ECCE day observe at Jonai: জোনাইত প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱস উদযাপন

author img

By

Published : Jan 20, 2023, 8:22 AM IST

ECCE day observe at Jonai

বৃহস্পতিবাৰে চিমেন চাপৰিত শৈশৱকালীন শিশুৰ যত্ন আৰু শিক্ষা আঁচনি উদযাপন কৰা হয় (ECCE day observe at Jonai) ৷ য’ত চিমেন চাপৰি নতুন গাঁও অংগনবাদী কেন্দ্ৰৰ অংগনবাদী কৰ্মীসকলৰ লগতে কেবাগৰাকী স্থানীয় ৰাইজ আৰু সমাজকৰ্মী ৰত্নেশ্বৰ বৰা উপস্থিত থাকে ৷

জোনাই, 20 জানুৱাৰী : মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত চিমেন চাপৰি চক্ৰত বৃহস্পতিবাৰে আয়োজন কৰা হয় ই চি চি ই অৰ্থাৎ প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱস (Early Childhood Care and Education) । চিমেন চাপৰি নতুন গাঁও অংগনবাদী কেন্দ্ৰত অনুষ্ঠিত প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱসৰ লগত সংগতি ৰাখি পুৱা প্ৰায় ৭ বজাত স্বচ্ছতা অভিযানৰ কাৰ্যসূচী আয়োজন কৰা হয় ৷ য’ত সংহত শিশু উন্নয়ন প্ৰকল্পৰ কেবাগৰাকী কৰ্মী আৰু সহায়িকাসকলে অংশ লয় ৷

তাৰ পাচতে উক্ত অনুষ্ঠানৰ ফিটা কাটি দ্বাৰ উদ্বোধন কৰে মূৰ্কংচেলেক সংহত শিশু উন্নয়ন প্ৰকল্পৰ অন্তৰ্গত চিমেন চাপৰি চক্ৰৰ মুখ্য সেৱিকা নমিতা দাসে ৷ লগতে তেওঁ শিশুকালীন শিক্ষাৰ উপলক্ষ্যত আয়োজিত দিৱসৰ তাৎপৰ্যৰ ওপৰত সাৰুৱা বক্তব্য দাঙি ধৰে (Early Childhood Care and Education day observe at Jonai) ।

উল্লেখ্য যে, প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱসৰ উক্ত অনুষ্ঠানৰ আঁত ধৰে চিমেন নতুন গাঁও অংগনবাদী কেন্দ্ৰৰ কৰ্মী পদ্মাৱতী পাইত চেতিয়াই ৷ এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে স্থানীয় সমাজকৰ্মী ৰত্নেশ্বৰ বৰা ৷ অতিথি ৰত্নেশ্বৰ বৰাই দেশৰ ভৱিষ্যত প্ৰজন্মৰ শিশুসকলক সঠিক বাট দেখুৱাই আগুৱাই নিবলৈ অংগনবাদী অনুষ্ঠানৰ কৰ্মী, সহায়িকা দুৰ্মূল্য অৱদানৰ বিষয়ে আলোকপাত কৰে ৷

লগতে পঢ়ক : Speech Competition: উত্তম বক্তা গঢ়াৰ প্ৰয়াসেৰে বিজেপি সংখ্যালঘু মৰ্চাৰ বক্তৃতা প্ৰতিযোগিতা

লগতে থলুৱা আৰু পৰম্পৰাগত ৰীতি-নীতিসমূহৰ ওপৰতো ইতিবাচক বক্তৃতা প্ৰদান কৰে সমাজকৰ্মী ৰত্নেশ্বৰ বৰাই । এই অনুষ্ঠানতে মাঘ বিহুৰ অবিচ্ছেদ্য অংগ হিচাবে বিবেচিত মেজি আৰু ভেলাঘৰৰ লগতে বিভিন্ন পিঠা পনাৰ তৈয়াৰীৰ শৈলী আৰু পৰম্পৰাগত খাদ্য আদিও কণ কণ শিশুসকলক প্ৰদৰ্শন কৰা হয় ।

উল্লেখ্য যে, উক্ত অনুষ্ঠানত সমাজ কল্যাণ বিভাগৰ অংগনবাদী কৰ্মী লখিমী বড়ি শইকীয়া, জোনমণি হাতীমূৰীয়া, মঞ্জু বসুমতাৰী, পূণ্য দাস, খুংগ্ৰী নাৰ্জাৰী উপস্থিত থাকে ৷ এওঁলোকৰ লগতে সহায়িকা ৰঞ্জনা বৰদলৈ, ৰেণুৱালা বসুমতাৰী, ৰিজুমণি বৰা, জ্যোতি গগৈ প্ৰমুখ্যে অভিভাৱক আৰু কেবাগদৰাকীও ৰাইজে প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা দিৱসৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰে (ECCE day programe at Jonai)।

লগতে পঢ়ক : Senior journalist passes away: গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক কৌস্তভমণি হাজৰিকাৰ শেষ নিশ্বাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.