Bathou Puja in Dhemaji : চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত বাথৌ পূজা পালন

author img

By

Published : Jan 24, 2023, 10:10 PM IST

Bathou Puja

পূজা, প্ৰাৰ্থনা অনুষ্ঠানেৰে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত বাথৌ দিৱস পালন (Bathou puja celebrated in Dhemaji) । মধ্য জোনাই আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত বগৰীগুৰিস্থিত মধ্য জোনাই আঞ্চলিক বাথৌ মন্দিৰত বিস্তৃত কাৰ্যসূচীৰে বাথৌ দিৱস পালন কৰা হয় ।

চিমেন চাপৰিত বাথৌ পূজা উদযাপন

জোনাই, ২৪ জানুৱাৰী : অনাদিকালৰে পৰা বাথৌ ধৰ্মীয় লোকসকলে প্ৰতিবছৰে মাঘ মাহৰ দ্বিতীয় মঙলবাৰ দিনটোত পবিত্ৰ বাথৌ দিৱস (গৌথাৰ বাথৌ চান) পালন কৰি আহিছে (Bathou puja celebrated in Dhemaji) । সেই অনুসৰি আন প্ৰান্তৰ লগতে আজি ধেমাজি জিলাৰ চিমেন চাপৰিৰ বিভিন্ন অঞ্চলৰ বাথৌ ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ বাথৌ দিৱস পালন কৰিছে (Bathou day observed by bodo tribes) । মধ্য জোনাই আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত বগৰীগুৰিস্থিত মধ্য জোনাই আঞ্চলিক বাথৌ মন্দিৰত বিস্তৃত কাৰ্যসূচীৰে বাথৌ দিৱস পালন কৰা হয় (Bathou puja in Simen Capori Dhemaji) ।

পুৱা ৫.৩০ বজাত পুৰোহিত নৰেশ্বৰ ৰামচিয়াৰীয়ে বাথৌ মন্দিৰৰ শুদ্ধিকৰণ কৰা পাছত পুৱা ৭ বজাত ধৰ্মধ্বজ্জা উত্তোলন কৰে মধ্য জোনাই আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি গোবিন্দ মহিলাৰীয়ে । পুৱা ৮ বজাৰ পৰা মধ্য জোনাই আঞ্চলিক বাথৌ সমিতিৰ প্ৰচাৰ সম্পাদক অৰুণ স্বৰ্গীয়াৰীৰ নেতৃত্বত আৰম্ভ হয় বাথৌ আৰ'জ (প্ৰাৰ্থনা) । ইয়াৰ পাছতে গোবিন্দ মহিলাৰীৰ সভাপতিত্ত্বত অনুষ্ঠিত ধৰ্মালোচনা সভাত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি ডেকাপাম মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক প্ৰবীণ বসুমতাৰীয়ে কয়, "অনাদিকালৰ পৰাই বড়োসকলৰ বাথৌ ধৰ্মীয় লোকসকলে স্বকীয় পৰম্পৰা অনুসৰি বাথৌ পূজা পালন কৰি আহিছে ।

এই পূৰাতনীয় বাথৌ পূজা মাঘ মাহৰ দ্বিতীয় মঙলবাৰৰ দিনা মাঙ্গলিক কাৰ্যসূচীৰে পালন কৰি অহা হৈছে ।" অনুষ্ঠানত মধ্য জোনাই আঞ্চলিক বাথৌ মহাসভাৰ উপদেষ্টা ধনীৰাম স্বৰ্গীয়াৰী, ইউবিপিঅ'ৰ ধেমাজি জিলা সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক সোমনাথ মহিলাৰী প্ৰমুখ্যে বহুসংখ্যক বাথৌ ধৰ্মীয় বিষয়ববীয়া উপস্থিত থাকে । ইপিনে ২ নং উলুৱনি গাঁৱৰ বাথৌ মন্দিৰত পবিত্র বাথৌ দিৱস পালন কৰা হয় । এই উপলক্ষে পুৱা ৫.৩০ বজাত পুৰোহিত বাবুল বসুমতাৰীৰ নেতৃত্বত বাথৌ মন্দিৰৰ (বাথৌ থানসালি) শুদ্ধিকৰণ কৰাৰ পাছত ধৰ্মধ্বজ্জা উত্তোলন কৰে ২ নং উলুৱনি গাঁৱৰ সভাপতি চেচেন দৈমাৰীয়ে ।

পুৱা ৮ বজাৰ পৰা আৰম্ভ হোৱা বাথৌ আৰ'জ অনুষ্ঠানৰ শুভাৰম্ভ কৰে মধ্য জোনাই আঞ্চলিক বাথৌ মহাসভাৰ উপদেষ্টা সুভাষ বসুমতাৰীয়ে । অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদৰ সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰী, এবছুৰ মধ্য জোনাই আঞ্চলিক সমিতিৰ উপ-সভাপতি দীন বড়ো, শিক্ষা সম্পাদক সৌমখৌৰ বড়ো উপস্থিত থাকে । জোনাই আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত জোনাই আঞ্চলিক বাথৌ মন্দিৰত পালন কৰা হয় পবিত্ৰ বাথৌ দিৱস । পুৱা ৬ বজাত বাথৌ থানসালি শুদ্ধিকৰণ কৰে পুৰোহিত বুদ্ধেশ্বৰ বসুমতাৰীয়ে ।

ইয়াৰ পাছতে ধৰ্মধ্বজ্জা উত্তোলন কৰে জোনাই আঞ্চলিক বাথৌ মহাসভাৰ সভাপতি ৰবিশ্বৰ বসুমতাৰীয়ে । পুৱা ৮.৩০ বজাৰ পৰা জোনাই আঞ্চলিক বাথৌ মহাসভাৰ মনসিং সিং শাখাৰ নেতৃত্বত বাথৌ ভক্তসকলে পৰিবেশন কৰে বাথৌ আৰ'জ । আনহাতে, চিমেন আঞ্চলিক বাথৌ মহাসভাৰ উদ্যোগত চিমেন আঞ্চলিক বাথৌ মন্দিৰ, ডেকাপামৰ ১ নং মোহনপুৰ, ২ নং মোহনপুৰ, ৩ নং মোহনপুৰ, হস্তিনাপুৰ, ৰামপুৰ, বিজয়পুৰ, হচং, মাগুৰমাৰি, জোনাইৰ হাতীজান, লাডাংগুৰি, শিলিখাগুৰি, মাইদাংশ্ৰী, মেচাকি চাপৰি, বদলপুৰ, চিমেন চাপৰিৰ হাংমাচাপৰি, বুঢ়াভকত, উলুচাপৰি, নাওঁকাটা, নলবাৰী, চমকঙৰ চমকং বড়ো, বালিগড়া, লকলুং, মাজৰবাৰী আদিত বাথৌ ধৰ্মাৱলম্বী বড়ো লোকৰ মাজত অতি উলহমালহেৰে পবিত্ৰ বাথৌ দিৱস পালন কৰা হয় ।

লগতে পঢ়ক :Bathou Puja celebrated in Nagaon : নগাঁৱত উলহ-মালহেৰে উদযাপন বাথৌ পূজা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.