Firing in Jonai: জোনাইৰ চিমেন চাপৰিত গুলীচালনাৰ ঘটনা

author img

By

Published : Dec 9, 2021, 6:04 PM IST

Updated : Dec 9, 2021, 7:07 PM IST

Firing in Jonai

চিমেন চাপৰিত বুধবাৰে সংঘটিত হয় এক গুলীচালনাৰ ঘটনা (Firing in Jonai) ৷ এই ঘটনাত স্থানীয় এজন যুৱকৰ মুৰত গুলী লগাৰ লগতে আন দুজন যুৱকক দুৰ্বৃত্তৰ দলটোৱে বন্দুকেৰে কোবাই গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ৷

জোনাই ৯ ডিচেম্বৰ: জোনাইৰ চিমেন চাপৰিৰ চেৰেং দলঙত বুধবাৰে নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয় (Firing at Jonai) ৷ ৰিয়া ব্ৰহ্ম নামৰ এটা কোম্পানীত কৰ্মৰত তিনিজনীয়া দুৰ্বৃত্তৰ এটা দলে ভদা বসুমতাৰী, বগাৰাম বসুমতাৰী আৰু মংগল স্বৰ্গীয়াৰী নামৰ তিনিজন যুৱকক আক্ৰমণ কৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰে ।

জোনাইৰ চিমেন চাপৰিত গুলীচালনাৰ ঘটনা

জোনাইৰ চিমেন নদীৰ কুৱাৰীত ব্যৱহাৰৰ বাবে চাৰিটা ক্ৰেচাৰ মেচিন অৰুণাচল প্ৰদেশৰ চেৰেং গাঁৱৰ পৰা আনি থকা অৱস্থাত সেই পথত থকা ৰেলপথচোৱা পাৰ কৰিব নোৱাৰি ৰেলপথৰ কাষতে বিগত তিনিদিন ধৰি মেচিনৰ সৈতে আৱদ্ধ হৈ আছিল ৷ ইয়াৰ পিছতে সেই স্থানলৈ এখন এক্সেভেটৰ আনি যিকোনো প্ৰকাৰেৰে ৰেলপথচোৱা পাৰ কৰাই ক্ৰেচাৰ মেচিন চাৰিটা নিয়াৰ চেষ্টা চলাইছিল কোম্পানীত কৰ্মৰত একাংশ লোকে ৷ সেই সময়তে ৰেলপথত বহি থকা তিনিজন যুৱকে ৰেলপথ খান্দি থকাৰ দৃশ্য মোবাইল ফোনত বন্দী কৰা বুলি সন্দেহ কৰাৰ লগতে এই কাৰ্যৰ বিৰূদ্ধে ৰেল বিভাগৰ ওচৰত অভিযোগ দিয়াৰ সন্দেহ কৰি যুৱক তিনিজনলৈ গুলীচালনা কৰা বুলি স্থানীয় ৰাইজে অভিযোগ তুলিছে ।

দুৰ্বৃত্তৰ এই গুলীচালনাত ভদা বসুমতাৰী নামৰ এজনৰ ডিঙিত গুলী লাগে । আনহাতে আন দুজন যুৱকক দুৰ্বৃত্তৰ দলটোৱে বন্দুকেৰে মুৰত কোবাই গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত কৰে ৷ বৰ্তমান তিনিওগৰাকী ডিব্ৰুগড়স্থিত অসম চিকিৎসালয় মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে ।

ইফালে এই ঘটনা সংঘটিত কৰিয়েই দুৰ্বৃত্তৰ দলটোৱে ক্ৰেচাৰ মেচিন আৰু এক্সেভেটৰ সেই স্থানতে এৰি পলায়ন কৰে । পৰৱৰ্তী সময়ত জোনাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: Demand to repeal AFSPA: পুনৰ প্ৰাণ পাই উঠাৰ দিশে নগাৰ সশস্ত্ৰ সংগ্ৰাম

Last Updated :Dec 9, 2021, 7:07 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.