11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

author img

By

Published : Sep 24, 2022, 10:58 AM IST

top-10-at-11-pm

11 বজাৰ শীৰ্ষ 10 টা বাতৰি...

গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন

ইটোৰ পিছত সিটো অঘটন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত ৷ গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পস্থলীত পুনৰ ভয়ংকৰ ভূমিস্খলন ৷ লেফ্ট বেংকত সংঘটিত হৈছে এই ঘটনা (বাওঁপাৰত) ৷

PFIৰ সদস্য গ্ৰেপ্তাৰ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে ?

সমগ্ৰ দেশজুৰি চলিছে PFI ৰ বিৰুদ্ধে NIA আৰু ED ৰ অভিযান (Raids against PFI) ৷ এই সন্দৰ্ভত শুকুৰবাৰে নিশা প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma reacts on PFI )।

বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা

শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে বিশিষ্ট সাহিত্যিকগৰাকীক প্ৰদান কৰে এই বঁটা ৷

ৰকিবুলে ধুবুৰীত নিৰ্বাচন খেলিলে আজমলে টালি-টোপোলা বান্ধিব লাগিব: মীৰা বৰঠাকুৰ

এ আই ইউ ডি এফৰে মিত্ৰতা সন্দৰ্ভত স্থিতি স্পষ্ট প্ৰদেশ কংগ্ৰেছৰ(AIUDF Alliance with Congress) ৷ আজমলৰ সৈতে কেতিয়াও মিত্ৰতা নকৰে কংগ্ৰেছে ৷ আনহাতে আজমলক হৰুৱাবলৈ ৰকিবুল হুছেইনে পাৰফেক্ট বুলি মন্তব্য অসম প্ৰদেশ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ(Assam Pradesh Mahila Congress President Mira Borthakur)।

Assam Cabinet Decision: ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণ কৰা হ’ব আসন

ছয় জনগোষ্ঠীৰ বাবে চিকিৎসা মহাবিদ্যালয়ত আসন সংৰক্ষণ কৰা হ’ব ৷ গুণোৎসৱত এ গ্ৰেড পোৱা বিদ্যালয়ক আৰ্থিক বৰঙনি দিয়াৰ লগতে আজিৰ কেবিনেটত লোৱা হ’ল বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত (Assam Cabinet Decision)৷

সোণৰ পদকেৰে ডিব্ৰুগড়লৈ গৌৰৱ কঢ়িয়ালে ভাস্কৰজ্যোতি দত্তই

মধ্যপ্ৰদেশত অনুষ্ঠিত হোৱা National Games ত ডিব্ৰুগড়ৰ ভাস্কৰজ্যোতি দত্তই অসমৰ হৈ প্ৰতিনিধিত্ব কৰি 60 মিটাৰ আৰু 100 মিটাৰ দৌৰত সোণৰ পদক‌ (Bhaskarjyoti Dutta clinches gold medal) আৰু ডিস্কাছ থ্ৰ'ত ৰূপৰ পদক পাবলৈ সক্ষম হয় ৷

জুৰীয়াত খেলি থাকোতেই সলিল সমাধি চাৰি শিশুৰ

জুৰীয়াত শোকাৱহ ঘটনা ৷ খেলি থকা অৱস্থাতে পুখুৰীত পৰি চাৰি শিশু-কিশোৰীৰ মৃত্যু (Four children died in Juria) ৷

ৰূপহীহাটত ড্ৰাগছসহ আটক ৩ সৰবৰাহকাৰী

পহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি বেলুগুৰি নতুন বজাৰত ড্ৰাগছৰ বিৰুদ্ধে চলায় অভিযান ৷ আৰক্ষীয়ে অভিযান কালত ৪ টা চাবোনৰ বাকচৰ ভিতৰত ভৰাই অনা ড্ৰাগছসহ ৩ টাকৈ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drug dealer Arrested at Rupohihat) ৷ জব্দকৃত ড্ৰাগছখিনিৰ ওজন প্ৰায় ৩৯.৩৮ গ্ৰাম হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Drugs seized at Rupohihat) ৷

ৰাষ্ট্ৰীয় গেমছত পদক অনিব পাৰিলে পাব চৰকাৰী চাকৰি : মুখ্যমন্ত্ৰী

শুকুৰবাৰে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা হয় এক বিশেষ সভাৰ ৷ এই সভাতে গুজৰাটৰ ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত (National Sports competition) অংশগ্ৰহণ কৰিবলৈ যাবলগীয়া অসমৰ খেলুৱৈসকলৰ বাবে প্ৰস্তুত কৰা কীট মুকলি কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী তথা অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱাল ৷

নামৰূপত অব্যাহত বন্যহস্তীৰ তাণ্ডৱ

নামৰূপত অব্যাহত আছে বন্যহস্তীৰ ধ্বংসলীলা ৷ বিগত দুটাকৈ দিনত তিনিটাকৈ বাসগৃহত চলিল বন্যহস্তীৰ উপদ্ৰৱ (Wild Elephant Terror at Namrup in Dibrugarh) ৷ উপায়ন্তৰ এতিয়া অঞ্চলবাসী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.