গৃহ সমষ্টি জোনাইত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিশেষ তৎপৰতা

author img

By

Published : Jan 2, 2022, 10:21 PM IST

education-minister-ranoj-pegus-activity-in-jonai

''এইখন চৰকাৰৰ দিনত ভূৱা ডিগ্ৰী আৰু নথিপত্ৰ দি কোনেও বাছি যাব নোৱাৰে, জনগোষ্ঠী, স্থানীয় ৰাইজে বিচাৰিলে মাতৃ ভাষা মাধ্যমত শিক্ষাদান দিবলৈ চৰকাৰ বদ্ধপৰিকৰ'' জোনাইত এই মন্তব্য শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ (Education minister Ranoj Pegu) ৷ সবিশেষ জানো আহক ৷

জোনাই ২ জানুৱাৰী : দেওবাৰে জোনাইত কেইবাটাও কাৰ্যসূচীলৈ পুৱাতে উপস্থিত হয় শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Education minister Ranoj Pegu) ৷ মহকুমাটোৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান জোনাই বালিকা মহাবিদ্যালয়ত উপস্থিত হৈ শিক্ষামন্ত্ৰীজনে মহাবিদ্যালয়টোত স্থাপন কৰা এখনি আধুনিক ভাৰ্চুৱেল ক্লাছ ৰূমৰ শুভাৰম্ভ কৰে ৷ আধুনিক ক্লাছ ৰুমটোৰ শুভাৰম্ভ কৰি শিক্ষামন্ত্ৰীজনে বৰ্তমান সময়ত এনে এখনি আধুনিক শ্ৰেণীকক্ষৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে ৷

ইয়াৰ পিছতে শিক্ষামন্ত্ৰীজনে জোনাইৰ বিশিষ্ট শিক্ষাবিদ ডিৰাম কুম্বাঙৰ এখনি প্ৰতিমূৰ্তি উন্মোচন কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ জোনাই চিৰকি নানৌ ৰাজহুৱা স্থানত জোনাই মহকুমটোৰ বিশিষ্ট শিক্ষাবিদ জনৰ প্ৰতিমূৰ্তি উন্মোচন কৰি কয় সমাজৰ বাবে অৱদান আগবঢ়াই যোৱা বিশিষ্ট লোকসকলৰ স্মৃতি যুগমীয়া কৰিবলৈ এনেদৰে প্ৰতিমূৰ্তি প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায় ৷ ইফালে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাৰ চিমেন চাপৰিস্থিত নামঘৰ উন্নীতকৰণ আঁচনিৰো আধাৰশিলা স্থাপন কৰে মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

গৃহ সমষ্টি জোনাইত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ বিশেষ তৎপৰতা

জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু, লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাৰ (MP Pradan Baruah) উপস্থিতিত অসম চৰকাৰৰ ২০২১-২০২২ বিত্তীয় বৰ্ষৰ বিধায়ক পুঁজিৰ ৯.১০ লাখ টকাৰ পুঁজি ধাৰ্যকৃত আঁচনিখনৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷ ইয়াৰোপৰি ২০২৩ চনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ জোনাই জিলা শাখাত অনুষ্ঠিত হ'বলগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯২ সংখ্যক প্ৰাদেশিক অধিৱেশনখনৰ প্ৰস্তুতিৰ কাম-কাজ সোমবাৰৰে পৰা আৰম্ভ কৰিব বুলি তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : অসমৰ ৪ হাজাৰ বৰ্গ কিলোমিটাৰ তৈলক্ষেত্ৰ নিলাম কৰিব দিল্লীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.