Agricultural Revolution : অৰুণাচল সীমান্তত অসমীয়া কৃষকৰ কৃষি বিপ্লৱ

author img

By

Published : Nov 23, 2022, 11:15 AM IST

Agriculture

অসম-অৰুণাচল সীমান্তৰ জামপানীত শ শ বিঘা মাটিত অসমীয়া কৃষকে কৰিছে ৰবি শস্য (Agricultural Revolution on Assam Arunachal border)। চৰকাৰৰ সুবিধা অবিহনে কৃষকসকলে নিৰৱে চলাই গৈছে কৃষি বিপ্লৱ । অসম আৰু অৰুণাচল চৰকাৰক বিশেষ আহ্বান জনাইছে কৃষকসকলে ।

জোনাই,২৩ নৱেম্বৰ : অসম কৃষি প্ৰধান ৰাজ্য । কৃষিৰ ওপৰতে অসমৰ অৰ্থনীতি নিৰ্ভৰশীল (Assam economy is based on agriculture)। কিন্তু সময় সলনি হোৱাৰ লগে লগে কৃষিকাৰ্যৰ পৰা বহু লোক আঁতৰি আহিবলৈ আৰম্ভ কৰিছে । চাকৰি, ব্যৱসায় আদিৰ জৰিয়তে অৰ্থনৈতিক অভাৱ পূৰণৰ চেষ্টা চলাইছে বিভিন্নজনে ।

অৱশ্যে এতিয়াও বহু ঠাইত সেউজ বিপ্লৱৰ সূচনা আনিছে একাংশ কৃষকে (Assam farmers start green revolution)। অসম-অৰুণাচল সীমান্তৰ জামপানীতো অসমৰ একাংশ অসমীয়া কৃষকে নিৰৱে গঢ়ি তুলিছে সেউজ বিপ্লৱ । যোৱা প্ৰায় ৪ দশক ধৰি শতাধিক অসমীয়া কৃষকে জোনাই সীমান্তৰ অৰুণাচলৰ জামপানীত আলু, কবি, সৰিয়হ, তিল, মাকৈ, বিলাহী, বেঙেনা আদি খেতি কৰি সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে (Agricultural Revolution on Assam Arunachal border)।

অৰুণাচল সীমান্তত অসমীয়া কৃষকৰ কৃষি বিপ্লৱ

চিয়াং নদীৰ পাৰৰ পলস ভূমিত অসমীয়া কৃষকে নিৰৱে কৰি গৈছে কৃষি বিপ্লৱ । অঞ্চলটোৰ শ শ বিঘা ভূমিত বিভিন্ন শস্যৰ খেতি কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে দৈনিক শতাধিক অসমীয়া যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন পাবলৈ সক্ষম হৈছে । ইফালে অসমীয়া কৃষকৰ উৎপাদিত সামগ্ৰীসমূহ জোনাই, চিলাপথাৰ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড় আদিৰ লগতে সীমান্তৰ অৰুণাচলৰ ইটানগৰ, পাচিঘাট আদি বিভিন্ন ঠাইলৈ ৰপ্তানি কৰা হয় ।

লক্ষণীয়ভাৱে অসম-অৰুণাচল সীমান্তত প্ৰায় ৪ দশক ধৰি কৃষি কৰ্মৰ লগত জড়িত হৈ থকাৰ পাছতো কিন্তু আজিলৈ চৰকাৰৰ পৰা কোনো ধৰণৰ সহযোগিতা পোৱা নাই কৃষকসকলে । অসম আৰু অৰুণাচল চৰকাৰে কৃষকসকলক কোনো ধৰণৰ সহায় নকৰাৰ অভিযোগ কৰিছে কৃষকসকলে । তেওঁলোকৰ মতে কৃষি কৰ্মত উন্নত প্রযুক্তিৰ ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰৰ সহায় পালে তেওঁলোকে অধিক শস্য উৎপাদন কৰিবলৈ সক্ষম হ'ব । ইফালে চৰকাৰৰ পৰা আৰ্থিক সহায়ৰো অপেক্ষাত আছে অসমীয়া কৃষকসকল ।

উল্লেখ্য যে এয়া মাত্ৰ এটা উদাহৰণ হে ! জোনাইৰ কৃষকসকলৰ দৰেই অসমৰ বিভিন্ন প্ৰান্তত এনেদৰে একাংশ কৃষকে নিৰৱে চলাই গৈছে কৃষি সংগ্ৰাম । অৱশ্যে চৰকাৰী সমৰ্থন লাভ কৰিলে সম্ভৱত এই কৃষকসকলে সঁচা অৰ্থত অসমৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ আৰু অধিক বৰঙণি আনিবলৈ সাহস পাব !

লগতে পঢ়ক :National Child Scientists Exhibition: গুৱাহাটীত দেশৰ ২২ খন ৰাজ্যৰ ২৬৬ গৰাকী শিশু বিজ্ঞানীৰ দল

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.