assamese
HOME/ STATE/ DARRANG/TOP 10 AT 7 PM
    etv comment image
    .

    7 বজাৰ শীৰ্ষ 10 টা বাতৰি

    Published on: Nov 14, 2022, 7:06 PM IST
    etv comment image
    Thumbnail image

    7 বজাৰ শীৰ্ষ 10 টা বাতৰি

    Published on: Nov 14, 2022, 7:06 PM IST

    7 বজাৰ শীৰ্ষ 10 টা বাতৰি

    Success of IIT Guwahati : IIT গুৱাহাটীৰ ছাত্ৰলৈ কোটি টকাৰ অফাৰ

    চৰ্চাত পুনৰ IIT গুৱাহাটীৰ নাম (Success of IIT Guwahati) ৷ IIT গুৱাহাটীয়ে চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক চাকৰি দিবলৈ পিছ পৰি থকা নাই । এইবাৰ IIT গুৱাহাটীৰ এগৰাকী ছাত্ৰই এটা বিদেশী প্ৰতিষ্ঠানৰ পৰা লাভ কৰিছে 1.20 কোটি টকাৰ পেকেজ (IIT Guwahati Students Receive Pre Placement Offers With Highest Salary) । এই পেকেজ গুৱাহাটী IIT ৰ ইতিহাসত এতিয়লৈকে সৰ্বোচ্চ দৰমহা হিচাবে বিবেচিত হৈছে ৷

    UGC Regional Office Guwahati: বন্ধ হ’ল ইজিচিৰ গুৱাহাটীস্থ আঞ্চলিক কার্যালয়

    বন্ধ হ’ল বিশ্ববিদ্যালয় অনুদান আয়োগৰ গুৱাহাটীস্থ আঞ্চলিক কার্যালয় (EGC regional office in Guwahati closed)। বিশ্ববিদ্যালয় অনুদান আয়োগে গুৱাহাটীৰ লগতে পুনে, কলকাতা, বেংগালুৰু, ভূপাল আৰু হায়দৰাবাদকে ধৰি দেশৰ ৬ টা আঞ্চলিক কার্যালয় বন্ধৰ ঘোষণা কৰিছে । ১৩ নৱেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ ইউজিচিৰ আঞ্চলিক কার্যালয়কেইটা বন্ধ কৰি দিয়া হৈছে ৷

    Tense situation in Pengeri: পেঙেৰীত নিৰাপত্তাৰক্ষী আৰু উগ্ৰপন্থীৰ মাজত প্ৰচণ্ড গুলীয়াগুলী

    সোমবাৰে পুৱাই তিনিচুকীয়াৰ পেঙেৰী বনাঞ্চলত উগ্ৰপন্থী আৰু সেনা-আৰক্ষীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হয় (Rebel group and Security force encounter at Pengeri) ৷ সম্প্ৰতি সেনাই বন্ধ কৰিছে পেঙেৰী-ডিগবৈ সংযোগী পথ ৷

    Cyber Crime in Barpeta : বৰপেটাত চাইবাৰ অপৰাধীয়ে লুটিলে ৪৮ হাজাৰ টকা

    চেঙা মডেল হস্পিটেলত কৰ্মৰত এগৰাকী নাৰ্ছৰ পৰা চাইবাৰ অপৰাধী চক্ৰই লুটি নিয়ে SBI গ্ৰাহকৰ সাঁচতীয়া ধন (Cyber fraud loot SBI customer of Barpeta) ৷ এই ঘটনা সম্পৰ্কত ইতিমধ্যে ষ্টেট বেংকৰ (State Bank of India) বৰপেটা বজাৰ শাখাত অভিযোগ দাখিল কৰা হৈছে ।

    Protest against price hike: ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি

