সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 20, 2021, 5:01 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

Dept allocation to BTR: হাগ্ৰামাৰ দিনত ৩৯ টা বিভাগ পোৱা BTR লৈ ১৬ টাহে কিয় ?

বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী বড়োভূমিৰ প্ৰশাসনৰ দায়িত্বত থকা সময়ত ৰাজ্য চৰকাৰৰ অধীনস্থ ৩৯ টা বিভাগ বি টি আৰক অৰ্পণ কৰা হৈছিল । কিন্তু ইয়াৰ বিপৰীতে প্ৰমোদ বড়ো(BTC Chief Pramod Boro) নেতৃত্বাধীন ইউ পি পি এলে বড়োভূমিৰ প্ৰশাসন চলাবলৈ হাতত পাইছে মাত্ৰ ১৬ টা বিভাগহে ।

new committee of assam pradesh congress : কিয় গঠন হোৱা নাই প্ৰদেশ কংগ্ৰেছৰ নতুন সমিতি ?

অসম প্ৰদেশ কংগ্ৰেছৰ নতুন কমিটী(new committee of assam pradesh congress) গঠনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই(bhupen kumar borah) ৷ এক টেলিফোনিক বাৰ্তালাপত তেওঁ কয়, 'আচলতে উপ-নিৰ্বাচনৰ বাবেই নতুন সমিতিখন গঠনত কিছু পলম হৈছে । ইতিমধ্যে মই নতুন সমিতিৰ তালিকা দলৰ ৰাষ্ট্ৰীয় নেতৃত্বৰ হাতত অৰ্পণ কৰিছোঁ ।'

Assam Police Encounter : হোজাইত গুলীবিদ্ধ দুই অপৰাধী

হোজাইত এইবাৰ অসম আৰক্ষীৰ এনকাউন্টাৰ । আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰোতে ভূ-মাফিয়া আৰু বাইক চোৰ গুলীবিদ্ধ । নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন গুলীবিদ্ধ অপৰাধী কেইজন ।

ST status demand: জনজাতিকৰণৰ দাবীত আমগুৰিৰ চাৰিআলিত অৱস্থান ধৰ্মঘট আটাছুৰ

জনজাতিকৰণৰ দাবী(ST status demand)ত পুনৰ প্ৰতিবাদমুখৰ সদৌ তাই আহোম ছাত্র সন্থা(All Tai Ahom Students Union) । ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰে শিৱসাগৰৰ আমগুৰি চাৰিআলিত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আটাছুৱে ৷ আটাছুৰ শিৱসাগৰ জিলা সমিতি উদ্যোগত ৰূপায়ন কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীত শতাধিক ছাত্ৰ নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ আমগুৰি ৰাজহচক্ৰ বিষয়াৰ যোগেৰে মুখ্যমন্ত্ৰীলৈ জনজাতিকৰণৰ দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে আটাছুৱে ।

Smart policing in Assam : মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ লগে লগেই আৰক্ষীয়ে ল’লে পদক্ষেপ

মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে নতুন নিয়ম ৷ কথা মতেই কাম কৰিলে আৰক্ষী বিভাগে ৷ স্মাৰ্ট পুলিচিং(smart policing) ক্ষেত্ৰত দেশৰ ভিতৰতে তৃতীয় স্থান লাভ কৰা অসম আৰক্ষীয়েনো এইবাৰ কি নতুন চমক দিলে জানো আঁহক ৷

খিলঞ্জীয়া লোকক সংস্থাপন দিব চৰকাৰে: মন্ত্ৰী যোগেন মহন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বনাঞ্চলসমূহ বেদখল মুক্ত কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে । ইতিমধ্যে ৰাজ্যৰ বহু অঞ্চলতে চলিছে প্ৰশাসনৰ বুলড’জাৰ ৷ এইবাৰ প্ৰশাসনৰ উচ্ছেদ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মন্ত্ৰী যোগেন মহনে ৷

UNESCO WORLD HERITAGE SITE: বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা

শুকুৰবাৰে চৰাইদেউ জিলাৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত (Charaideu Maidam) বিশ্ব ঐতিহ্য সপ্তাহ(Charaideu World Heritage Week)ৰ সপ্তাহযোৰা কাৰ্যসূচী উপলক্ষে অনুষ্ঠিত হয় এক উদ্ধোধনী অনুষ্ঠানৰ ৷ অনুষ্ঠানত মন্ত্ৰী যোগেন মহন উপস্থিত থাকি চৰাইদেউবাসীক দিলে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত চৰাইদেউ মৈদামৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনাৰ খবৰ ৷

BTR Chief at Thaikarakuchi : শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ ঘৰত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo)

শ্বহীদ সুমন স্বৰ্গীয়াৰী(Martyr Suman Swargiary)ৰ ঘৰত উপস্থিত বিটিআৰ প্ৰধান প্ৰমোদ বড়ো(BTR Chief Pramod Bodo) ৷ শ্বহীদগৰাকীৰ পৰিয়ালৰ অৱস্থাৰ বুজ ল’বলৈ শনিবাৰে থৈকাৰাকুছিত উপস্থিত হয় বিটিআৰ প্ৰধানগৰাকী ৷ বড়োক সংগ দিয়ে বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়োৱে(Speaker of BTC Katiram Bodo at thaikarakuchi) ৷

Polar division within APCC : AIUDFৰে মিত্রতা ভংগকলৈ কংগ্ৰেছৰ ভিতৰচ’ৰাত মেৰুবিভাজন

প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দলৰ জ্যেষ্ঠ-প্ৰবীণ নেতাসকলক গুৰুত্ব নিদিয়া, এলাগী কৰা, লবীকেন্দ্ৰীক ৰাজনীতিত ব্যস্ত থাকি দলটোক বিপর্যয়ৰ মুখলৈ ঠেলি দিয়াৰ অভিযোগ । আজমলৰে মিত্ৰতা ভংগৰ পাচতেই একাংশ কংগ্ৰেছীৰ হাইকমাণ্ডকৈ পত্ৰ । আগন্তুক লোকসভা নিৰ্বাচনত আজমলৰে একেলগে যুঁজাটো বিচাৰিছে গৰিষ্ঠসংখ্যক সংখ্যালঘু কংগ্ৰেছীয়ে ।

Pure Drinking Water Scheme: মহানগৰীৰ ৭০ শতাংশ মানুহেই বঞ্চিত

গুৱাহাটী মহানগৰীত বিশেষকৈ মাৰ্চ, এপ্ৰিল আৰু মে’ মাহত খোৱাপানীৰ যথেষ্ট হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় । মহানগৰীৰ চৰকাৰী পানী যোগান ব্যৱস্থা(Pure Drinking Water Scheme)ই এতিয়াও গুৱাহাটীৰ আধাতকৈও অধিক মানুহক খোৱাপানী যোগান ধৰিব পৰা নাই ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.