11 বজাৰ 10 টা শীৰ্ষ বাতৰি

11 বজাৰ 10 টা শীৰ্ষ বাতৰি
11 বজাৰ 10 টা শীৰ্ষ বাতৰি
Ragging in JB college: 12 জন ছাত্ৰৰ বিৰুদ্ধে মহাবিদ্যালয় কৰ্তৃপক্ষৰ গোচৰ ৰুজু
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পিছত এইবাৰ ৰেগিং কাণ্ডই জোকাৰিছে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয় (Ragging in JB College) ৷ সামাজিক মাধ্যমযোগে মহাবিদ্যালয়খনৰ ছাত্ৰাৱাসত থকা ভুক্তভোগী ছাত্ৰই ৰেগিং সন্দৰ্ভত বৰ্ণনা কৰাৰ পিছতেই ৰেগিঙৰ বিৰুদ্ধে কঠোৰ হৈছে বিশ্ববিদ্যালয়ৰ অধ্যক্ষ ড৹ উৎপল জ্যোতি মহন্ত ৷ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ চৈয়দ আব্দুল মালিক ছাত্ৰাবাসত সংঘটিত হৈছিল ৰেগিঙৰ ঘটনা ৷ ছাত্ৰাবাসটোৰ জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে নৱাগত ছাত্ৰই অভিযোগ উত্থাপন কৰাৰ পিছতেই সমগ্ৰ ঘটনাৰে জড়িত 12জন ছাত্ৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে মহাবিদ্যালয় কৰ্তৃপক্ষই(FIR launched against hostelers of JB college) ৷
DU Ragging case: ৰেগিংকাণ্ডৰ পলাতক কল্যাণ দত্তৰ চাঞ্চল্যকৰ ফেচবুক লাইভ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিংকাণ্ডৰ মূল অভিযুক্ত হিচাপে পৰিচিত হোৱা কল্যাণ দত্ত সম্প্ৰতি পলাতক(Accused of Dibrugarh University ragging incident) । বুৰঞ্জী বিভাগৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ কল্যাণ দত্তক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ মাজতেই আজি নিজৰ ফেচবুকৰ জড়িয়তে বহু চাঞ্চল্যকৰ মন্তব্য দিছে কল্যাণ দত্তই(Prime accused of Dibrugarh University ragging) । পলাতক কল্যাণ দত্তই নিজকে নিৰ্দোষী আখ্যা দি পুলিচৰ ভয়ত পলাই থকা নাই বুলি উল্লেখ কৰে । আনন্দ শৰ্মাৰ সৈতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ হোষ্টেলত আচলতে কি হৈছিল সেইদিনা সেই কথাও কয় কল্যাণ দত্তই ।
DU ragging updates: এন্টি ৰেগিং সমিতিৰ বৈঠকত গ্ৰহণ কৰা নহ'ল কোনো ধৰণৰ সিদ্ধান্ত
পুনৰ আজি অনুষ্ঠিত হ'ব ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ এন্টি ৰেগিং সমিতিৰ বৈঠক (DU Anti ragging committee meeting) বৃহস্পতিবাৰে দিনৰ ১১ বজাৰ পৰা সন্ধিয়া ৭ বজালৈকে প্ৰায় ১০ ঘণ্টাৰ বৈঠকত নহ'ল কোনো সিদ্ধান্ত । শুকুৰবাৰে পুনৰ হ'বলগা বৈঠকত ৬ জন অভিযুক্তক ভাষ্য গ্ৰহণ কৰিবৰ বাবে তলৱ কৰিছে ।
Matri Pitri Vandana Scheme: পিতৃ মাতৃৰ বাবে ৰাজ্যিক কৰ্মচাৰীলৈ দুদিনৰ বিশেষ ছুটি চৰকাৰৰ
বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা মাতৃ-পিতৃ বন্দনা আঁচনিৰ বাবে ৰাজ্যিক কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰা হৈছে (Matri Pitri Vandana Scheme) । ২০২৩ বৰ্ষৰ ৯ আৰু ১০ ফেব্ৰুৱাৰিত কৰ্মচাৰীক বিশেষ ছুটী প্ৰদান কৰিছে ৰাজ্য চৰকাৰে । এই বিশেষ দুটা দিনৰ ছুটীৰ পাছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে ১১ আৰু ১২ ফেব্ৰুৱাৰীত পাব স্বাভাৱিক চৰকাৰী বন্ধ । মাতৃ-পিতৃ বন্দনা আঁচনিৰ সুবিধা লাভ কৰা কৰ্মচাৰীসকলে দ্বিতীয় শনিবাৰ আৰু দেওবাৰ মিলাই মুঠ ৪ দিন বন্ধৰ সুবিধা লাভ কৰিব ।
