HSLC question paper leak: বিস্ফোৰক তথ্য ! সকলো বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ

author img

By

Published : Mar 17, 2023, 5:37 PM IST

HLSC question paper leak

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত গোগামুখৰ শচিন্দ্ৰ দলে নামৰ এগৰাকী শিক্ষকৰ বিস্ফোৰক ভাষ্যই তোলপাৰ লগাইছে ৰাজ্য ৷ কেৱল বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকতেই নহয়, প্ৰতিটো বিষয়ৰে প্ৰশ্নকাকত ফাদিল হোৱা বুলি বিস্ফোৰক মন্তব্য শিক্ষকগৰাকীৰ (HLSC paper leak) ৷

সকলো বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগ

ধেমাজি, 17 মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কেৱল সাধাৰণ বিজ্ঞান আৰু অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাই নহয় ৷ পূৰ্বে হৈ যোৱা প্ৰায় আটাইকেইটা পৰীক্ষাৰেই প্ৰশ্নকাকত ফাদিল হৈছিল ৷ গোগামুখৰ এগৰাকী শিক্ষক তথা পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে আনিছে এই বিস্ফোৰক অভিযোগ ৷ শচিন্দ্ৰ দলে নামৰ শিক্ষগৰাকীৰ বিস্ফোৰক ভাষ্যৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে আলোড়নৰ (HLSC Exam paper leak) ৷

শচিন্দ্ৰ দলে নামৰ শিক্ষকগৰাকীয়ে সদৰী কৰা অনুসৰি বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ তথ্য মেচেজযোগে এগৰাকী ব্যক্তিৰ পৰা লাভ কৰিছিল ৷ ইয়াৰ পাচতেই তেওঁ বিজ্ঞানৰ প্ৰশ্নকাকতখন বিচাৰি যোগাযোগ কৰে ৷ লগতে পূৰ্বে হৈ যোৱা গণিত আৰু সমাজ বিজ্ঞান বিষয়ৰো প্ৰশ্নকাকতসমূহ বিচাৰে ৷ উল্লেখ্য যে, প্ৰথম অৱস্থাত শচিন্দ্ৰ দলে নামৰ শিক্ষকগৰাকীয়ে ইংৰাজী বিষয়ৰ কেৱল উত্তৰ থকা এখন বহী লাভ কৰা বুলি সদৰী কৰিছে সংবাদ মাধ্যমৰ আগত (Assam HLSC paper goes viral) ৷

ইফালে, প্ৰতিখন প্ৰশ্নকাকতৰ বিনিময়ত 1000 টকাকৈ দি সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আৰু গণিতৰ প্ৰশ্নকাকতসমূহ সংগ্ৰহ কৰে ৷ প্ৰশ্নকাকতসমূহ লাভ কৰাৰ পাচতেই ছেবাৰ সৈতে যোগাযোগ কৰে ৷ ছেবা কৰ্তৃপক্ষক সকলো তথ্য প্ৰমাণ সহকাৰে দাখিল কৰে শচিন্দ্ৰ দলেয়ে ৷ ইয়াৰ পাচতেই শচিন্দ্ৰ দলেক এই ঘটনাৰ তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰে ছেবা কৰ্তৃপক্ষই (Assam SEBA controversy) ৷

তাৎপৰ্যপূৰ্ণভাৱে ডিব্ৰুগড়ৰ ছল্ট ব্ৰুক একাডেমী নামৰ শিক্ষা প্ৰতিষ্ঠানখনৰ এগৰাকী ছাত্ৰৰ পৰা প্ৰশ্নকাকত ফাদিল হোৱা বুলি মেচেজযোগে তথ্য লাভ কৰা বুলিও সদৰী কৰিছে শচিন্দ্ৰ দলেয়ে ৷ ইফালে, এই সমগ্ৰ ঘটনা সন্দৰ্ভত ইতিমধ্যেই ডিব্ৰুগড় আৰক্ষীয়ে শচিন্দ্ৰ দলে নামৰ শিক্ষকগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে (Assam question paper leak) ৷

শচিন্দ্ৰ দলেৰ এই বিস্ফোৰক ভাষ্যৰ পাচত এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰা হ’ব সেয়া হৈ পৰিছে লক্ষ্যনীয় বিষয় ৷ যদিহে আটাইকেইটা বিষয়ৰে প্ৰশ্নকাকত ফাদিল হৈছিল তেন্তে ইংৰাজী, গণিত আৰু সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষাও পুনৰ অনুষ্ঠিত হ’ব নেকি ? এনে বহু প্ৰশ্নই এতিয়া উত্থাপন হৈছে ৷ ইফালে, ইতিমধ্যেই প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাই আত্মসমৰ্পণ কৰিছে (Prime accuse of HSLC paper leak) ৷

লগতে পঢ়ক: HSLC exam paper leaked: প্ৰশ্নকাকত ফাদিলৰ মাষ্টাৰমাইণ্ড কুমুদ ৰাজখোৱাৰ আত্মসমৰ্পণ; প্ৰসন্ন দাস নামৰ আন এগৰাকী শিক্ষকক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.