Childrens park open in Jonai: শিশুৰ আত্ম প্ৰকাশৰ উদ্দেশ্যে জোনাইৰ জীয়ৰীৰ প্ৰচেষ্টাত মুকলি শিশু উদ্যান

author img

By

Published : Jan 24, 2023, 12:13 PM IST

Childrens park inaugurated in Adi Leku village of Jonai

জোনাইৰ শিশুসকলৰ বাবে এটা ভাল খবৰ ৷ শিশুৰ আত্ম-প্ৰকাশৰ আৰু সুস্থ-সবল বিকাশৰ বাবে অসম অৰুণাচল সীমান্ত অঞ্চল জোনাইৰ আদি লেকু গাঁৱত সোমবাৰে উদ্বোধন কৰা হয় SND নামৰ এখন শিশু উদ্যান (Childrens Park in Jonai) ।

জোনাইত মুকলি শিশু উদ্যান

জোনাই, ২৪ জানুৱাৰী: অসম অৰুণাচলৰ সীমান্ত অঞ্চল জোনাইৰ আদি লেকু গাঁৱত সোমবাৰে মুকলি কৰা হয় এখনি শিশু উদ্যান (Childrens park inaugurated in Jonai) ৷ এই উদ্যানখনৰ শুভ উদ্বোধন কৰে জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে । উল্লেখ্য যে অসম অৰুণাচলৰ সীমান্ত অঞ্চল জোনাইৰ আদি লেকু গাঁৱৰ লগতে দাঁতি-কাষৰীয়া অঞ্চলসমূহৰ শিশুসকলে খেলা-ধূলা কৰিবৰ বাবে নাছিল কোনো এখন শিশু উদ্যান (Childrens park in Jonai) ৷

এনে পৰিপেক্ষিতত কণ কণ শিশুসকলে খেলা-ধূলাৰ জৰিয়তে তেওঁলোকৰ মানসিক আৰু শাৰীৰিক বিকাশ সাধনৰ উদ্দেশ্যে জোনাইৰ এগৰাকী জীয়ৰী পৰিণীতা দলেয়ে হাতত ল’লে এক প্ৰশংসনীয় পদক্ষেপ (Adi Leku village of Jonai) ৷ পৰিণীতা দলেৰ সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত লেকু গাঁৱত মুকলি কৰা হয় এখনি শিশু উদ্যান ৷ উদ্যানখন SND নামেৰে নামকৰণ কৰাৰ (SND park in Jonai) লগতে সোমবাৰে আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে (Childrens park open at Adi Leku village)।

এই উদ্যানখনত শিশুসকলৰ খেলা-ধূলাৰ বাবে বিভিন্ন সা-সুবিধাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে পাৰ্কখনৰ স্বত্বাধিকাৰী পৰিণীতা দলেয়ে । উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে জোনাই মহকুমাৰ মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, অৱসৰপ্ৰাপ্ত IPS বিষয়া নবিন পায়েং, স্বাস্থ্য বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক জীৱন দলে, আদি লেকু গাঁৱৰ গাঁও প্ৰধান জ্ঞানসিং দলে, লেকু জেলম গাঁৱৰ গাঁও প্ৰধান দিলেশ্বৰ দলে, TMPK জিলা সমিতি সদস্য জীৱন পাতিৰ, অধিবক্তা ৰাজ কুমাৰ পায়েঙৰ লগতে অসম অৰুণাচল সীমান্ত অঞ্চলৰ বিভিন্ন বিষয়ববীয়া আৰু গঞা ৰাইজ ।

পূৰ্বে অধিকাংশ পিতৃ মাতৃৰ ধাৰণা আছিল, ল’ৰা-ছোৱালীয়ে খেল-ধেমালি কৰা মানে অবাবত সময় নষ্ট কৰা । খেল-ধেমালিৰ পৰিৱৰ্তে ল’ৰা-ছোৱালীক স্কুলৰ শিক্ষকৰ অধীনত এক বান্ধোনৰ মাজত ৰাখি শিক্ষা দিব লাগে । বৰ্তমান এই ধাৰণাৰ পৰিৱৰ্তন ঘটাই শিক্ষক-অভিভাৱক আৰু সমাজৰ সকলো লোকেই শিশুৰ মুক্ত আত্ম-প্ৰকাশ আৰু এক সুস্থ-সবল বিকাশৰ বাবে খেল-ধেমালিৰ কিমান গুৰুত্ব সেয়া এতিয়া বহলভাৱে অনুভৱ কৰি উঠিছে (Outdoor play for children in Jonai) ।

খেল ধেমালি হৈছে শিশুৰ এক স্বাভাৱিক প্ৰবৃত্তি ৷ য’ত বিকাশৰ সকলো শক্তি-সম্ভাৱনীয়তা নিহিত হৈ থাকে (Parks help children socialise) । শিক্ষাৰ আধুনিক দৃষ্টিকোণৰ পৰা খেলাক শিশুৰ আত্ম-প্ৰকাশৰ ভাষা আৰু বিকাশৰ সুস্থ-সবল পথ বুলি কোৱা হয় । সূৰ্যৰ পোহৰ আৰু মুক্ত বতাহ এটি শিশুৰ বিকাশৰ বাবে খাদ্যৰ সমানেই প্ৰয়োজন । ইয়াৰ শৈক্ষিক তাৎপৰ্য হৈছে এয়ে যে, খেলাৰ যোগেদিয়ে শিশুৱে চিন্তাজগত আৰু ক্ৰিয়াজগতত প্ৰৱেশ কৰিব পাৰে আৰু যিকোনো জটিল পৰিস্থিতিত নিজকে সুস্থভাৱে সমাযোজন কৰি লব পাৰে ।

লগতে পঢ়ক: Republic Day Parade Rehearsal 2023: দিল্লীৰ ৰাজপথত ৭৪ তম গণৰাজ্য দিৱসৰ পেৰেডৰ অন্তিম অনুশীলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.