Jonai News: জোনাইৰ তৰচিং মিলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ আজৱ কাণ্ড
Published: May 21, 2023, 5:13 PM


Jonai News: জোনাইৰ তৰচিং মিলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ আজৱ কাণ্ড
Published: May 21, 2023, 5:13 PM
জোনাইৰ তৰচিং মিলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ বিৰুদ্ধে দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ ৷ বিদ্যালয়খনৰ দুগৰাকী কণমানি ছাত্ৰীক সাধাৰণ কথাক লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে (Torsing Mili LPS at Jonai) ৷
জোনাই, 20 মে’: জোনাইৰ মূৰ্কংচেলেক শিক্ষা খণ্ডৰ অন্তৰ্গত তৰচিং মিলি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ আজৱ কাণ্ড ৷ বিদ্যালয়খনৰ দুগৰাকী কণমানি ছাত্ৰীক সাধাৰণ কথাক লৈ গুৰুলা-গুৰুলকৈ প্ৰহাৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ৷ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ প্ৰহাৰত ছাত্ৰী দুগৰাকীৰ কাণ, কপাল, হাত আৰু ভৰিত স্পষ্ট আঘাতৰ চিন (Allegation of Corruption against Headmistress) ৷
কেৱল সেয়াই নহয়, শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে আছে আন কেতবোৰ গুৰুতৰ অভিযোগ ৷ মধ্যাহ্ন ভোজনৰ নামতো অনিয়ম সংঘটিত কৰাৰ অভিযোগ শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্বে ৷ বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে কণ কণ ছাত্ৰ-ছাত্ৰীসকলক বহু দিনৰ পৰা মধ্যাহ্ন ভোজনৰ পৰা বঞ্চিত কৰি ৰখা বুলিও অভিযোগ উঠিছে (Irregularities in Torsing Mili LPS at Jonai) ৷ মধ্যাহ্ন ভোজনৰ নামত অতি নিম্নমানৰ খাদ্য ছাত্ৰ-ছাত্ৰী পৰিৱেশন কৰাৰ অভিযোগ শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ৷ ইফালে প্ৰতি বুধবাৰে বিদ্যালয়ৰ ৰুটিন অনুসৰি ছাত্ৰ-ছাত্ৰ সকলক মধ্যাহ্ন ভোজনত কণী দিব লাগে যদিও এটা কণীকে 4-5 টুকুৰা কৰি দিয়াৰ অভিযোগ কৰিছে কণ-কণ ছাত্ৰ-ছাত্ৰী সকলে (Torsing Mili LPS at Jonai) ৷
আনহতে বিদ্যালয়খনৰ গৃহ নিৰ্মাণৰ নামতো দুৰ্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ৷ বিভাগৰ তৰফৰ পৰা আৱন্টন দিয়া প্ৰায় 6 লাখ টকীয়া বিদ্যালয় গৃহটো ঠিকাদাৰৰূপী প্ৰধান শিক্ষয়িত্ৰীয়ে অতি নিম্নমানৰ নিৰ্মাণ কাৰ্য চলোৱাৰ ফলত বিদ্যালয়গৃহটো মুকলি কৰাৰ দুমাহৰ পিছতে এফালৰ পৰা জহি-খহি যোৱাৰ লগতে মজিয়াত সৃষ্টি হৈছে দ গাঁতৰ (Headmistress of Torsing Mili LPS at Jonai) ৷ ফলত মজিয়া বস্তাৰে ঢাকি পাঠদান চলাই অহা পৰিলক্ষিত হৈছে বিদ্যালয়খনত ৷ এনে দুৰ্নীতি-অনিয়ম সংঘটিত কৰা বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী গৰাকীৰ ওপৰত বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া হ'ব লক্ষ্যণীয় (Jonai News) ৷
