আচলতে কি হৈছে গৰুখুটিত ?

author img

By

Published : Sep 23, 2021, 7:46 PM IST

two-killed-over-ten-cops-injured-as-assam-clears-illegal-encroachment

পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন । আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী । উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰশাসনলৈ শিলাবর্ষণ কৰিছিল বেদখলকাৰীসকলে । এগৰাকী মহিলা কনিষ্টবলসহ প্ৰায় ৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত ।

নিউজ ডেস্ক, 23 ছেপ্টেম্বৰ : বুধবাৰে, দৰং জিলাত হিংসাত্মক হৈ পৰে অসামৰিক প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ এই ঘটনাত দুজনকৈ প্ৰতিবাদকাৰী নিহত হোৱাৰ লগতে, দহজনতকৈও অধিক সুৰক্ষা কৰ্মী আহত হয় । ঘটনাটো সংঘটিত হয় দৰং জিলাৰ ছিপাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত গৰুখুটি অঞ্চলত ৷ জানিব পৰা মতে, নিৰাপত্তা বাহিনীৰ সৈতে অসামৰিক প্ৰশাসনৰ এটা দলে অঞ্চলটোত অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাবলৈ গৈছিল ।

আচলতে কি হৈছে গৰুখুটিত ?

জিলা প্ৰশাসনৰ বিষয়াসকলে জনায় যে, প্ৰায় ৭৭৪২০ বিঘা চৰকাৰী ভূমি দুটা দশকধৰি অঞ্চলটোত অবৈধ বেদখলকাৰীৰ অধীনত আছিল । বৃহস্পতিবাৰে আৰক্ষী আৰু অসামৰিক প্ৰশাসন ১ নং ধলপুৰ আৰু ২ নং ধলপুৰ অঞ্চলত উপস্থিত হোৱাৰ লগে লগে স্থানীয় লোক সকলে প্ৰতিবাদ কৰে ৷

ইয়াৰ লগে লগে প্ৰশাসনৰ দলটোক উচ্ছেদ অভিযান চলাবলৈ আগবাঢ়ি যোৱাত বাধা দিয়ে প্ৰতিবাদকাৰী সকলে । উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বেই জিলা প্ৰশাসনে বেদখলকাৰীসকলক উচ্ছেদৰ জাননী প্ৰদান কৰি স্থানীয় অঞ্চলটো খালী কৰিবলৈ জনায় ।

অৱশ্যে, পৰিস্থিতি অধিক ভয়ানক হৈ পৰিছিল যেতিয়া কিছু স্থানীয় লোকে উচ্ছেদকাৰী দলটোৰ ওপৰত শিল নিক্ষেপ কৰিছিল ৷ এই আক্ৰমণৰ বাবে বাধ্য হৈ নিৰাপত্তাবাহিনীয়ে কন্দুৱা গেছৰ নিক্ষেপ কৰিবলৈ বাধ্য হয় ৷ পিছত জনতাক ছত্ৰভঙ্গ কৰিবলৈ শূন্যলৈ গুলী চালনা কৰিছিল আৰক্ষীয়ে ।

স্থানীয় লোকসকলৰ কিছুমানে বাঁহৰ লাঠি আৰু চোকা অস্ত্ৰৰে আৰক্ষী বাহিনীক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ লগে লগে আৰক্ষীয়ে গুলীচালনা কৰে ৷ ইয়াৰ ফলত দুজন প্ৰতিবাদকাৰী নিহত হয় । আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে যে, নিৰাপত্তা বাহিনীৰ কমেও দহজন লোক এই ঘটনাত আঘাত প্ৰাপ্ত হৈছে ৷ গুৰুতৰভাৱে আহত নিৰাপত্তাকৰ্মীসকলৰ কিছু সংখ্যকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছে ৷

উল্লেখ্য যে, দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অধীনত ৭৭৪২০ বিঘা চৰকাৰী ভূমি অবৈধ বেদখলৰ কৱলত আছিল । বিজেপি নেতৃত্বাধীন অসম চৰকাৰে এই বছৰৰ জুন মাহত এক বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰি ইয়াৰে প্ৰায় ৮০০০ বিঘা ভূমি বেদখল মুক্ত কৰিছিল ।

চলিত বৰ্ষৰ ২০ ছেপ্টেম্বৰত চৰকাৰে ধলপুৰ অঞ্চলত আন এটা বৃহৎ উচ্ছেদ অভিযান আৰম্ভ কৰি তাত বাস কৰি থকা ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰায় ৭৫০ টা পৰিয়ালক উচ্ছেদ কৰি ৪৫০ বিঘা ভূমি বেদখলমুক্ত কৰিছিল । চৰকাৰী সূত্ৰ অনুসৰি, বৃহস্পতিবাৰৰ উচ্ছেদ অভিযানত প্ৰায় ৫০০ পৰিয়ালক এই ঠাইৰ পৰা উচ্ছেদ কৰা হৈছিল ।

লগতে পঢ়ক : গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.