ধেমাজি এনকাউন্টাৰ : আৰক্ষী অধীক্ষকে বিবৰি ক’লে ঘটনাৰ সবিশেষ

author img

By

Published : Sep 5, 2021, 10:00 PM IST

rintu sharma encounter

আৰক্ষী জিম্মাৰ পৰা পলায়ন কৰি গুলিবিদ্ধ হ’ল নন্দিতা শইকীয়াৰ হত্যাকাৰী ৰিন্টু শইকীয়া ৷ অহা ১৫ দিনৰ ভিতৰত ধেমাজি আৰক্ষীয়ে চাৰ্জশ্বিট দিব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৷

ধেমাজি, 5 ছেপ্টেম্বৰ : ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ মেধাৱী ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাৰী একেখন মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰিন্টু শৰ্মাক শনিবাৰে মাজনিশা ধেমাজি আৰক্ষীয়ে ভৰিত গুলীয়াই আহত কৰে ৷ আৰক্ষীৰ সূত্ৰই জনোৱা মতে, ধেমাজি আৰক্ষীয়ে দুদিনৰ বাবে হত্যাকাৰী ৰিন্টু শৰ্মাক ঘটনাটোৰ বিশেষ তদন্তৰ বাবে নিজৰ জিম্মাত দুদিনৰ বাবে লয় ৷ শনিবাৰে মাজনিশা ৰিন্টু শৰ্মাক শাৰীৰিক স্বাস্থ্য পৰীক্ষা কৰোৱাৰ বাবে ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি থকাৰ অৱস্থাত অসামৰিক চিকিৎসালয় পথৰ কোনো এক অংশত হঠাতে হত্যাকাৰীজন পলাবলৈ চেষ্টা কৰে ৷

ধেমাজি এনকাউন্টাৰ : আৰক্ষী অধীক্ষকে বিবৰি ক’লে ঘটনাৰ সবিশেষ

আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ পিচত পলায়নৰ চেষ্টা কৰোতে আৰক্ষীয়ে বাওঁ ভৰিত গুলীয়াই গুলীবিদ্ধ কৰে অভিযুক্তজনক ৷ পিছত আহত অৱস্থাতে ৰিন্টু শৰ্মাক ধেমাজি অসামৰিক চিকিৎসালয়লৈ নি প্ৰাথমিক চিকিৎসা কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে নিশাই অসম চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় ৷ ঘাতক ৰিন্টু শৰ্মাৰ এইদৰে পলায়নৰ ঘটনাই ধেমাজিত সৃষ্টি কৰিছে ব্যাপক চাঞ্চল্যৰ ৷

উল্লেখযোগ্য যে, যোৱা ২১ আগষ্টত ধেমাজি চহৰত দিন দুপৰতে মৰিঢল মহাবিদ্যালয় দুই ছাত্ৰী নন্দিতা শইকীয়া আৰু কাশ্মিনা দত্তক এখন দাৰে উপৰ্যুপৰি ঘপিয়াই গুৰুতৰভাৱে আহত কৰিছিল ৰিন্টুৱে ৷ ইয়াৰে নন্দিতা শইকীয়াক মুৰ্মূৰ্ষু অৱস্থাত ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ নি উন্নত চিকিৎসা প্ৰদান কৰা হয় যদিও অৱশেষত মৃত্যুৰ সৈতে যুঁজি যুঁজি নন্দিতা শইকীয়াই ২৫ আগষ্টত চিৰদিনলৈ চকু মুদে ৷

ইপিনে অসম চৰকাৰে তাৎক্ষণিকভাৱে ফাষ্ট ট্ৰেক আদালত বহুৱাই অসম জোকাৰি যোৱা এই হত্যাকাণ্ডৰ উপযুক্ত বিচাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ শনিবাৰে নিশা হত্যাকাৰী ৰিন্টু শৰ্মা গুলীবিদ্ধ হোৱাৰ সন্দৰ্ভত দেওবৰে ধেমাজি আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাই এক সংবাদ মেল অনুষ্ঠিত কৰি ঘটনাৰ সবিশেষ ব্যখ্যা কৰে ৷ অহা ১৫ দিনৰ ভিতৰত ধেমাজি আৰক্ষীয়ে চাৰ্জশ্বিট দিব নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৷ আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া অন্তিম পৰ্যায়ত থকা বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়াত লাভ কৰিছে ৰাইজৰ ব্যাপক সঁহাৰি ৷

লগতে পঢ়ক : তিনি শতাধিক যুৱক ISIS ত প্ৰশিক্ষণ লৈ হৈছে সাজু অসমত সোমাবলৈ : হিন্দু যুৱ ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.