Dhemaji Civil Hospital: পৰ্যাপ্ত চিকিৎসক অবিহনেই চলিছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়

author img

By

Published : May 25, 2023, 5:22 PM IST

Dhemaji Civil Hospital

বিভিন্ন সমস্যাৰে ভৰপূৰ হৈ আছে ধেমাজি জিলা অসামৰিক চিকিৎসালয় ৷ চিকিৎসালয়খনত নাই অৰ্থোপেডিক চিকিৎসক আৰু মনোৰোগ বিশেষজ্ঞ ৷ আনহাতে এজাক বৰষুণতে জলমগ্ন হৈ পৰে চিকিৎসালয়খনৰ চৌহদ (Dhemaji Civil Hospital) ৷

পৰ্যাপ্ত চিকিৎসক অবিহনেই চলিছে ধেমাজি জিলা অসামৰিক চিকিৎসালয়

ধেমাজি, 21 মে’: ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ব্যাপক উন্নয়ন সাধন হোৱা বুলি দাবী কৰি আহিছে চৰকাৰে ৷ আনহাতে শেহতীয়াকৈ ৰাজ্যত নতুনকৈ কেইবাখনো চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছে ৷ সমান্তৰালভাৱে স্বাস্থ্যখণ্ডতো ব্যাপক হাৰত নিযুক্তি প্ৰদান কৰা হৈছে (Development of Assam health sector) ৷

কিন্তু ধেমাজি জিলা অসামৰিক চিকিৎসালয়ে উদঙাই দিছে চিকিৎসাখণ্ডৰ উন্নয়নৰ প্ৰকৃত ছবিখন ৷ কাৰণ ধেমাজি অসামৰিক চিকিৎসালয়ত ৰোগীৰ বাবে আটাইতকৈ প্ৰয়োজনীয় অৰ্থোপেডিক আৰু মনোৰোগ বিষেজ্ঞৰ অভাৱ ৷ উল্লেখ্য যে চিকিৎসালয়খনত বিভিন্ন বিভাগত 28গৰাকী চিকিৎসক থকাৰ বিপৰীতে আছে 125গৰাকী নাৰ্চ ৷ কিন্তু অৰ্থোপেডিক আৰু মনোৰোগ বিষেজ্ঞৰ অভাৱৰ বাবে সমস্যাৰ সন্মুখীন হ’ব লগা হয় ৰোগীসকল (Dhemaji Civil Hospital) ৷

ইফালে, চিকিৎসালয়খনত ফাৰ্মাচিষ্ট আছে 5গৰাকী আৰু লেব’ৰেটৰী টেকনিচিয়ান আছে 14গৰাকী ৷ কিন্তু বিভাগে বিভাগে চিকিৎসক নাৰ্চ থকাৰ পাচতো কৰ্তব্যত গাফিলতা কৰাৰ অভিযোগ সময়ে সময়ে উত্থাপন হৈ আহিছে ৷ কেৱল দৰমহাৰ স্বাৰ্থতহে চিকিৎসালয়ত চিকিৎসক কিম্বা নাৰ্চ উপস্থিত থাকে বুলিও একাংশই উত্থাপন কৰি আহিছে অভিযোগ (Anomalies in Dhemaji Civil Hospital) ৷

মন কৰিবলগীয়া যে চিকিৎসালয়খনলৈ চৰকাৰী ঔষধ গাড়ীয়ে গাড়ীয়ে যোগান ধৰা হয় যদিও চিকিৎসালয়খনৰ একাংশ সাধাৰণ ৰোগীয়ে কিনিবলগীয়া হয় বাহিৰৰ পৰা ঔষধ ,বেজী ৷ এইক্ষেত্ৰত খোদ চিকিৎসালয়ৰ অধীক্ষকগৰাকীয়ে অৱগত কৰা মতে আয়ুস্মান কাৰ্ডৰ (Ayushman Bharat card) হিতাধিকাৰীসকলেহে চৰকাৰী ঔষধৰ সকলো সুবিধা লাভ কৰাৰ বিপৰীতে কাৰ্ডবিহীন লোকে কিছু ঔষধ কিনিবলগীয়া হ’ব পাৰে বাহিৰৰ পৰা ৷

আনহাতে চিকিৎসালয়ৰ চৌহদতে নিৰ্মীয়মান হৈ থকা 20খন বিচনাযুক্ত ক’ভিড কেয়াৰ তথা ICU কক্ষত অক্সিজেন সংযোগ স্থাপন কৰিছে যদিও আজিকোপতি ৰোগীৰ বাবে মুকলি কৰা নাই ৷ উল্লেখ্য যে চিকিৎসালয়খনত পৰ্যাপ্ত নলা-নৰ্দমাৰ অভাৱত বাৰিষা এজাক বৰষুণতে ডুব যায় চিকিৎসালয়ৰ চৌহদ ৷ কিন্তু এইবোৰলৈ যেন তিলমানো গুৰুত্ব নাই ৰাজ্যৰ বিয়াগোম স্বাস্থ্য বিভাগৰ ৷ খোদ চিকিৎসালয়ৰ কৰ্তপক্ষই এনেবোৰ সমস্যাৰ কথা উদঙাই সমাধানৰ বাবে সকলোৱে পৰা বিচাৰিলে সহযোগিতা ৷

লগতে পঢ়ক: Health department news: GMCH ত হাই ফিডেলিটী ছিমুলেচন স্কিল লেব মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.