সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

author img

By

Published : Nov 18, 2021, 5:13 PM IST

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

সন্ধিয়া 5 বজাৰ শীৰ্ষ দহটা বাতৰি

আলফা চৰকাৰৰ আলোচনাত কি ভূমিকা ল’ব শৃংখল চলিহাই ?

পুনৰ প্ৰাণ পাই উঠিছে আলফা আৰু চৰকাৰৰ আলোচনাৰ বিষয়টোৱে ৷ এনে সময়তে, পাঁচ গৰাকীকৈ অসম জীয়ৰীয়ে আলফা স্বাধীনত যোগ দিয়াৰ খবৰে উত্তাল কৰিছে ৰাজ্যৰ আকাশ বতাহ ৷ এই সময়তে আলফাৰ সভাপতি পৰেশ অসমক আলোচনালৈ আহ্বান জনাই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক শৃংখল চলিহাই কৰিলে বিশেষ মন্তব্য ।

Road Construction : পথ নিৰ্মাণৰ পিছদিনাই এৰিলে ব্লেক টপিং

টীয়কত পথ নিৰ্মাণত ব্যাপক বিসংগতি ৷ পথ নিৰ্মাণৰ পিছদিনাই এৰিলে ব্লেক টপিং ৷ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষুব্ধ সাধাৰণ জনতাই এৰুৱালে পথৰ ব্লেক টপিং ৷

COVID-19 Update: দৈনিক আঢ়ৈ শতাধিককৈ ক'ভিড পজিটিভ

ৰাজ্যত বৃদ্ধি পায়েই আছে ক’ভিডৰ সংক্ৰমণ ৷ বিগত তিনিদিনত ৰাজ্যত প্ৰতিদিনে প্ৰায় আঢ়ৈ শতাধিককৈয়ো অধিক লোক আক্ৰান্ত হৈছে কৰ’ণাত । এই তথ্য সদৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে ৷

Delhi Pollution:বায়ুৰ মান 'অতি বেয়া' শ্ৰেণীলৈ অৱনমিত

দিল্লীৰ প্ৰদূষণ অপৰিৱৰ্তিত হৈ আছে । বৃহস্পতিবাৰে পুৱাৰ তথ্য অনুসৰি দিল্লীৰ AQI হৈছে ৩৪৪ । দিনটোৰ সৰ্বাধিক তাপমাত্ৰা ২৭ ডিগ্ৰী চেলচিয়াছৰ আশে পাশে থকাৰ সম্ভাৱনা আছে ।

প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে'লৱেত 'Pod' retiring room

যাত্ৰীক অধিক সুবিধা প্ৰদান কৰিবলৈ মুম্বাই চেন্ট্ৰেল ষ্টেচন(Mumbai Central Railway station)ত উদ্বোধন কৰা হ'ল 'Pod' retiring room । প্ৰাথমিক প্ৰয়োজনীয় সামগ্ৰীৰে সু-সজ্জিত এই কোঠাবোৰত জিৰণি লৈ যাত্ৰীয়ে অপেক্ষা কৰিব পাৰিব তেওঁলোকৰ নিৰ্দিষ্ট ৰে'লখন আহি পোৱালৈকে । প্ৰথমে জাপানত এই 'Pod' retiring room উপলব্ধ কৰা হৈছিল ।

জাতীয় সংগঠনৰ নেতাৰ বিৰুদ্ধে ধন সংগ্ৰহৰ অভিযোগ

মৰাণত একপ্ৰকাৰ ডকাইতৰ ৰূপ লৈছে একাংশ জাতীয় সংগঠনৰ নেতাই ৷ মৰাণৰ আবকাৰী বিষয়াৰ কাৰ্যালয়ত ধনৰ লেন-দেন চলাৰ অভিযোগ ৷ আছু নেতাৰ পিছত টাইপা নেতাৰ বিৰুদ্ধে উঠিছে ধন সংগ্ৰহৰ অভিযোগ ৷ ভুক্তভোগীৰ এজাহাৰ দাখিল ৷

Majuli Raas : ৰাস মহোৎসৱ চাবলৈ মাজুলীলৈ অহা প্ৰতিজন দৰ্শনাৰ্থীৰে কৰা হৈছে Covid test

ক’ভিড কালতো চৰকাৰৰ নীতি-নিৰ্দেশনাৰে বৃহস্পতিবাৰৰ পৰা উদযাপন কৰিবলৈ লোৱা হৈছে ৰাস ৷ স্বাস্থ্য পৰীক্ষাৰ বাবে কৰা হৈছে সম্পূৰ্ণ সা-সুবিধা ৷

Tripura Civic Poll : নিৰ্বাচনৰ পূৰ্বে SEC লৈ স্মাৰক পত্ৰ ত্ৰিপুৰা বাওঁ মৰ্চা কমিটীৰ

ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচনৰ পূৰ্বে কেইবাটাও অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে ৰাজ্যখনত । যাৰ বাবে নিৰ্বাচন আয়োগৰ কাষ চাপিছে বাওঁ মৰ্চা দল । কেইবাটাও দাবীৰে ইতিমধ্যে দলটোৱে নিৰ্বাচন আয়ুক্তক প্ৰদান কৰিছে এক স্মাৰক পত্ৰ ।

বিকল CCTV কেমেৰাৰে গুৱাহাটী মহানগৰীক সুৰক্ষাৰ বৃথা চেষ্টা !

বৰ্তমানেও মহানগৰীত হৈ উঠা নাই চি চি টি ভি কেমেৰাৰ সম্পূৰ্ণ কাম ৷ 2013 আৰু 2018 চনতেই গুৱাহাটীৰ বিভিন্ন ঠাইত 290 টা চি চি টি ভি কেমেৰা স্থাপন কৰাৰ বাবে বিভিন্ন পৰিকল্পনা হাতত লৈছিল যদিও আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল এই কামফেৰা ৷

পানীত হাঁহ নচৰাৰ অৱস্থা ৬৪ খন বিদ্যালয়ৰ ১৪১ গৰাকী চিনিয়ৰ মাদ্ৰাছা শিক্ষকৰ

বিগত 9 মাহে দৰমহা লাভৰ পৰা বঞ্চিত হৈ আছে সমগ্ৰ অসমৰ 141 গৰাকী ছিনিয়ৰ মাদ্ৰাছাৰ ঠিকাভিত্তিক শিক্ষক ৷ উল্লেখ্য যে 2010 চনত হাইস্কুল ঠিকাভিত্তিত শিক্ষকসকলৰ লগতে এই সকল ছিনিয়ৰ মাদ্ৰাছা ঠিকাভিত্তিত শিক্ষকসকলকো একে প্ৰক্ৰিয়াৰে নিযুক্তি প্ৰদান কৰা হৈছিল । ইফালে 2020 চনৰ জুলাই মাহৰ পৰা আৰ অ' পি (ROP) অনুযায়ী হাইস্কুলৰ ঠিকাভিত্তিক শিক্ষকসকলে দৰমহাৰ লগতে অন্যান্য সা-সুবিধা সমুহো লাভ কৰিছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.