জোনাইত পাঁচ মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশনৰ সামৰণি

author img

By

Published : Dec 28, 2021, 9:43 AM IST

closing-ceremony-of-general-meeting-of-five-miching-organization-held-in-jonai

সফল সামৰণি পৰিল জোনাইত অনুষ্ঠিত পাঁচ মিচিং জাতীয় সংগঠনৰ যৌথ অধিৱেশন (General meeting of five miching organization) ৷ অধিৱেশনত অংশগ্ৰহণ কৰিলে মুঠ 1,397 গৰাকী প্ৰতিনিধিয়ে ৷

জোনাই, 28 ডিচেম্বৰ : 25-26 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাইত অনুষ্ঠিত হৈছিল পাঁচ জাতীয় মিচিং সংগঠনৰ অধিৱেশন (General meeting of five miching organization) ৷ সোমবাৰে এই অধিৱেশনৰ সফল সামৰণি পৰে ৷ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হৈছিল এই সাধাৰণ অধিৱেশন ৷

এই অধিৱেশনখনত মুঠ 1,397 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে । পাঁচটাকৈ জাতীয় সংগঠনৰ জোনাই জিলা সমিতিৰ অন্তৰ্গত ষোল্লখন আঞ্চলিক সমিতিৰ পৰা দহজনকৈ প্ৰতিনিধি, সংগঠনৰ পঞ্জীয়নভুক্ত 177 খন গাঁৱৰ পৰা এজনকৈ প্ৰতিনিধি, জোনাই মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ গোটৰ পৰা দুজন প্ৰতিনিধি, জিলা বিষয়ববীয়া, সদস্য, কেন্দ্ৰীয় প্ৰতিনিধিৰ লগতে সংগঠনৰ প্ৰাক্তন সতীর্থ উপস্থিত থকা এই অনুষ্ঠানত প্ৰথম দিনৰ কাৰ্যসূচীমতে পুৱা 10.30 বজাত প্ৰতিনিধি সভাকক্ষৰ দ্বাৰা মুকলি কৰা হয় ৷

ইয়াৰ পাছতেই 10.40 বজাত প্ৰার্থনা সভা আৰু 11 বজাত প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হয় ৷ দ্বিতীয় দিনা পুৱা পাঁচটা জাতীয় সংগঠনৰ পতাকা উত্তোলন আৰু ছহিদ তৰ্পণেৰে কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । ইয়াৰ পাছতে 10.30 বজাত 'অসমৰ জনজাতিসকলৰ ভূমিৰ অধিকাৰ' শীর্ষক আলোচনা চক্ৰৰ আয়োজন কৰা হয় ৷ এই আলোচনা চক্ৰত সদৌ অসম ট্ৰাইবেল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে ।

অধিৱেশনত বিভিন্ন বিষয়ক লৈ আন কেইবাখনো আলোচনাচক্ৰ অনুষ্ঠিত কৰা হয় ৷ ‘মিচিংসকলৰ সামাজিক সংস্কাৰ' শীর্ষক আলোচনা চক্ৰত মিচিং বানে কেবাঙৰ সাধাৰণ সম্পাদক তথা মিচিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদক, ‘মিচিংসকলৰ গ্ৰাম্য অৰ্থনীতি' শীর্ষক আলোচনা চক্ৰত জোনাই সমষ্টিৰ বিধায়ক তথা টি এম পি কে প্ৰাক্তন সভাপতি ভুৱন পেগুৱে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে । অধিৱেশনৰ প্ৰতিনিধি সভাতে জোনাই জিলাৰ পাঁচ মিচিং জাতীয় সংগঠনৰ পুৰণি সমিতি ভংগ কৰি নতুন সমিতি গঠন কৰা হয় ৷

উল্লেখ্য, অধিৱেশনৰ প্ৰতিনিধি সভাত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰাৰ লগতে আৰু পৰিস্থিতি তন্ত্ৰৰ পুনৰুদ্ধাৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ আলোচনা কৰা হয় । লগতে বন অধিকাৰ আইনৰ বিধি অনুসৰি ২০০৫ চনৰ ১৩ ডিচেম্বৰৰ পূৰ্বৰে পৰা বনাঞ্চলত সহবাস কৰা জনজাতি তথা পৰম্পৰাগত বনবাসী লোকসকলক অতি শীঘ্ৰে ভূমি অধিকাৰ প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনোৱা হয় ৷

এনেদৰে বিভিন্ন বাৰে ৰহণীয়া কাৰ্যসূচীৰে উক্ত যৌথ অধিৱেশনখনৰ সফল সামৰণি পৰে ৷

লগতে পঢ়ক : মিচিং জনগোষ্ঠীয় বিগ বাজেট ছবি ‘Makkorang’ৰ শুভ মহুৰত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.