সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 28, 2021, 5:10 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Gift from Yuvraj Singh : কিয় বিশ্বকাপত নিজৰ সৰ্বশ্ৰেষ্ঠ স্মৃতি এজন অসমীয়াক দিছিল যুৱৰাজে ?

খেলুৱৈ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ অ’ডি গাড়ীখন প্ৰশিক্ষক নিশান্ত বৰদলৈক উপহাৰ হিচাপে দিছিল যুৱৰাজ সিঙে (Yuvraj gave his dearest car to Nishant)। ২০১১ৰ বিশ্বকাপ ক্ৰিকেটত অলৰাউণ্ডাৰ যুৱৰাজ সিঙে মেন অৱ দ্য ছিৰিজত পাইছিল অ'ডি বাহনখন(Yuvraj has got an Audi in 2011 ICC world cup)।

Price hike : বজাৰত জ্বলিছে জুই অসম চৰকাৰ আছে শুই !

টাস্ক ফ'ৰ্চ গঠনৰ নামত যোগান মন্ত্রীৰ ভোকোভাওনা । ঢাল-তৰোৱালবিহীন নিধিৰাম চৰ্দাৰত পৰিণত হৈছে বিয়াগোম যোগান বিভাগ । খালী হৈ আছে বহু পদ (Vacancies in Assam civil supply department)। বিষয়া-কৰ্মচাৰীৰ অভাৱত অচল মুদ্ৰাত পৰিণত যোগান বিভাগ । অনিয়ন্ত্রিত বজাৰ ব্যৱস্থা । ইচ্ছা মতে মূল্য বৃদ্ধি কৰিছে অসাধু ব্যৱসায়ীয়ে (Unscrupulous traders raise prices) । শাক-পাচলিৰ উৎপাদনস্থলী আৰু বজাৰৰ মূল্যৰ মাজত আকাশ-পাতাল পাৰ্থক্য । বজাৰ ব্যৱস্থাত মধ্যভোগীৰ দপদপনি ।

Fire brigade mock drill : ধনিশিৰিত অগ্নিনিৰ্বাপক বাহিনীৰ সজাগতামূলক কাৰ্যসূচী

ৰাজ্যত প্ৰায় প্ৰতিদিনে অগ্নিকাণ্ডৰ ফলত বহু লোকৰ প্ৰাণহানি হোৱাৰ লগতে বহু সম্পত্তি ধ্বংস হোৱা দেখা যায়(Fire incident in Assam) । ৰাইজৰ অসাৱধানতা আৰু সজাগতাৰ অভাৱৰ বাবে জুইত নষ্ট হয় বহু সম্পত্তি । যাৰ বাবে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে অগ্নিনিৰ্বাপক বাহিনীয়ে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ । গোলাঘাট জিলাৰ ধনশিৰিত অগ্নিনিৰ্বাপক আৰু আপাতকালীন সেৱাৰ উদ্যোগত লোৱা হৈছে বিশেষ সজাগতামূলক কাৰ্যসূচীৰ আয়োজন কৰা হয় (Fire Brigade Awareness Programme at Dhansiri) ।

New rules Impliment in SEBA : নৱম-দশম শ্ৰেণীৰ বাবে বিশেষ ছয়মাহিলী পৰীক্ষা

ছেবাত নতুন নিয়ম কাৰ্যকৰী(New rules Impliment in SEBA) ৷ 15 ডিচেম্বৰৰ ভিতৰত ছেবাই পাতিব বিশেষ ছয়মাহিলী পৰীক্ষা ৷ পৰীক্ষা নিদিলে 2022 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাই মাদ্ৰাছা পৰীক্ষাত বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰীসকল ৷

Mission Basundhara : দুদিন পিছতে সম্পন্ন হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া

মাটি-বাৰীক লৈ কিবা সমস্যা আছে নেকি আপোনাৰ ? আপোনাৰ এই সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে মিছন বসুন্ধৰা(Mission Basundhara) নামেৰে এক বিশেষ পদক্ষেপ ৷ দুদিনৰ পিছতে সম্পন্ন হ’ব অনলাইন আবেদন প্ৰক্ৰিয়া ৷

Assam Olympic Association : অসম অলিম্পিক সন্থাৰ বিশেষ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

শনিবাৰে সম্পন্ন অসম অলিম্পিক সন্থা(Assam Olympic Association)ৰ বিশেষ কাৰ্যনিৰ্বাহক সভা ৷ প্ৰথমবাৰলৈ গুৱাহাটীত অনুষ্ঠিত হ’ব ভাৰতীয় অলিম্পিক সন্থাৰ বাৰ্ষিক সাধাৰণ সভা আৰু নিৰ্বাচন ।

কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ উপস্থিতিত সংসদত সৰ্বদলীয় বৈঠক

শীতকালীন অধিৱেশনৰ পূৰ্বে দেওবাৰে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ৰাজনৈতিক দলসমূহৰ নেতাসকলৰ সৈতে এই বৈঠকত মিলিত হয় (Pralhad Joshi meet parties floor leaders)। চৰকাৰী পক্ষই জনোৱা মতে কৃষি আইন বাতিল হ'ব এই অধিৱেশনৰ অন্যতম লক্ষ্য ।

Karimganj Police Operation : পৃথকে দুটাকৈ স্থানত জব্দ নিচাযুক্ত সমগ্ৰী

কৰিমগঞ্জৰ দুই স্থানত পৃথকে জব্দ হৈছে নিচাযুক্ত দ্ৰব্য(Drugs Seized in Karimganj) ৷ কৰিমগঞ্জ আৰক্ষী(Karimganj Police) আৰু সীমান্ত আৰক্ষী(Border Security Force)ৰ এক যুটীয়া অভিযানত বালিয়া গাঁৱৰ পৰা জব্দ হয় মুঠ 2,59,200 টা ইয়াবা টেবলেট(Yaba Tablet seized in Karimganj) । জব্দ হোৱা নিষিদ্ধ টেবলেটখিনিৰ বজাৰ মূল্য প্ৰায় 10 কোটি টকা ।

Winter Session of assam assembly : দিছপুৰত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠক

20 ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধানসভাৰ শীতকালীন অধিৱেশনৰ (Winter Session of assam assembly) খচৰা দিনপঞ্জী প্ৰস্তুত (preparation of draft calender) কৰিবৰ বাবে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সভাপতিত্বত এক বৈঠক অনুষ্ঠিত হয় ৷ সমিতিৰ সকলো সদস্যৰ উপস্থিতিত ‘কাৰ্য উপদেষ্টা সমিতি’ৰ বৈঠকখন সুকলমে হৈ যায় ৷

Two Bangladeshi Arrested : নৈশ বাছৰ পৰা আটক দুই সন্দেহজন নাগৰিকক

কৰিমগঞ্জৰ চূড়াইবাৰী আৰক্ষীয়ে আটক কৰিছে দুই সন্দেহজনক নাগৰিকক (Suspected Nationals Detained) ৷ চূড়াইবাৰী আৰক্ষী(Churaibari Police search operation at night super) য়ে নিশা এখন যাত্ৰীবাহী নৈশ বাছত তালাচী চলাই সন্দেহজনক এই দুই নাগৰিকক আটক কৰে । আৰক্ষীয়ে সন্দেহ কৰা মতে, আটকাধীন লোক দুজন বাংলাদেশী মূলৰ (Suspected Bangladeshi citizen at Karimganj) ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.