Dibrugarh ragging case : PNGB ছাত্ৰাৱাসত নিশা ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ঘটনাৰ তদন্তৰ ক্ষেত্ৰত অধিক তৎপৰ হৈছে ডিব্ৰুগড় আৰক্ষী । ঘটনা সন্দৰ্ভত এই পৰ্যন্ত ৫ জন ছাত্ৰক আটক কৰি জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে (Arrested on DU ragging case)। বৃহস্পতিবাৰে নিশা ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উপস্থিত হয় ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰ । ৰেগিং কাণ্ডৰ সৈতে জড়িত সকলোকে সোধা-পোছা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে । কেৱল ছাত্ৰই নহয় নিৰাপত্তাৰ দায়িত্বত থকা সকলৰ লগতে পদ্মনাথ গোহাঞি বৰুৱা ছাত্ৰাৱাসৰ অধীক্ষকসকলকো সোধা-পোছা কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে ।
FIFA World Cup 2022: গ্ৰুপ পৰ্যায়তে অন্ত পৰিল বহুকেইটা শক্তিশালী দলৰ বিশ্বকাপৰ যাত্ৰা
ৰাছিয়াত অনুষ্ঠিত 2018 চনৰ ফিফা বিশ্বকাপৰ পাচত ক্ৰমাগতভাৱে জাৰ্মানীৰ দ্বিতীয়টো পৰাজয় ৷ ফিফা বিশ্বকাপৰ পৰা বাহিৰ জাৰ্মানী ৷ হতাশজনকভাৱে গ্ৰুপ E ৰ পইন্ট তালিকাত তৃতীয় স্থানতে থাকে শক্তিশালী দলটো (FIFA 2022 updates) ৷ গ্ৰুপ F ৰ বেলজিয়াম আৰু কানাডাই কালি ফিফাৰ যাত্ৰা সামৰে গ্ৰুপ পৰ্যায়ত (Belgium in FIFA 2022) ৷
Preaching Christianity in Dibrugarh: ডিব্ৰুগড়ত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন, ধৰ্ম প্ৰচাৰ কৰিব গৈ আটক তিনিগৰাকী
ডিব্ৰুগড়ত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন (Preaching Christianity) । খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি অহাৰ অভিযোগত দুই যুৱতীসহ এজন যুৱকক আটক ডিব্ৰুগড় আৰক্ষীৰ । চহৰখনৰ এইছ এছ ৰোডত হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাই থকাৰ সময়তে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে তিনি প্ৰচাৰকক । এই তিনি প্ৰচাৰকৰ বিৰুদ্ধে বলপূৰ্বকভাৱে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ । এশ দেৱ-দেৱীক আৰাধনা কৰাতকৈ এজন যীশু খ্ৰীষ্টক স্মৰণ কৰিলে সমস্ত দোষ-পাপ খণ্ডন হ’ব বুলি চলাইছিল প্ৰচাৰ ।
Charaideo police raid against Drugs: চৰাইদেউত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ
চৰাইদেউ আৰক্ষীৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযান ৷ সোণাৰি পৌৰসভাৰ ৭ নং ৱাৰ্ডৰ কৱৰস্থানপট্টিৰ বাসিন্দা আচিবুৰ ৰহমানৰ বাসগৃহত চলে এই অভিযান ৷ অভিযানকালত জব্দ ড্ৰাগছ ভৰ্তি ৩৮ টা কণ্টেইনাৰ ৷
Scam in PWD department: লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে শাসকীয় বিধায়কৰ ক্ষোভ
মুখ্যমন্ত্ৰী ড৹ হিমন্ত শৰ্মাৰ সিদ্ধান্তৰ বিৰুদ্ধে মুকলি বিষোদগাৰ শাসকীয় বিধায়কৰ ৷ মঙলবাৰে শাসকীয় বিধায়ক মৃণাল শইকীয়াই দিয়া এটা টুইটত স্পষ্ট হৈছে এই কথা (Mrinal Saikia tweet) ৷ কিন্তু বিধায়ক মৃণাল শইকীয়াৰ অভিযোগক নস্যাৎ কৰিবলৈ এক প্ৰকাৰ চালে-বেৰে কোবাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷
Badaruddin Ajmal Slams BJP : কোনো চৰকাৰৰ লগতেই আমাৰ বুজাবুজি নাই: আজমল
"চৰকাৰ যাৰেই নহওক, নিৱনুৱা সমস্যা বৰ্তমান আমাৰ সকলোতকৈ ডাঙৰ সমস্যা ৷ যিকোনো প্ৰকাৰে এই সমস্যাৰ সমাধান হ’ব লাগে ৷ আমাৰ কোনো চৰকাৰৰ লগতে বুজাবুজি নাই ৷" কৰিমগঞ্জৰ বদৰপুৰত আজি বিজেপিৰ বিৰুদ্ধে এই মন্তব্য প্ৰকাশ কৰে বদৰুদ্দিন আজমলে (Badaruddin Ajmal In Karimganj) ৷ "আমাৰ মুছলমান চুপাৰি ব্যৱসায়ীক বৰবাদ আৰু ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে" বুলি অভিযোগ উত্থাপন কৰে সাংসদ বদৰুদ্দিন আজমলে (Badaruddin Ajmal Slams BJP)। স্থানীয় চুপাৰি ব্যৱসায় বন্ধ কৰি দালালৰাজ চলোৱা হৈছে আৰু ইয়াৰ সৈতে "ডাঙৰ মানুহ" জড়িত হৈ আছে বুলি অভিযোগ কৰে আজমলে (Badaruddin Ajmal on Supari syndicate)।
