PMGAY scheme scam : জোনাইৰ চমকং পঞ্চায়তত PMGAY ৰূপায়ণৰ নামত দুৰ্নীতি

author img

By

Published : Aug 5, 2022, 2:15 PM IST

PMGAY scheme scam

জোনাইৰ চমকং পঞ্চায়তত ৰাইজৰ প্ৰতিবাদ (Protest by beneficiaries worthy of PMGAY)। প্রধানমন্ত্ৰীৰ গ্ৰামীণ আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰীৰ অভিযোগ ৰাইজৰ । যোগ্য হিতাধিকাৰী বঞ্চিত হোৱাৰ অভিযোগ তুলি পঞ্চায়ত ঘেৰাও ৰাইজৰ ।

জোনাই, ৫ আগষ্ট : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰধানমন্ত্ৰীৰ গ্ৰামীণ আৱাস যোজনাৰ নামত ব্যাপক কেলেংকাৰী হোৱাৰ তথ্য পোহৰলৈ আহিছে (Corruption in PMGAY scheme)। বিভিন্ন স্থানত এই আঁচনিৰ হিতাধিকাৰীৰ নাম প্ৰস্তুত কৰাৰ নামত বিসংগতিৰ অভিযোগ উঠিছে । ধেমাজি জিলাৰ জোনাইতো এইবাৰ একাংশ যোগ্য হিতাধিকাৰীৰ বঞ্চিত হোৱাৰ অভিযোগ উঠিছে । অভিযোগ অনুসৰি জোনাইৰ মুৰ্কংচেলেক খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত কেইবাটাও পঞ্চায়তত MGNREGAকে ধৰি প্ৰধানমন্ত্ৰীৰ গ্ৰামীণ আৱাস যোজনা ৰূপায়ণৰ নামত সংঘটিত হৈছে বিয়োগোম দুর্নীতি-অনিয়ম ।

যাৰ বাবে চমকং পঞ্চায়তৰ অন্তৰ্গত ১ নং আৰু ২ নং ৱাৰ্ডত প্রধানমন্ত্ৰীৰ গ্ৰামীণ আৱাস যোজনাৰ হিতাধিকাৰী বাছনিত অনিয়ম হোৱাৰ অভিযোগ তুলি প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজে (Corruption in PMGAY scheme at Jonai )। দৰিদ্ৰ লোকৰ বিপৰীতে এই আঁচনিত ধনী লোকৰ নামহে অন্তৰ্ভুক্ত হোৱাৰ অভিযোগ কৰিছে গাঁওবাসীয়ে । ক্ষোভিত ৰাইজে বৃহস্পতিবাৰে ঘেৰাও কৰে চমকং গাঁও পঞ্চায়তৰ কাৰ্যালয় (Protest by beneficiaries worthy of PMGAY)।

জোনাইৰ চমকং পঞ্চায়তত PMGAY ৰূপায়ণৰ নামত দুৰ্নীতি

জানিব পৰামতে ২০১৯-২০ বৰ্ষতে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা দুখীয়া পৰিয়ালসমূহক PMGAY গৃহ দিয়াৰ নামত জীঅ' টেগ কৰি দুখীয়া ৰাইজৰ পৰা ১০০ টকাৰ পৰা ৫০০ টকা পর্যন্ত ধন সংগ্ৰহ কৰিছে পঞ্চায়তৰ কৰ্মীসকলে । কিন্তু শেহতীয়াকৈ প্ৰকাশ পোৱা PMGAYৰ হিতাধিকৰীৰ তালিকাত দৰিদ্ৰ সীমা ৰেখাৰ তলৰ বিপৰীতে APL অর্থাৎ পকীঘৰ, চাৰিচকীয়া বাহন থকা কিম্বা প্রতিষ্ঠিত ব্যৱসায়ী আৰু ৩-৪ বাৰকৈ ঘৰ পোৱা পৰিয়ালৰ নামহে অন্তর্ভুক্ত থকাত জাঙুৰ খাই উঠিছে দৰিদ্ৰ তথা বঞ্চিত ৰাইজ ।

অভিযোগ মতে দৰিদ্র সীমা ৰেখাৰ তলৰ পৰিয়ালৰ বিপৰীতে ধনী পৰিয়ালৰ নাম PMGAY তালিকাত অন্তৰ্ভুক্ত কৰা ক্ষেত্ৰত পঞ্চায়তটোৰ সভাপতি, ৱাৰ্ড সদস্য তথা একাংশ পঞ্চায়ত কৰ্মচাৰী জড়িত আছে । ইফালে চমকং পঞ্চায়তটোত PMGAY বাছনিৰ ক্ষেত্ৰত দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালৰ বিপৰীতে ধনী পৰিয়ালৰ নাম অন্তর্ভুক্ত কৰি সংঘটিত কৰা অনিয়মৰ বিৰুদ্ধে অসমৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মা তথা বিভাগীয় কর্তৃপক্ষই উচিত তদন্ত কৰি দুর্নীতিত লিপ্ত পঞ্চায়ত কৰ্মচাৰী তথা পঞ্চায়ত প্ৰতিনিধি সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ভুক্তভোগী ৰাইজে ।

লগতে পঢ়ক :New Education System of Assam Govt: ডিব্ৰুগড়ত ৰাইজৰ দলৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.