9 বজাৰ 10 টা শীৰ্ষ বাতৰি

9 বজাৰ 10 টা শীৰ্ষ বাতৰি
9 বজাৰ 10 টা শীৰ্ষ বাতৰি
Arjuna Award 2022: ৰাষ্ট্ৰপতিৰ হাতৰ পৰা অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণিয়ে
বুধবাৰে দেশৰ ৰাষ্ট্ৰপতিৰ হাতেৰে অৰ্জুন বঁটা গ্ৰহণ কৰিলে অসমকন্যা নয়নমণি শইকীয়াই (Lawn bowler Nayanmoni Saikia)৷ নয়নমণি শইকীয়াৰ লগতে দেশৰ আন 24 গৰাকী তাৰকা খেলুৱৈৱে গ্ৰহণ কৰিলে অৰ্জুন বঁটা ৷
Gujarat Assembly polls phase 1: 89 টা সমষ্টিত অনুষ্ঠিত হৈছে গুজৰাট বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ
গুজৰাট নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত 89 টা সমষ্টিত প্ৰথম পৰ্যায়ত প্ৰতিদ্বন্দিতা কৰিছে মুঠ 788 গৰাকী প্ৰাৰ্থীয়ে (Gujarat polls phase I ) ৷ ইয়াৰে 719 গৰাকী পুৰুষ প্ৰাৰ্থী আৰু 69 গৰাকী মহিলা প্ৰাৰ্থী ৷ প্ৰথম পৰ্য়ায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়াত মুঠ 2,39,76,670 গৰাকী ভোটাৰে ভোটদান কৰিব ৷
Livestock recovered in Chirang: চিৰাং আৰক্ষীৰ অভিযানত উদ্ধাৰ ছটাকৈ গৰু
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ চিৰাঙতো অব্যাহত আছে গো-ধনৰ অবৈধ সৰবৰাহ ৷ গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত জিলাখনৰ বৈখুনগাঁৱত চিৰাং আৰক্ষীৰ অভিযান ৷ ঢালিগাঁও থানাৰ অন্তৰ্গত বৈখুনগাঁৱত আৰক্ষীয়ে উদ্ধাৰ কৰিলে ছটা গৰু(Livestock recovered in Chirang) ৷
Accident in Dhemaji: ধেমাজিত সংঘটিত পথ দুৰ্ঘটনাত দুজন নিহত
ধেমাজিৰ চমৰাজানত ভয়ংকৰ পথ দুৰ্ঘটনা (Accident in Dhemaji) ৷ যাত্ৰীবাহী মেজিক আৰু অটোৰ মাজত মুখামুখী সংঘৰ্ষ ৷ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পানীতোলাত সংঘটিত হয় শোকাৱহ দুৰ্ঘটনাটো ৷ বুধবাৰে নিশা সংঘটিত দুৰ্ঘটনাটোত থিতাতে নিহত ২ জন লোক (Man death in road accident in Dhemaji) ৷
DU ragging case: কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব বহিষ্কৃত ৪ ছাত্ৰই
৪ ছাত্ৰই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ভাৰতৰ কোনো শিক্ষানুষ্ঠানতে তিনি বছৰলৈকে অধ্যয়ন কৰিব নোৱাৰিব ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং কমিটিৰ কঠোৰ সিদ্ধান্ত ৷ আনহাতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰ নিবাসৰ তিনিওটা ব্লকৰ লগতে মফিজুদ্দিন আহমেদ হাজৰিকা ছাত্র নিবাস আৰু মাইল্ছ ব্ৰন্সন ছাত্র নিবাসৰ অধ্যক্ষক অব্যাহতি দি নতুন অধ্যক্ষক নিযুক্তি(Dibrugarh University ragging case) ৷
Jhalak Dikhhla Jaa Season 10 winner Gunjan Sinha: ৰাষ্ট্ৰীয় প্রেক্ষাপটত পুনৰ উজলিল অসমকন্যা
ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ উজলিল অসমকন্যা । এইবাৰ অসমকন্যা গুঞ্জন সিনহা উজলিল কালাৰ্চ টি ভিৰ ৰিয়েলিটি শ্ব' Jhalak Dikhhla Jaa Season 10ত । Jhalak Dikhhla Jaa 10 ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ৮ বছৰীয়া গুঞ্জনে(Jhalak Dikhhla Jaa winner 2022 Season 10) ৷ গুঞ্জনে ট্ৰফিৰ লগতে ২০ লাখ টকাৰ চেক লাভ কৰে ।
Kiren Rijiju in Bogidhola Tea Estate: বগীধলা বাগিচাৰ দুৰ্গত শ্ৰমিকৰ কাষত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু
২০১৭ চনৰ ছেপ্টেম্বৰত শ্ৰমিকে প্ৰাপ্য বিচাৰি বগীধলা চাহ বাগিচাৰ মালিক পক্ষক অনুৰোধ কৰাৰ সময়তে মালিক পক্ষই ১১ জনকৈ শ্ৰমিকক গুলীবিদ্ধ কৰিছিল (Fire on workers at Bogidhola tea estate) ৷ ইয়াৰ পাছৰ পৰাই লকআউট হৈ আছে বগীধলা চাহ বাগিচা (Bogidhola Tea Estate Golaghat) । শ্ৰমিকসকল নাজল-নাথল অৱস্থাৰে কৰ্মহীন হৈ পৰিছে ৷ বুধবাৰে গোলাঘাটত বাহৰ পাতি থকা কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেণ ৰিজিজুৱে বাগিচাৰ সমস্যাৰ বুজ লয় (Kiren Rijiju at Bogidhola tea estate) ৷
Jyoti Shiksha Kendra: ৰাজ্যত জ্যোতি শিক্ষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা চৰকাৰৰ
জ্যোতি শিক্ষা কেন্দ্ৰ বন্ধ কৰাৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে(Govt plans to close Jyoti Shiksha Kendra) । বৃহস্পতিবাৰৰ পৰা বন্ধ হব কামৰূপ জিলাৰ কেইবাটাও জ্যোতি শিক্ষা কেন্দ্ৰ । তাৰমাজতে কামৰূপৰ কেইবাখনো জ্যোতিকেন্দ্ৰ চলাই থাকিবলৈ নিৰ্দেশ দিছে গুৱাহাটী উচ্চ ন্যায়লয়ে ।
Lok Sabha Election 2024: 2024ৰ লোকসভা নিৰ্বাচনত পাঁচটা সমষ্টিত প্ৰাৰ্থী দিব এ আই ইউ ডি এফে
সংবাদ মাধ্যমৰ আগত সাংসদ বদৰুদ্দিন আজমলৰ ঘোষণা (Badruddin Ajmal on Lok Sabha election)। ধুবুৰী, বৰপেটা আৰু কৰিমগঞ্জত প্ৰাৰ্থী দিয়াটো এশ শতাংশ নিশ্চিত । নগাঁও আৰু কলিয়াবৰত প্ৰাৰ্থী দিয়াটো ৯৯ শতাংশ নিশ্চিত ৷ নগাঁও, কলিয়াবৰ আৰু বৰপেটাত এ আই ইউ ডি এফে প্ৰাৰ্থী দিলে লাভৱান হ'ব বিজেপি । যিটো বিচাৰে বিজেপিয়ে । ধুবুৰীত আজমলৰ বিজয় সহজ হ’বলৈ হ'লে বৰপেটা, নগাঁও আৰু কলিয়াবৰত এ আই ইউ ডি এফে সহায় কৰিব লাগিব বিজেপিক ।
Holiday list for state govt employees: 2023 ত ৩৮ দিন চৰকাৰী বন্ধ
ৰাজ্যৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰকাশ কৰিলে চৰকাৰী বন্ধৰ কেলেণ্ডাৰ(state govt released public holidays calendar) । ৩৮ টা চৰকাৰী বন্ধৰ ভিতৰত আছে ৭ টা দেওবাৰ আৰু এটা চতুৰ্থ শনিবাৰ । বছৰটোত দুটা দিন চৰকাৰী অৰ্ধছুটীও ধার্য কৰা হৈছে । ২৯ জুলাইত মহৰম আৰু ২৮ অক্টোবৰত লক্ষ্মী পূজা উপলক্ষে অর্ধছুটী ।
