7 বজাৰ শীৰ্ষ 10 টা বাতৰি

7 বজাৰ শীৰ্ষ 10 টা বাতৰি
7 বজাৰ শীৰ্ষ 10 টা বাতৰি
Rape case in Karnataka: 70 বছৰীয়া বৃদ্ধাক ধৰ্ষণ 28 বছৰীয়া যুৱকৰ
নাতিৰ বয়সৰ যুৱকৰ কামনাৰ বলি হ’ল এগৰাকী আইতা (28 year man raped 70 year grandmother)৷ এই ঘটনা সংঘটিত হৈছে কৰ্ণাটক কালাবুৰাগি জিলাত ৷
DAC poll 2022: নাৰায়ণপুৰৰ ভোটগ্ৰহণ কেন্দ্ৰত উত্তেজনা
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ভোট গ্ৰহণ প্ৰক্ৰিয়াত বিসংগতি সৃষ্টি হোৱাৰ অভিযোগ (Violation during DAC poll) ৷ বিজেপিৰ হৈ প্ৰিজাইডিং অফিচাৰে কাম কৰাৰ অভিযোগ ৷ পুনৰ নতুনকৈ ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ দাবী উত্তেজিত ৰাইজৰ ৷
Dhula teenager murder case: কেনেকৈ মেনেজ হৈছিল আৰক্ষী; কাৰ শ্ৰুতলিপি মতে হৈছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ?
ধনৰ লোভত এটা হত্যাৰ ঘটনাক গাপ দিছিল দৰঙৰ কেইগৰাকীমান আৰক্ষী বিষয়া আৰু কেইগৰাকীমান চিকিৎসকে ৷ পিচে জুই জ্বলিলে ধোঁৱা ওলাবই, সেই আৰক্ষী আৰু চিকিৎসককেইজনৰ কৰ্তব্যৰ গাফিলতি তথা মিছাক সঁচা কৰা কাৰোবাৰটোও পোহৰলৈ আহিল (Teenager girl raped in Dhula)৷ আজি তেওঁলোকক লেই লেই চেই চেই কৰিছে সকলোৱে ৷
Dengue cases rise in Assam: ১৪ খন জিলাত ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে
ৰাজ্যত এতিয়া ডেংগুয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছে (Dengue cases rise in Assam)। ৰাজ্যৰ ১৪ খন জিলাত ডেংগুৱে ব্যাপক ৰূপ ধাৰণ কৰিছে । বিশেষকৈ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ ডিফু চহৰত ডেংগুৱে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে(Karbi Anglong in Assam worst hit as dengue cases rise) । ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি, মঙলবাৰৰ দিনটোলৈ ৰাজ্যত ডেংগুত পাঁচগৰাকী লোকে প্ৰাণ হেৰুৱাইছে । আকৌ ৪২৭ গৰাকী লোক ডেংগুত আক্ৰান্ত হৈছে ।
Gender Changed in Bharatpur: লিংগ পৰিৱৰ্তন কৰি প্ৰেমিকাৰ সৈতে বিয়া ৰাজস্থানৰ যুৱতীৰ
ৰাজস্থানৰ ভৰতপুৰৰ ডীগত মীৰাৰ পৰা আৰব হোৱা এগৰাকী শাৰীৰিক প্ৰশিক্ষকে কল্পনা নামৰ এগৰাকী শিক্ষাৰ্থী তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ (PT teacher Changed gender in Bharatpur) খেলুৱৈৰ সৈতে বিবাহপাশত আবদ্ধ হয় । উল্লেখ্য, মীৰাই ২০১৯ চনত লিংগ পৰিৱৰ্তন অস্ত্ৰোপচাৰ আৰম্ভ কৰিছিল । তাৰ পিছত 2022 চনত মীৰাই লিংগ সম্পূৰ্ণৰূপে সলনি কৰি আৰব হৈ পৰে । এই সময়ছোৱাত কল্পনাই তেওঁক সম্পূৰ্ণ সমৰ্থন আগবঢ়াইছিল ।
Consequences of Ukraine conflict: ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰ সৈতে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ বৈঠক
‘‘আমি এতিয়া ইয়াৰ ওপৰত ইউক্ৰেইন সংঘাতৰ পৰিণতি দেখিবলৈ পাইছো । সন্ত্রাসবাদ আৰু জলবায়ু পৰিৱৰ্তনৰ অধিক বাৰ্ষিক বিষয়সমূহো আছে, যিবোৰ দুয়োটাই প্ৰগতি আৰু সমৃদ্ধিৰ ওপৰত বিঘ্নিতকাৰী প্ৰভাৱ পেলায়’’। ৰাছিয়াৰ বিদেশ মন্ত্ৰীৰে বৈঠকৰ অন্তত এই মন্তব্য ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ (EAM S Jaisankar meets Russia FM) ৷
Drugs peddlers arrested: সোণাৰি আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি
সোণাৰি আৰক্ষীৰ বৃহৎ সাফল্য ৷ আৰক্ষীৰ অভিযানত উৎখাত ড্ৰাগছৰ বৃহৎ ঘাটি ৷ ড্ৰাগছসহ নগদ ধন জব্দ কৰাৰ লগতে আটক ৯ জনক(Drugs peddlers arrested) ৷
Allegations of embezzlement of public funds: কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু
ৰাজহুৱা ধন আত্মসাৎ কৰাৰ অভিযোগত AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু (FIR against AIUDF MLA Karim Uddin Barbhuiya) । সোনাই থানাত বিধায়কগৰাকীসহ 8 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে এগৰাকী মহিলাই ।
Model Anganwadi Centre: টীয়কত আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন
যোৰহাট জিলাৰ টীয়কৰ ৩৪ নং পীড়াকটা পদুমপুখুৰী গোহাঁই গাঁৱত মঙলবাৰে এটি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰা হয় (Foundation Stone of Anganwadi Centre at Teok)। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনত নিৰ্মাণ হ'বলগীয়া অংগনৱাড়ী কেন্দ্ৰটোৰ আধাৰশিলা স্থাপন কৰে বিধায়িকা ৰেণুপমা ৰাজখোৱাই (Mla Renupma Rajkhowa)।
DAC election 2022 : ২২ নং গহপুৰ সমষ্টিত শান্তিপূৰ্ণভাৱে ভোট গ্ৰহণ সমাপ্ত
মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হয় দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (DAC election polls)। গহপুৰ ২২ নং সমষ্টিত কোনোধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত নোহোৱাকৈ নিৰ্বাচনৰ ভোট গ্ৰহণ সমাপ্ত হয় । সমষ্টিটোৰ মুঠ ৩ টা কেন্দ্ৰত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ।
