ETV Bharat / state

Corruption in Jal Jeevan Mission: জোনাইত জল জীৱন মিছনত দুৰ্নীতি

জোনাইত জল জীৱন মিছনৰ নামত প্ৰহসন । বিয়াগোম দুৰ্নীতি আৰু অনিয়মত পোত গৈছে জলজীৱন মিছন আঁচনি । নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছতো পানী যোগান লাভ নকৰিলে ৰাইজে ।

Corruption in Jal Jeevan Mission in Jonai
জোনাইত জল জীৱন মিছনত দুৰ্নীতি

Published : August 1, 2023 at 10:37 PM IST

Choose ETV Bharat
জোনাইত জল জীৱন মিছনত দুৰ্নীতি

জোনাই,১ আগষ্ট: জলজীৱন মিছনৰ নামত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে ব্যাপক অনিয়ম । একাংশ ঠিকাদাৰৰ ময়মতালিৰ বাবেই প্ৰহসনত পৰিণত হৈছে জল জীৱন মিছন । জোনাইত ইটোৰ পিছত সিটো জল জীৱন মিছন আঁচনি নিৰ্মাণৰ নামত সংঘটিত হৈছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম ।

বিশেষকৈ জোনাইৰ উজনি ৰতনপুৰ গাঁৱ আৰু নামনি ৰতনপুৰ গাঁৱৰ জলজীৱন মিছন আঁচনি দুখনৰ নিৰ্মাণত দেখিবলৈ পোৱা গৈছে বিয়াগোম দুৰ্নীতি আৰু অনিয়ম আৰু বিসংগতি। প্ৰায় এবছৰ পূৰ্বে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা আঁচনি দুখনৰ কাম সম্পূৰ্ণ নহ'ল আজি পৰ্যন্ত । যাৰ ফলত আঁচনি দুখনত ব্যৱহাৰ কৰা সামগ্ৰীবোৰ এফালৰ পৰা ভাঙি যোৱাৰ লগতে সিচঁৰিত হৈ পৰিছে বিভিন্ন ঠাইত ।

ইফালে গাঁওবাসী ৰাইজে এটোপাল বিশুদ্ধ খোৱা পানীৰ নামত সেৱন কৰিবলগীয়া হৈছে নদী অথবা কুঁৱাৰ পানী । কিন্তু একেটা সময়তে নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা প্ৰায়ভাগ আঁচনিয়ে ইতিমধ্যে ৰাইজক যোগান ধৰিছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা । প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ হৰ ঘৰ, নল চে জল শ্লো'গানক বুঢ়া আঙুলি দেখুৱাই আঁচনি দুখনৰ ঠিকাদাৰজনে এই বিয়াগোম দুৰ্নীতি অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপন কৰে গাঁওবাসী ৰাইজে ।

বহুবাৰ এই ক্ষেত্ৰত গাঁও দুখনৰ ৰাইজে ঠিকাদাৰজনৰ লগতে বিভাগীয় কৰ্তৃপক্ষক অভিযোগ দিছে যদিও নীৰৱ ভূমিকা পালন কৰাৰ অভিযোগ আঁচনি দুখনৰ ঠিকাদাৰ তথা জোনাই জনস্বাস্থ্য কাৰিকৰী বিভাগ তথা চৰকাৰৰ বিৰুদ্ধে ৷ ইয়াৰ উপৰিও আঁচনি দুখনৰ ঠিকাদাৰজনে বিদ্যুতৰ ধন পৰিশোধ কৰিব নোৱাৰাৰ অভিযোগত আঁচনি দুখনত ব্যৱহাৰ কৰা বিদ্যুতৰ ট্ৰান্সফৰ্মাৰো উঠাই লৈ যোৱাৰো অভিযোগ তুলিছে গাঁৱবাসী ৰাইজে ।

গতিকে মঙলবাৰে সংবাদ মাধ্যমৰ যোগেদি অতি শীঘ্ৰে উচ্চ পৰ্যায়ৰ তদন্ত কৰি আঁচনি দুখনৰ ঠিকাদাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী তুলিছে ৰাইজে ।

লগতে পঢ়ক: Dog terror: বঙাইগাঁৱত কুকুৰৰ উপদ্ৰৱ, 10 জনকৈ লোকক কামুৰি আহত