    আকাশলংঘী মূল্যবৃদ্ধি ৰোধৰ দাবীত সোমবাৰে মহানগৰীৰ ফাঁচীবজাৰত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত এক প্ৰতিবাদী কাৰ্যসূচী আৰু গণ স্বাক্ষৰ সংগ্ৰহ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰে । এই প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । ফলত ফাঁচীবজাৰত তৃণমূল কংগ্ৰেছৰ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি লাগে ।

    Protest in Dhemaji : জনজাতিকৰণৰ দাবীত ধেমাজিত কোচ ৰাজবংশীৰ প্ৰতিবাদ

    সোমবাৰে প্ৰতিবাদমুখৰ হৈ পৰিল ধেমাজি (Koch Rajbongshi Yuba Union protest in Dhemaji) ৷ জনজাতিকৰণৰ দাবীত সোমবাৰে ধেমাজিত ৰে’লপথ অৱৰোধ কৰে কোচ ৰাজবংশী যুৱ সন্মিলনীৰ ধেমাজি জিলা সমিতিয়ে ৷ সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ আহ্বান মৰ্মে জিলা কোচ ৰাজবংশী যুৱ সন্মিলনী আৰু মহিলাৰ সন্মিলনীৰ সহযোগত ধেমাজিৰ বৰদলনি পদুমনি ৰে’ল গেটত জনগোষ্ঠীটোৰ দুই সহস্ৰাধিক প্ৰতিবাদীয়ে ৰে’লপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

    DUPG election: নাহৰৰ দেশত নিৰ্বাচনী উছাহ

    স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনক লৈ উদুলি-মুদুলি ডিব্ৰুগড় বিশ্ববিদ্যালয় (Dibrugarh University election)। পুৱাৰে পৰা অনুষ্ঠিত হৈছে স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া (Dibrugarh University election 2022)। উল্লেখ্য় যে বিশ্ববিদ্যালয়খনৰ ৪,৬০০ গৰাকী ভোটাৰে ভোটদান কৰিছে এই নিৰ্বাচনত। উক্ত নিৰ্বাচনত ১৮ টা পদত ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

    Hemamalini in Assam : ৰাস চাবলৈ আহিছে ড্ৰীম গাৰ্ল হেমামালিনী

    নলবাৰী ঐতিহ্যমণ্ডিত ৰাসত অংশগ্ৰহণৰ বাবে অসমত উপস্থিত হৈছে বলীউডৰ মোহময়ী অভিনেত্ৰী হেমামালিনী (Actress Hemamalini visited in Assam)৷

    Helicopter Shaped Wedding Car : হেলিকপ্টাৰ আকৃতিৰ বিয়াৰ গাড়ীয়ে আলোড়ন তুলিছে বিহাৰত

    হেলিকপ্টাৰ আকৃতিৰ গাড়ীখন আঠ মাহৰ কঠোৰ পৰিশ্ৰমৰ ফল আৰু এইখন বিহাৰৰ কাইমুৰ জিলাৰ মোহনিয়াৰ কিছু বাসিন্দাই নিৰ্মাণ কৰিছে । যদিও গাড়ীখন উৰি নাযায়, কিন্তু ইয়াৰ চাহিদা আৰম্ভণিৰে পৰাই বৃদ্ধি পাইছে (helicopter shaped marriage car of Bihar)।

    Foundation Day of Bodo Literature: বাক্সাৰ কোকলাবাৰী ৰংজালী পথাৰত জিদো নৱেম্বৰ পালন

    বাক্সা জিলাৰ বৰমাস্থিত কোকলাবাৰী ৰংজালী পথাৰত বড়ো সাহিত্যৰ জন্মদিনৰ কাৰ্যসূচী (71st Foundation Day of Bodo Literature) । লগতে ৫৩ সংখ্যক বৰমা আঞ্চলিক বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ ওপৰিও ৩৭ তম বৰমা আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বাৰ্ষিক অধিৱেশনখনো একেলগে আয়োজন কৰা হৈছে ৷

    .
    ETV
    Loading...