৰ তিতিলে সেইদিনা আধা বাটৰ পৰাই ঘৰলৈ ঘূৰি আহিবলগীয়া হয় ছাত্ৰ-ছাত্ৰীসকল ৷ অৰুণাচল সীমান্তত থকা জোনাইৰ কেমি অঞ্চলৰ কণ কণ ছাত্ৰ-ছাত্ৰীয়ে জ্ঞানৰ পোহৰৰ সন্ধানত এনেদৰে বিদ্যালয়লৈ নিতৌ অহা-যোৱা কৰে । কাৰণ নদীখনৰ সিপাৰে আছে অঞ্চলটোৰ একমাত্ৰ কেমি জেলম মধ্য ইংৰাজী বিদ্যালয়খন ।

চিলে নদীৰ মাজেৰে কণ কণ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

নদীখনক পাৰ কৰি বিদ্যালয়লৈ যোৱাৰ পথত ছাত্ৰ-ছাত্ৰীৰ মাজত বহুবাৰ ঘটিছে অঘটনো । সীমান্তত থকা কেমি-জেলমৰ মাজেদি অৰুণাচলৰ পৰা বৈ অহা খৰশ্ৰোতা চিলে নদীখন খৰালিত এনেদৰে ইপাৰত থকা কেমি অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে পাৰাপাৰ কৰি বিদ্যালয়লৈ যায় যদিও বাৰিষাত পাৰাপাৰৰ বাবে নাই কোনো বিকল্প পথ ।

চিলে নদীৰ ওপৰত দলং নথকাত জোনাইৰ কেমি, ঐৰামঘাট, জামপানী আদি অঞ্চলৰ ৰাইজে অৰুণাচলৰ অয়ান চাৰিআলি হৈ জোনাই সদৰৰ সৈতে দৈনিক বিভিন্ন কাম-কাজৰ যোগাযোগ অব্যাহত ৰাখিছে । ইফালে সীমান্তৰ কেইবাখনো গাঁৱৰ ৰাইজে চিলে নদীৰ ওপৰত এখন দলং নিৰ্মাণৰ কাৰণে বহু বছৰৰ পৰাই বিধায়ক, সাংসদ তথা চৰকাৰৰ ওচৰত কেইবাবাৰো আবেদন-নিবেদন কৰাৰ পিছতো আজি পর্যন্ত কোনোধৰণৰ গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই ৷

যাৰবাবে আজি সীমান্ত থকা কেমি, ঐৰামঘাট আদি অঞ্চলটোৰ ৰাইজৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়াত পৰিছে । স্থানীয় ৰাইজে চৰকাৰ তথা জনপ্ৰতিনিধিক শীঘ্ৰে চিলে নদীৰ ওপৰত এখন দলং নিৰ্মাণ কৰি তেওঁলোকক সকাহ দিয়াৰ বাবে আহ্বান জনাইছে ৷

লগতে পঢ়ক: ৰঙিয়াত অৰ্ধনিৰ্মিত দলঙেৰে ৰাইজৰ বিপদসংকুল যাত্ৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.