7 বজাৰ শীৰ্ষ 10 টা বাতৰি

author img

By

Published : Sep 18, 2022, 6:59 PM IST

top-10-at-7-pm

7 বজাৰ শীৰ্ষ 10 টা বাতৰি

অসংখ্যজনে স্ব-ভূমিলৈ আদৰিলে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক

ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল (Sarbananda Sonowal in Dibrugarh)। কেন্দ্ৰীয় সংসদীয় ব’ৰ্ড(Parliamentary Board) আৰু ৰাষ্ট্ৰীয় নিৰ্বাচনী সমিতিৰ সদস্য হিচাবে নিৰ্বাচিত হোৱাৰ পাছতে পোন প্ৰথমবাৰৰ বাবে গৃহ জিলাত উপস্থিত হ’ল সোণোৱাল (Sarbananda sonowal home district)৷

ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

ঘোষিত হ'ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল(Assam Police Recruitment 2022) । ৫,২৬২ টা পদৰ বাবে ঘোষিত হ'ল ফলাফল । ৰাজ্যৰ ১৫ খন জিলাত ২৪ এপ্ৰিলত অনুষ্ঠিত হৈছিল লিখিত পৰীক্ষা । শাৰীৰিক পৰীক্ষা অনুষ্ঠিত হৈছিল গুৱাহাটীৰ কাহিলিপাৰা চতুৰ্থ এ পি বি এনত ।

কানিসহ গ্ৰেপ্তাৰ CRPF জোৱান

ঝাৰখণ্ডত কানি সৰবৰাহৰ ভয়ংকৰ ৰহস্য ফাদিল । চিআৰপিএফ জোৱান এইবাৰ জড়িত হৈ পৰিছে কানি সৰবৰাহত (Opium smuggling in Jharkhand)। আৰক্ষীৰ অভিযানত কানিসহ গ্ৰেপ্তাৰ CRPF জোৱান ।

অসম আৰক্ষীৰ নিযুক্তিয়ে বহুতৰে ঘৰত তুলিছে আনন্দৰ লহৰ

সামাজিক মাধ্যমত চৰ্চা হৈছে চৰকাৰখনৰ স্বচ্ছ আৰু নিকা নিযুক্তিৰ কথা (Assam police recruitment result 2022) । সামাজিক মাধ্যমত মাথোঁ চৰকাৰৰ গুণানুকীৰ্তন । কাৰণ চৰকাৰখনে কোৱাৰ দৰে মেধা আৰু যোগ্যতাৰ ভিত্তিত চাকৰি পালে বহুজনে । টকা দি চাকৰি লোৱাটো সপোনৰো অগোচৰত থকা বহু পৰিয়াললৈ আহিল চৰকাৰী চাকৰি । ক'ৰবাত যদি নাপিতৰ পুত্ৰই, চাহ শ্ৰমিকৰ পুত্রই, আন ক'ৰবাত ভিতৰুৱা গাঁৱৰ দৰিদ্ৰ পৰিয়ালৰ বোৱাৰীয়ে চাকৰি পাইছে ।

অভিভাৱকৰ দায়িত্ব লাভৰ পাচত প্ৰথমবাৰৰ বাবে মাজুলীত মন্ত্ৰী ডাঃ ৰণোজ পেগু

মাজুলীত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু (Ranoj Pegu visited Majuli) । মাজুলী জিলাৰ অভিভাৱক মন্ত্ৰী হিচাবে দায়িত্বলাভৰ পিছত মাজুলীত উপস্থিত শিক্ষামন্ত্ৰীগৰাকী ।

মহিলা ফুটবলাৰে চুটি কাপোৰ পিন্ধাক লৈ মন্তব্য কৰি সমালোচিত পাক সাংবাদিক

এগৰাকী পাকিস্তানী সাংবাদিকে এক প্ৰতিযোগিতাৰ সময়ত ৰাষ্ট্ৰীয় মহিলা ফুটবল দলৰ খেলুৱৈসকলে চুটি কাপোৰ পিন্ধাক লৈ আপত্তি প্ৰদৰ্শন কৰে (Pakistani journalist controversy on wearing shorts) । তাৰ পিছতেই তেওঁ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয় ।

নয়ডাত আৰক্ষীৰ গুলীত আহত গো হত্যাত জড়িত দুৰ্বৃত্ত

নয়ডাত আৰক্ষীৰ গুলীত আহত গো-হত্যাত জড়িত এজন দুৰ্বৃত্ত । দানকৌৰ আৰক্ষী থানা অঞ্চলৰ আট্টা ফতেহপুৰ গাঁৱৰ ওচৰত গো হত্যা কৰাৰ পিছতেই অভিযান চলোৱাত আহত হয় আত্তা ফতেহপুৰ গাঁৱৰ বাসিন্দা তাজু (cow slaughter injured in Noida) ।

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ বার্মিজ চুপাৰি জব্দ

গুৱাহাটীত বাৰ্মিজ চুপাৰি জব্দ কৰাটো এতিয়া স্বাভাৱিক ঘটনাত পৰিণত হৈছে( Burmese supari seized in Guwahati)। গুৱাহাটী ৰে’ল ষ্টেচনত (Burmese supari seized at Guwahati Railway Station) পুনৰ দেওবাৰে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি ।

বাঢ়নী পানীৰ প্ৰবল সোঁতে উটুৱাই নিলে যুৱকক

উত্তৰাখণ্ডত সংঘটিত এক কৰুণ ঘটনা ৷ ভৰ বাৰিষাৰ সময়তে (Monsoon in Uttarakhand) ৰাজ্যখনৰ হালদ্বাণী ৰামনগৰ পথত অৱস্থিত ভখড়া ড্ৰেইন পাৰ হ’বলৈ লওঁতেই ড্ৰেইনটোৰ বাঢ়নীত পানীত উটি যায় এজন ২৭ বছৰীয়া যুৱক (Youth drowned in Bhakra drain) ৷

আইনৰ স্নাতকসকললৈ বিশেষ আহ্বান মুখ্য ন্যায়াধীশৰ ?

ওড়িশাৰ ৰাষ্ট্ৰীয় আইন বিশ্ববিদ্যালয়ৰ নৱম সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতে (CJI at National Law University in Odisha)। শিক্ষাৰ্থীসকলক আইনী সহায়ৰ কামত অধিক সময় আৰু শক্তি প্ৰয়োগ কৰিবলৈ তেওঁ আহ্বান জনায় । অনুষ্ঠানত মুঠ ২২১ গৰাকী স্নাতকক ডিগ্ৰী প্ৰদান কৰা হয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.