Herbal treatment in Arunachal Pradesh: বনৌষধি চিকিৎসাৰে কৰ্কট ৰোগ নিৰাময়ৰ দাবী অৰুণাচলৰ মহিলাৰ
Published: Mar 18, 2023, 1:37 PM


Herbal treatment in Arunachal Pradesh: বনৌষধি চিকিৎসাৰে কৰ্কট ৰোগ নিৰাময়ৰ দাবী অৰুণাচলৰ মহিলাৰ
Published: Mar 18, 2023, 1:37 PM
বিগত প্ৰায় ২৮ বছৰে বনৌষধি চিকিৎসাৰ সৈতে জড়িত হৈ আছে পাছিঘাটৰ য়ানুং জাম লেগ নামৰ মহিলাগৰাকী (Woman involved in herbal treatment)। ভাৰতৰ লগতে বিদেশৰ ৰোগীয়েও তেওঁৰ পৰা লৈ যায় ঔষধ । কৰ্কট ৰোগৰো চিকিৎসা কৰিছে মহিলাগৰাকীয়ে ।
জোনাই, ১৮ মাৰ্চ : ভাৰতৰ ভিতৰতে বনজ সম্পদেৰে চহকী উত্তৰ পূৰ্বাঞ্চল । চিকিৎসা বিজ্ঞানত ব্যৱহৃত বহু উদ্ভিদ, জীৱ আদিৰে সমৃদ্ধ উত্তৰ-পূৱৰ বনাঞ্চল (Arunachal is full of medicinal plants)। উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত আকৌ অৰুণাচল প্ৰদেশত যথেষ্ট সংখ্যক ঔষধি উদ্ভিদ আৰু জীৱনদায়িনী সম্পদ উপলব্ধ । যাৰ বাবে গৱেষকসকলে প্ৰায় অৰুণাচলৰ ভূমিত জীৱনদায়িনী ঔষধৰ সন্ধানত পৰীক্ষা নিৰীক্ষা চলায় ।
ইয়াৰ মাজতে আকৌ অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাছিঘাটৰ এগৰাকী মহিলা ৰাজ্যখনৰ ভিতৰত চৰ্চা লাভ কৰিছে । কাৰণ মহিলাগৰাকীয়ে প্ৰকৃতিৰ পৰা উপলব্ধ বিভিন্ন উদ্ভিদ আৰু সামগ্ৰীৰে ঔষধ প্ৰস্তুত কৰি আহিছে । প্ৰায় ২৮ বছৰে এই কাম কৰি আহিছে পাছিঘাটৰ য়ানুং জাম লেগ নামৰ মহিলাগৰাকীয়ে । অনবৰতে কেৱল প্ৰকৃতিৰ মাজতে সময় অতিবাহিত কৰে য়ানুং জাম লেগে (Herbal treatment of Arunachal woman)।
পাছিঘাটৰ পাহাৰৰ বুকুত উপলব্ধ বিভিন্ন গুণ সম্পন্ন উদ্ভিদৰ পাত, শিপা আদিৰ পৰা ঔষধ প্ৰস্তুত কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে মহিলাগৰাকীয়ে । আনকি তেওঁ দাবী কৰা মতে বহু দুৰাৰোগ্য ৰোগৰ চিকিৎসাও তেওঁ কৰিছে । জানিব পৰা মতে বিভিন্ন দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ভাৰাক্ৰান্ত হোৱা দুখীয়া নিচলাৰ বাবেও ভগৱান স্বৰূপ পাছিঘাটৰ য়ানুং জাম লেগ ।
সূত্ৰৰ পৰা জানিব পৰা মতে, সৰুৰে পৰা য়ানুং জাম লেগ বনৌষধৰ প্ৰতি আকৰ্ষিত আছিল ৷ অৱশ্যে ১৯৯৪ চনৰ পৰাহে য়ানুঙে ঔষধি চিকিৎসাত মনোৱেশ কৰিছিল । বিজ্ঞান শাখাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি য়ানুং জাম লেগয়ে বনৌষধৰ গৱেষণাৰে জড়িত হৈ পৰে । বিভিন্ন বনৌষধিৰ গুণাগুণৰ ওপৰত গৱেষণা কৰা য়ানুং জাম লেগৰ দাবী যে কৰ্কটৰ দৰে দুৰাৰোগ্য ৰোগো তেখেতৰ বাবে সহজ (Arunachal woman demands cure for cancer)।
ইফালে দেশৰ বিভিন্ন ৰাজ্যৰ লগতে আমেৰিকা, ফ্রান্স, চুইজাৰলেণ্ড আদিৰ দৰে আগশাৰীৰ দেশতো চলি আছে য়ানুং জাম লেগৰ বনৌষধিৰ চিকিৎসা । আনহাতে য়ানুং জাম লেগৰ বনৌষধি প্ৰস্তুতৰ উদ্যোগটোৰ সৈতে জড়িত হৈ আছে ২০ৰো অধিক স্থানীয় লোক ।
লগতে পঢ়ক :Bridge on Kapili collapsed during construction: নিৰ্মাণ সম্পূৰ্ণ নহওতেই দলং ভাঙি পৰাক লৈ প্ৰতিক্ৰিয়া
