নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ AJYCPৰ

author img

By

Published : Sep 11, 2021, 10:52 AM IST

AJYCP condolence meet at Dhemaji

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ ৰাজ্যত । বিভিন্ন দল-সংগঠনে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে । শুকুৰবাৰে ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মমবাতি প্ৰজ্বলন কৰি শোক প্ৰকাশ কৰে ।

ধেমাজি, ১১ ছেপ্টেম্বৰ : সমগ্ৰ অসমবাসীৰ বাবে এটা অভিশপ্ত দিন 8 ছেপ্তেম্বৰ । সেই দিনটোতে নিমাতীঘাটত উঠিছিল কান্দোনৰ ৰোল । কোনো যাত্ৰীয়ে যদি পানীত ককবকাইছিল, আন কোনোৱে আকৌ পাৰলৈ উঠি আহিবলৈ আপ্ৰাণ চেষ্টা কৰিছিল । কালিকালগা ফেৰীয়ে কাঢ়ি নিলে মেধাৱী পৰীমিতা দাসৰ জীৱন ।

এতিয়াও সন্ধানহীন হৈ আছে যোৰহাটৰ চিকিৎসক বিক্ৰমজিৎ বৰুৱা । আহত হৈ চিকিৎসাধীন হৈ আছে বহু লোক । এক হৃদয়বিদাৰক ঘটনাই কঁপাই গ’ল সমগ্ৰ ৰাজ্য । বৰ্তমান ৰাজ্যবাসী আৰু বিভিন্ন দল-সংগঠনে এই ঘটনাক লৈ শোক প্ৰকাশ কৰিছে ।

AJYCP condolence meet at Dhemaji
নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাক লৈ শোক প্ৰকাশ AJYCPৰ

ঠায়ে ঠায়ে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰো আয়োজন কৰা হৈছে । শুকুৰবাৰে সন্ধিয়া ধেমাজিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ কৰ্মকৰ্তাই মমবাতি প্ৰজ্বলন কৰি ফেৰী দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা পৰীমিতা দাসলৈ শ্ৰদ্ধা নিবেদন কৰে ।

সন্ধানহীনসকল শীঘ্ৰে উদ্ধাৰ হোৱাৰ কামনাৰে এক মিনিটৰ বাবে মৌন প্ৰাৰ্থনা কৰে ৷ আনহাতে, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এই ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী তোলে । ইতিমধ্যে, নিমাতীঘাটৰ ঘটনাৰ তদন্ত হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আশ্বাস প্ৰদান কৰিছে । উল্লেখ্য যে, শনিবাৰে পুৱা বিশ্বনাথ ঘাটত জান বৰা ওৰফে ইন্দ্ৰেশ্বৰ বৰাৰ মৃতদেহ উদ্ধাৰ হৈছে ।

নিমাতীঘাটত দুৰ্ঘটনাত পতিত হোৱা ফেৰীখনত আছিল ইন্দ্ৰেশ্বৰ বৰা । দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছৰে পৰা তেওঁ সন্ধানহীন হৈ আছিল । অৱশ্যে এতিয়াও বিক্ৰমজিৎ বৰুৱাৰ সন্ধান ওলোৱা নাই । বৰ্তমানেও উদ্ধাৰ অভিযান অব্য়াহত আছে ।

লগতে পঢ়ক:কলগাছিয়াত গাঁৱে গাঁৱে আৰম্ভ ক'ভিড প্ৰতিষেধক প্ৰদান কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.