মঙলদৈত ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেচেলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

author img

By

Published : Sep 27, 2022, 6:25 PM IST

Etv Bharatমঙলদৈত ভোটাৰচ পাৰ্টি ইন্টাৰনেচেলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

মঙলদৈত ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচেলে ৰূপায়ন কৰিলে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী (VPI protest in Mangaldoi)৷ অসম চৰকাৰৰ বহুকেইটা সিদ্ধান্ত আৰু শেহতীয়া কাৰ্যক্ৰমণিকাৰ বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে ৷

দৰং, 27 ছেপ্টেম্বৰ: সোমবাৰে ভোটাৰ্ছ পাৰ্টী ইন্টাৰনেচেলে(Voters Party International) মঙলদৈত ৰূপায়ন কৰিলে বিশাল প্ৰতিবাদী কাৰ্যসূচী (VPI protest in Mangaldoi)৷ নাগৰিক ভাট্টা প্ৰদান, মূল্যবৃদ্ধি ভাট্টা প্ৰদানৰ দাবী আৰু উচ্ছেদ অভিযানৰ বিৰোধিতাৰে সাব্যস্ত কৰা হয় এই প্ৰজিবাদ ৷

মঙলদৈৰ গান্ধী ময়দানৰ পৰা দৰঙৰ উপায়ুক্ত কাৰ্যালয়লৈ কেইবাশ জনতাক লগত লৈ সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী ৷ ৰাজ্য চৰকাৰৰ শেহতীয়া বহুকেইটা সিদ্ধান্তৰ বিৰোধিতা কৰাৰ লগতে আন কেইবাটাও অভিযোগ উত্থাপন কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷

মঙলদৈত ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেচেলৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

ৰাজপথতেই প্ৰতিবাদ কাৰীসকলে ভোটাৰ্ছসকলক মাহে ৮০০০ টকাকৈ ভাট্টা প্ৰদান, বনভূমি আৰু চৰ-চাপৰিত উচ্ছেদ বন্ধ কৰা, নিত্য ব্যৱহাৰ্য্য সামগ্ৰীৰ কৰ উঠাই দিয়া, উচ্ছেদিত পৰিয়ালক ক্ষতি পূৰণ, পূজিপতিক মাটি গটাই দিয়া বন্ধ কৰা আদি বহুকেইটা আদি দাবী উত্থাপন কৰে ।

মঙলদৈৰ গান্ধী ময়দানৰ(Gandhi Maidan Mangaldai) পৰা দৰঙৰ উপায়ুক্তৰ কাৰ্যালয়ৰ দিশলৈ যোৱা প্ৰতিবাদী সমদলটোক আদবাটতে দৰঙৰ আৰক্ষী প্ৰশাসনে বাধা প্ৰদান কৰে ।

পৰৱৰ্তী সময়ত মঙলদৈ থানাৰ(Mangaldoi Police Station) ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু মঙলদৈ ৰাজহ চক্ৰ বিষয়া প্ৰতিবাদস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে । দিনৰ প্ৰায় ১.৩০ বজাত প্ৰতিবাদকাৰীসকলে কাৰ্যসূচী সমাপ্ত কৰে ৷

লগতে পঢ়ক: লখিমপুৰত নদীবান্ধ বিৰোধী আন্দোলনে লৈছে তীব্ৰ ৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.