11 বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : Sep 23, 2021, 11:00 AM IST

11 বজাৰ শীৰ্ষ দহটা বাতৰি

11 বজাৰ শীৰ্ষ দহটা বাতৰি...

কোৱাড সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ৱাশ্বিংটনত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিউয়ৰ্কত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ প্ৰদান কৰিব ৷ প্ৰধানমন্ত্ৰীয়ে কোৱাড সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে হোৱাইট হাউচত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বিডেনৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব ।

বিটিআৰৰ শিক্ষা বিভাগত ব্যাপক ৰদবদল

বিটিআৰ পৰিষদীয় চৰকাৰৰ শিক্ষা বিভাগত ব্যাপক সালসলনি । বুধবাৰে এক নিৰ্দেশনাযোগে কেইবাগৰাকীও শিক্ষা বিষয়াক বদলি কৰা হৈছে আন ঠাইলৈ । কোকৰাঝাৰ জিলা শিক্ষা বিষয়া তথা বিদ্যালয় পৰিদৰ্শক জয়পাল সিং ব্ৰহ্মক একে পদতে ওদালগুৰি জিলালৈ বদলি কৰা হৈছে ।

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভাৰে উদুলি-মুদুলি আনন্দৰাম বৰুৱা ক্ষেত্র

দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সভা(State BJP Executive Meeting) ৷ পাঁচ শতাধিক কাৰ্যনিৰ্বাহক সদস্যই পৰম্পৰাগত সাজপাৰ পৰিধান কৰি ভাগ লোৱা এই কাৰ্যনিৰ্বাহক সভাখন বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰ থলীলৈ ৰূপান্তৰিত হয় ৷

মহানগৰী আৰক্ষীৰ জালত দালালৰাজত জড়িত আমছুৰ স্বয়ম্ভূ সভাপতি

মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচত দালালৰাজৰ(Land Broker) বিৰুদ্ধে কঠোৰ স্থিতি মহানগৰ আৰক্ষীৰ । এইবাৰ আৰক্ষীৰ জালত পৰিছে ইকবাল হুছেইন নামৰ এজন স্বয়ম্ভূ আমছুৰ সভাপতি ।

গোলাঘাটত 9 mm পিষ্টলসহ আটক দুজন

গোলাঘাটত বিগত দুটা দিনত আৰক্ষীয়ে দুটাকৈ পিষ্টল উদ্ধাৰ কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জিলাখনৰ এৰেঙাপাৰাত মঙলবাৰে আৰক্ষীয়ে এজন যুৱকৰ পৰা পিষ্টল উদ্ধাৰ কৰাৰ পাছত বুধবাৰে নিশা পুনৰ কছাৰীহাটত এটা 9mm পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

ধলপুৰৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে আমছুৰ প্ৰতিবাদ

ধলপুৰত হোৱা উচ্ছেদ(Eviction) অভিযানৰ বিৰোধিতা কলগাছিয়া আমছু(AAMSU)ৰ ৷ উচ্ছেদ অভিযানৰ ফলত গৃহহীন দৰিদ্ৰ লোকসকলক পুনৰ সংস্থাপন দিয়াৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে ৷


মৰাণৰ তিনি যুৱকৰ নিৰুদ্দেশে কৰিছে চাঞ্চল্য সৃষ্টি

একেখন গাঁৱৰ পৰা তিনিজন যুৱক একেলগে সন্ধানহীন হোৱা ঘটনাই মৰাণত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে । সোমবাৰৰ পৰাই তিনিওজন যুৱকৰে কোনো শুংসূত্ৰ পোৱা পৰিয়ালৰ লোকে । ক'ত গ'ল যুৱক কেইজন ? ৰাইজে কি সন্দেহ কৰিছে ?

উল্টাপানীৰ ঘটনাক লৈ উত্তাল কোকৰাঝাৰ

কোকৰাঝাৰৰ উল্টাপানীৰ ঘটনাক লৈ উত্তাল হৈ আছে সমগ্ৰ জিলাখন । বুধবাৰে এবছুসহ ১৩ টা সংগঠনে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ঘটনাটোৰ উচ্চ পৰ্যায়ৰ তদন্ত দাবীৰ লগতে কোনো নিৰীহ লোকক ভুৱা এনকাউণ্টাৰত হত্যা নকৰিবলৈ আৰক্ষীক আহ্বান স্থানীয় সংগঠনসমূহৰ ।

আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱসৰ তাৎপৰ্য...

আজি আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস(International Day of Sign Languages) ৷ 2018 চনৰ পৰা প্ৰতিবছৰে 23 ছেপ্তেম্বৰৰ দিনটোত এই বিশেষ দিৱসটো পালন কৰাৰ তাৎপৰ্য কি ?

ভূমি পট্টা প্ৰদানৰ দাবীত অনুসূচিত জাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ভূমিহীন ৰাইজক ভূমি পট্টা প্ৰদানৰ দাবীত উত্তাল শিৱসাগৰ ৷ অসম চৰকাৰৰ নিৰ্দেশমৰ্মে সমগ্ৰ ৰাজ্যজুৰি মাটিৰ দালালক আটক কৰি দালালৰাজ শেষ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেয়া সকলোৱে একেমুখে প্ৰশংসা কৰিছে । এনে সময়তে বুধবাৰে জিলাখনৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত সদৌ শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই ভূমিহীন ৰাইজক পট্টা প্ৰদানৰ দাবীত ৰূপায়ণ কৰে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.