সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 23, 2021, 7:03 PM IST

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 7 বজাৰ শীৰ্ষ দহটা বাতৰি

Akhil Gogoi: আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈও সাজু অখিল গগৈ

মঙলবাৰে কামৰূপ জিলা সত্ৰ ন্যায়াধীশৰ আদালতত উপস্থিত হয় শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi at district & sessions judge court kamrup (m) guwahati) ৷ ১৩৫ টাকৈ গোচৰত অভিযুক্ত অখিল গগৈ ৷ প্ৰয়োজনত আন্দোলনৰ বাবে বিধায়ক পদ ত্যাগ কৰিবলৈ সাজু অখিল গগৈ (Akhil Gogoi ready to leave assembly membership for protest) ৷

লখিমপুৰত দুদিনীয়া কাৰ্যসূচীৰে কেন্দ্রীয় লাচিত দিৱসৰ আয়োজন

লখিমপুৰত মঙলবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে কেন্দ্ৰীয় লাচিত দিৱস (Lachit Divas Organize in Lakhimpur) ৷ বীৰ লাচিত সেনা (Bir Lachit Sena) ৰ উদ্যোগত নগৰৰ ত্যাগক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে আয়োজন কৰা হৈছে লাচিত দিৱস । এই কাৰ্যসূচীত সাহিত্য-সংস্কৃতিৰ পৰা জাতীয় জীৱনৰ বহু বিশিষ্ট ব্যক্তিৰ সৈতে লক্ষাধিক লোকৰ সমাৱেশ ঘটিব ৷ বু

CPI Protest In Sivsagar : মূল্যবৃদ্ধি হ্ৰাসৰ দাবীত চিপিআইৰ প্ৰতিবাদ

প্ৰতিবাদত উত্তাল হ’ল শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয় ৷ মূল্যবৃদ্ধি আৰু ৰাজহুৱা সম্পদ ব্যক্তিগতকৰণ আৰু বিক্ৰীৰ বিৰুদ্ধে ভাৰতীয় কমিউনিষ্ট দলৰ আহ্বানমৰ্মে শিৱসাগৰ জিলা সমিতিয়ে মঙলবাৰে ৰূপায়ণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী । চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদকাৰীসকলে উত্তাল কৰি তোলে প্ৰতিবাদস্থলী ৷

Gram Panchayat Corruption: পঞ্চায়তৰ সভাপতি পদৰ পৰা বহিষ্কাৰ

এশ গৰু মাৰিলে বাঘৰো মৰণ ৷ জবকাৰ্ড আৰু পঞ্চায়ত পুঁজিৰ অপ-ব্যৱহাৰ কৰি অৱশেষত বৰ্খাস্ত হ’ল এগৰাকী পঞ্চায়ত সভাপতি । অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি নাহৰকটীয়া মেৰবিল পঞ্চায়তৰ সভাপতি(President of Naharkatiya Merbil Panchayat)ক চকীৰ পৰাই খেদিলে ৱাৰ্ড সদস্যই ৷

গুৱাহাটীত অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থাৰ প্ৰতিবাদ

অংগনবাড়ী কৰ্মী আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল গুৱাহাটীৰ উজানবজাৰস্থিত সমাজ কল্যাণ বিভাগ(Social Welfare department)ৰ কাৰ্যালয় । আই চি ডি এছ (I C D S) আঁচনিৰ অধীনত কৰ্মৰত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম ৰাজ্যিক অংগনবাড়ী কৰ্মী আৰু সহায়িকা সন্থা(All Assam Anganwadi Workers Union)ই ।

Bulgaria Bus crash : শিশুসহ মৃত্যু প্ৰায় ৪৫ গৰাকীৰ

বুলগেৰিয়াৰ উত্তৰ মেচিডোনিয়াত শোকাৱহ বাছ দুৰ্ঘটনা(Bulgaria Bus crash) ৷ প্ৰায় ৪৫ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে এই দুৰ্ঘটনাত । ৭ গৰাকী লোক এতিয়াও চিকিৎসাধীন হৈ আছে ।

Assam Rifles DG প্ৰদীপ চন্দ্ৰন নায়াৰলৈ অতি বিশিষ্ট সেৱা পদক

ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এক বিশেষ অনুষ্ঠানত অসম ৰাইফলছৰ শীৰ্ষ বিষয়াগৰাকীক প্ৰদান কৰে এই সন্মানীয় অতী বিশিষ্ট সেৱা পদক (Prestigious Ati Vishisht Sewa Medal) । ইয়াৰ পূৰ্বে তেওঁ যুদ্ধ সেৱা পদক আৰু সেনা প্ৰধানৰ প্ৰশংসা কাৰ্ডৰ দ্বাৰাও প্ৰশংসা কৰা হৈছিল ।

TMC leader Dead : হাওৰাত তৃণমূল কংগ্ৰেছৰ নেতাক গুলীয়াই হত্যা

হাওৰাত তৃণমূল কংগ্ৰেছৰ সংখ্যালঘু কোষ (Trinamool Congress’s minority cell)ৰ সম্পাদক ৱাজহুল খানক গুলীয়াই হত্যা(TMC leader Dead) কৰা হৈছে ৷ ঘটনাৰে জড়িত থকাৰ সন্দেহত তিনিজন লোকক কৰায়ত্ত কৰিছে আৰক্ষীয়ে ৷


Reduce Your Eye Strain : আয়ুৰ্বেদিক চিকিৎসাৰে হ্ৰাস কৰক চকুত পৰা অতিৰিক্ত চাপ

কৰ'ণা(Corona) মহামাৰীৰ বাবে সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতিয়ে মানুহক ঘৰৰ পৰা কাম কৰিবলৈ বাধ্য কৰিছে । সাধাৰণতে ৯ বজাৰ পৰা ৫ বজালৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত কৰিবলগীয়া কামৰ পৰা এই নতুন ব্যৱস্থাই কিছু সকাহ দিছে যদিও বহুতৰে বাবে এয়া এক প্ৰত্যাহ্বানস্বৰূপ হৈ পৰিছে । কিয়নো এনে ধৰণৰ কৰ্ম-সংস্কৃতিৰ বাবে ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনৰ মাজত বিশেষ পাৰ্থক্য নোহোৱা হৈছে । এই ব্যৱস্থাই স্বাস্থ্যৰ ক্ষেত্ৰতো প্ৰভাৱ পেলোৱা পৰিলক্ষিত হৈছে ।

Illegal liquor seized : শিৱসাগৰত জব্দ অবৈধ বিদেশী সুৰা

দ্বিতীয়বাৰৰ বাবে শিৱসাগৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত এটা দলে অভিযান চলাই জব্দ কৰে 5 কাৰ্টন অবৈধ বিদেশী সুৰা(Illegal liquor seized) ৷ লগতে ঘটনাৰ লগত জড়িত এজন সৰবৰাহকাৰীক কৰায়ত্ত কৰে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.