Ten Nationalised Banks are at strike: ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট

author img

By

Published : Dec 16, 2021, 9:59 PM IST

banks are at strike in dhemaji

চৰকাৰৰ ব্যক্তিগতকৰণৰ বিৰোধিতা কৰি ধেমাজিত একত্ৰিত হ’ল দহটাকৈ ৰাষ্ট্ৰীয়কৃত বেংক (Ten Nationalised Banks are at strike) ৷ ফলত অচল হৈ পৰিল বেংক সেৱা ৷

ধেমাজি, 16 ডিচেম্বৰ : বৃহস্পতিবাৰে ধেমাজি সদৰত দহটাকৈ ৰাষ্ট্ৰীয়কৃত বেংকে ধৰ্মঘট কাৰ্যসূচী পালন কৰে (Ten Nationalised Banks are at strike) ৷ কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয়কৃত বেংকসমূহক ব্যক্তিগতখণ্ডলৈ নিয়াৰ ব্যাপক প্ৰস্তুতি চলোৱাৰ প্ৰতিবাদত বেংকসমূহে ধৰ্মঘট কাৰ্যসূচী হাতত লয় (Nationalised banks are protesting against privatisation) ৷

banks are at strike in dhemaji
ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট

ইণ্ডিয়ান বেংক, ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাৱ নেচনেল বেংক, কানাড়া বেংক, চেন্ট্ৰেল বেংককে ধৰি মুঠ দহটা বেংকৰ এই সমূহীয়া প্ৰতিবাদৰ সৰ্বাত্মক প্ৰভাৱ দেখা গ’ল ধেমাজিত ৷

banks are at strike in dhemaji
ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট

বেংক সমূহে আহ্বান জনোৱা দুদিনীয়া ধৰ্মঘটৰ ফলত অচল হৈ পৰিছে বেংক সেৱা (Two days strike by banks in dhemaji) ৷ যাৰ ফলত বন্ধ হৈ পৰিছে আৰ্থিক লেন-দেন ৷

banks are at strike in dhemaji
ধেমাজিত ৰাষ্ট্ৰীয়কৃত 10 টা বেংকৰ সমূহীয়া ধৰ্মঘট

জনসাধাৰণৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰিছে এই ধৰ্মঘটে ৷ উল্লেখযোগ্য যে, শুকুৰবাৰে বিয়লি 4 বজাত বেংকসমূহে এই ধৰ্মঘট কাৰ্যসূচীৰ সামৰণি পেলাব ৷

লগতে পঢ়ক : Assam Microfinance News : মাইক্ৰ' ফাইনেঞ্চৰ ঋণ ৰেহাইৰ নামত কোনে কৰিছে প্ৰৱঞ্চনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.