9 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Dec 3, 2022, 8:56 AM IST

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি

World Disabled Day 2022: বিশেষভাৱে সক্ষমসকলৰ বাবে সম্পূৰ্ণ এটা দিন

প্ৰতি বছৰে ৩ ডিচেম্বৰত জনসাধাৰণৰ মাজত বিশ্বৰ ভিন্ন প্ৰান্তৰ প্ৰতিবন্ধী বা ভিন্নভাবে বিশেষভাৱে সক্ষম লোকৰ অক্ষমতা সম্পৰ্কীয় বিষয়সমূহৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰাৰ লগতে তেওঁলোকৰ সঠিক অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ বাবে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় ।

Road accident in Biswanath : বিশ্বনাথৰ মোনাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত দুই

শুকুৰবাৰে বিয়লি মোনাবাৰীত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Biswanath)৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুই বাইক আৰোহী ৷

Brick Kiln Accident update: কালাইনত ইটা ভাটাত দুৰ্ঘটনা, মৃতকৰ সংখ্যা 5 জনলৈ বৃদ্ধি

শুকুৰবাৰে কালাইনত ইটা ভাটাত সংঘটিত হয় এক দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত বৰ্তমানলৈকে শিশুসহ নিহত হৈছে পাঁচজন লোক (kalain Brick Kiln Accident) ৷ ইটা নিৰ্মাণৰ বাবে চিমনিত জুই দিয়াৰ সময়তে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে (Brick Kiln Chimney break in Cachar) ৷

GMC Mud scam: গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত আৰক্ষীৰ জালত

গুৱাহাটী পৌৰ নিগমৰ বোকা কেলেংকাৰীৰ মূল অভিযুক্ত মিঠু আগৰৱালাক গ্ৰেপ্তাৰ(GMC Mud scam Mithu Agarwala arrested) ৷

Sukapha Divas Celebration: নতুন দিল্লীত সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন

নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালৰ চৰকাৰী আৱাসত অসম দিৱস উদযাপন(Assam Day celebration in Delhi) । মহান স্বৰ্গদেউ চাওলুং চ্যু-কা-ফাই বৰ অসমৰ ভেটি গঢ়ি যোৱাৰ বাবেই বৃহত্তৰ অসমীয়া জাতিয়ে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বুকুত শক্তিশালী ৰূপত পৰিচয় দিব পাৰিছোঁ বুলি মন্তব্য কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

Bharat jodo yatra in Titabar: অসমৰ মুখ্যমন্ত্ৰীয়েও অসম ভাৰতৰ সৈতে থকাটো নিবিচাৰে: ভূপেন বৰা

তিতাবৰত আজি উপষ্ঠিত হয় ভাৰত জোড়ো যাত্ৰা(Bharat jodo yatra) ৷ ভাৰত জোড়ো কাৰ্যসূচীত উপস্থিত হৈ কংগ্ৰেছৰ দলৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা অপূৰ্ব ভট্টাচাৰ্যই মন্ত্ৰী জয়ন্তমল্ল বৰুৱাক তীব্ৰ কটাক্ষ কৰে(Bharat jodo yatra in Titabar) ।

DU Ragging Case : ৰেগিঙৰ কথা সকলোৱে জানক বুলিয়েই জঁপিয়াই দিছিল আনন্দ শৰ্মাই

আদিত্য নাৰ্চিং হোমত আনন্দ শৰ্মাৰ স্বাস্থ্য বুজ ল'লে ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুকে(Dibrugarh district DC) ধৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়(Dibrugarh university) কৰ্তৃপক্ষৰ এটা সঁজাতি দলে । উপায়ুক্তৰ আগত ভুক্তভোগী ছাত্ৰ আনন্দ শৰ্মাই ক'লে(DU Ragging victim Anand Sarmah), ‘‘মোৰ কাৰণে বেলেগৰ বদনাম হোৱাটো নিবিচাৰোঁ । মই সদায় সত্যটো বিচাৰোঁ । কিন্তু সকলোৱে জানক বুলিয়েই জপিয়াইছিলোঁ’’ ।

Badaruddin Ajmal Statement : আজমলৰ মন্তব্যৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈ-ভূপেন বৰা-ৰাণা গোস্বামীৰ

শুকুৰবাৰে নিশা কংগ্ৰেছৰ "ভাৰত জোড়ো যাত্ৰা"ই যোৰহাট জিলাত প্ৰৱেশ কৰে । জিলাখনত উপস্থিত হৈয়েই সাংসদ গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলে(AIUDF chief Badruddin Ajmal) হিন্দু বিবাহ সন্দৰ্ভত কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ৷

Prisoner died in jail : মৃত্যুৰ কাৰণ এতিয়াও অস্পষ্ট

বৰপেটা কাৰাগাৰত মৃত্যু এজন কয়দীৰ (Prisoner died in Barpeta jail)৷ ৭ বছৰ ধৰি কাৰাবন্দী হৈ আছিল কয়দীটো ৷

1 Lakh Govt Job Assurance : তিনি-চাৰি মাহৰ ভিতৰত ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ হ'ব : মুখ্যমন্ত্রী

অসমত শীঘ্ৰে আৰু 10 হাজাৰ চাকৰিৰ বাবে বিজ্ঞাপন ওলাব । 15 জানুৱাৰীৰ ভিতৰত ওলাব চৰকাৰী চাকৰিৰ বিজ্ঞাপন (Assam govt job advertisement)। এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিৰ ভিতৰত ইতিমধ্যে 80 হাজাৰ নিযুক্তি সম্পূৰ্ণ হৈছে । শীঘ্ৰেই 20 হাজাৰ পদত নিযুক্তি দিয়া হ'ব । আগন্তুক ৩-৪ মাহৰ ভিতৰত সম্পূৰ্ণ হ'ব 1 লাখ নিযুক্তি (1 Lakh Govt Job Assurance)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.