Assam Electoral Roll 2023: ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে প্ৰকাশ পালে জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকা

author img

By

Published : Jan 28, 2023, 9:38 AM IST

Jonai District Final voter list released

অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তই প্ৰকাশ কৰিলে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা (Assam Electoral Roll 2023) ৷ অসমত মুঠ 2,41,11,743 গৰাকী ভোটাৰ আছে বুলি মুখ্য নিৰ্বাচনী আয়ুক্তই শুকুৰবাৰে প্ৰকাশ কৰে ৷ ইয়াৰ পাছতে জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে সংবাদ মেলযোগে প্ৰকাশ কৰিলে জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকাখন ৷

প্ৰকাশ হ’ল জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকা

ধেমাজি, 28 জানুৱাৰী : প্ৰকাশ হ’ল জোনাই মহকুমাৰ চুড়ান্ত ভোটাৰ তালিকা ৷ জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদ্বীপ কুমাৰ দ্বিবেদীয়ে শুকুৰবাৰে ঘোষণা কৰে এই তালিকা ৷ জোনাইৰ মহকুমাধিপতিৰ কাৰ্যালয়ত আয়োজন কৰা এক সংবাদ মেলযোগে ঘোষণা কৰা হয় ভোটাৰ তালিকাখন (Final voter list of Jonai sub-division released) ৷

উল্লেখ্য যে, শুকুৰবাৰে প্ৰকাশ কৰা হয় অসমৰ 126 টা বিধানসভা সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকাখন (Assam Electoral Roll) । অসমৰ মুখ্য নিৰ্বাচনী আয়ুক্তই (chief electoral officer) প্ৰকাশ কৰিলে 2023 চনৰ 1 জানুৱাৰীলৈকে ৰাজ্যৰ চূড়ান্ত ভোটাৰ তালিকা ৷ প্ৰকাশিত এই তালিকা অনুসৰি অসমত মুঠ ভোটাৰৰ সংখ্যা 2,41,11,743 গৰাকী (Number of voters in Assam) । ইয়াৰ ভিতৰত 1,21,28,543 গৰাকী পুৰুষ ভোটাৰ (Male voters in Assam), 1,19,82,804 গৰাকী মহিলা ভোটাৰ (Female voters in Assam) আৰু তৃতীয় লিংগৰ ভোটাৰৰ(Third gender voters) সংখ্যা হ’ল 396 গৰাকী ৷ প্ৰণিধানযোগ্য যে, 2022 চনৰ 9 নৱেম্বৰত অসমৰ বাবে খচৰা ভোটাৰৰ তালিকা প্ৰকাশ হৈছিল য’ত ভোটাৰৰ সংখ্যা আছিল 2,38,81,196 গৰাকী ৷ ইয়াৰ পিচত 2022 চনৰ 9 নৱেম্বৰৰ পৰা দাবী আৰু আপত্তি দাখিলৰ প্ৰক্ৰিয়া আৰম্ভ হয় ৷ এই প্ৰক্ৰিয়া 2022 চনৰ 8 ডিচেম্বৰলৈকে চলিছিল (Assam Electoral Roll 2023) ৷

কেৱল গুৱাহাটী মহানগৰীৰ চাৰিটা বিধান সভা সমষ্টিতে মুঠ ভোটাৰৰ সংখ্যা হ’ল 1,17,9467 গৰাকী ৷ ইয়াৰে 5,80,231 গৰাকী পুৰুষ আৰু 5,99,196 গৰাকী মহিলা ভোটাৰ আছে চাৰিওটা সমষ্টিত ৷

জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ত চুড়ান্ত ভোটাৰ তালিকা সম্বন্ধীয় সংবাদ মেলখনত উপস্থিত থাকে নিৰ্বাচনী বিষয়া গায়ত্ৰী পাতিৰ আৰু বিভিন্ন দলৰ ৰাজনৈতিক নেতা । সংবাদমেল খনত জোনাই সমষ্টিৰ চুড়ান্ত ভোটাৰ তালিকাত মুঠ ৩,২০,০২৩ গৰাকীৰ ভোটাৰৰ ভিতৰত মহিলা ভোটাৰৰ সংখ্যা ১,৫৭,৯৭৬ গৰাকী আৰু পুৰুষৰ সংখ্যা ১,৬২,০৪৭ গৰাকী বুলি জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে, এইবাৰ জোনাই সমষ্টিত মুঠ ৩৫২ টা ভোট কেন্দ্ৰত মুঠ ৩৭৭৬ গৰাকী নতুন ভোটাৰ অৰ্ন্তভূক্ত হোৱাৰ বিপৰীতে ২৯০ গৰাকী ভোটাৰ কৰ্তন কৰা হৈছে বুলি জানিবলৈ পৰা গৈছে ৷

ৰাজ্যৰ ভোটাৰসকলে ভোট সম্বন্ধীয় বিতং তথ্যৰ বাবে www.ceoassam.nic.in & www.nvsp ৱেৱছাইটত চাব পাৰিব বুলি শুকুৰবাৰে মুখ্য নিৰ্বাচনী বিষয়া নিতীন খাৰেই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : Assam electoral roll 2023: বিশ্বনাথ জিলাৰ দুই বিধানসভা সমষ্টিৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.