1 বজাৰ 10 টা শীৰ্ষ বাতৰি

author img

By

Published : Jul 31, 2022, 1:01 PM IST

top-10-at-1-pm

1 বজাৰ 10 টা শীৰ্ষ বাতৰি

AFDC Job Scam : মীন উন্নয়ন নিগমৰ অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত ২১৭ গৰাকী কৰ্মচাৰীক বৰ্খাস্ত

উচ্চস্তৰীয় কমিটীৰ প্ৰতিবেদনত ২১৭ টা পদত অবৈধ নিযুক্তিৰ তথ্য প্ৰকাশ । অবৈধভাৱে নিযুক্তিপ্ৰাপ্ত কৰ্মচাৰীক বৰ্খাস্ত নিগমৰ পৰিচালন সঞ্চালকৰ (217 employees of Assam Fisheries Development Corporation Ltd sacked)। সম্পূৰ্ণ নীতিবৰ্হিভূতভাৱে দিয়া হৈছিল নিযুক্তি । চাকৰিকালত লাভ কৰা দৰমহাৰ টকা ঘূৰাই দিব লাগিব বক্ৰপথেৰে চাকৰি লোৱা অসম মীন উন্নয়ন নিগম লিমিটেডৰ ২১৭ গৰাকী কৰ্মচাৰীয়ে ।

Eath quake hits nepal: পুৱাই ভূমিকম্পই জোঁকাৰিলে চুবুৰীয়া নেপালক

পুনৰ ভূমিকম্পই জোঁকাৰিলে নেপালক(Earthquake in Kathmandu of Nepal)। নেপালৰ ৰাজধানী কাঠমান্ডুৰ পৰা ১৪৭ কিলোমিটাৰ পূব-দক্ষিণত ধিতুঙত দেওবাৰে ৰিখটাৰ স্কেলত ৫.৫ প্ৰাবল্যৰ ভূমিকম্পৰ জোঁকাৰণি অনুভূত হয় ।

Daughter-in-law murder case: অন কেমেৰা হত্যাকাৰীৰ অকপট স্বীকাৰোক্তি

হায় মানৱতা! ভাতৃৰ পত্নীক হত্যা কৰি কেমেৰাৰ আগত স্বীকাৰোক্তি মফিদুলৰ ৷ ভাতৃৰ লগত জোৰ জবৰদস্তি বিবাহপাশত বহাৰ অভিযোগ তুলি ডিঙি চেপি হত্যা কৰি ওলোমাই থ’লে ভাই বোৱাৰীয়েকৰ মৃতদেহ (killer confessed strangulating his Daughter in law murder) ৷

Fake encounter in Assam: পুনৰ ভুৱা এনকাউণ্টাৰে লজ্জিত কৰিলে অসম আৰক্ষীক

ভুৱা এনকাউণ্টাৰ কৰি অসম আৰক্ষীৰ মুখ থেকেচা (Fake encounter in Assam) ৷ অসম কঁপোৱা ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ নৃশংস হত্যাৰ অভিযুক্ত ৰিন্টু শৰ্মাৰ এনকাউন্টাৰক ভুৱা আখ্যা দিয়ে আদালতে (Rintu Sarma victim of fake encounter) ৷

ED raid at Mumbai : সঞ্জয় ৰাউটৰ বাসগৃহত EDৰ অভিযান

দেওবাৰে পুৱাই শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটৰ বাসগৃহত অভিযান চলায় ED য়ে (ED raid at residence of Sanjay Raut)। মুম্বাইৰ Correspondence গোচৰ সন্দৰ্ভত এই অভিযান EDৰ । ED য়ে পূৰ্বে দুবাৰকৈ সঞ্জয় ৰাউটৰ বিৰুদ্ধে চমন জাৰি কৰিছিল । ৰাউট গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে ।

FIR against Angurlata Deka: আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ আটাছুৰ

শনিবাৰে বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাই আহোম জনগোষ্ঠীৰ বিৰুদ্ধে কিছু বিতৰ্কিত মন্তব্য কৰাৰ অভিযোগ উঠিছিল । ফলত আঙুৰলতা ডেকাৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানাত গোচৰ ৰুজু কৰে সদৌ টাই আহোম ছাত্ৰ সন্থাই (FIR against Angoorlata Deka) ৷

Commonwealth Games 2022: কমনৱেলথ গেমছত আজি মেডেল লাভ যুঁজত নামিব অসমৰ পপী হাজৰিকা

বাৰ্মিংহাম কমনৱেলথ গেমছত অসমৰ ভাৰোত্তোলক পপী হাজৰিকা(Popy Hazarika selected for Commonwealth game) । এইবাৰ কমনৱেলথ গেমছত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিবলগীয়া অসমৰ সাতগৰাকীকৈ খেলুৱৈৰ ভিতৰত শিৱসাগৰৰ আমগুৰিৰ ভাৰোত্তোলক পপী হাজৰিকা অন্যতম । আজি ভাৰোত্তোলন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া পপীলৈ শুভেচ্ছা আৰু পপীৰ জয় যাত্ৰাৰ বাবে প্ৰাৰ্থনা জনালে আমগুৰিবাসীয়ে(Popy Hazarika to participate in Weight lifting on today) ।

Bihu Workshop: ভৰ শাওণত ঢোলে গুম গুমালে জামুগুৰিহাটত

চ'তো নহয় ব'হাগো নহয় শাওণতে ঢোলৰ মাতে কঁপালে জামুগুৰিহাট । আবতৰীয়া বিহু চাবলৈ হিলদল ভাঙি আহিল ৰাইজ । ১৫ দিনীয়া বিহু কৰ্মশালাৰ অন্তত ঢোল পেঁপা গগনাৰ মাতত ৰজনজনাই গ’ল সমগ্ৰ জামুগুৰিহাট(Bihu workshop held in Jamugurihat) ।

Pension Sewa Kendra: ধুবুৰীত পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

অৱসৰী শিক্ষকৰ বাবে আশাৰ বতৰা ৷ ৰাজ্যৰ 27খন জিলাত মুকলি হ’ল পেন্সন সেৱা কেন্দ্ৰ (Pension service centers inaugurated in Assam)। সমান্তৰালকৈ ধুবুৰী জিলাতো পেঞ্চন সেৱা কেন্দ্ৰৰ শুভাৰম্ভ কৰিলে ধুবুৰী জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৷

Nirmala Mishra passes away: ‘‘কি নাম দি মাতিম’’ বুলি সুধিবলৈ গায়িকা নিৰ্মলা মিশ্ৰ আৰু নাই

বিশিষ্ট সংগীত শিল্পী নিৰ্মলা মিশ্ৰ আৰু নাই (Nirmala Mishra passes away)৷ হৃদ ৰোগত আক্ৰান্ত হৈ শনিবাৰে নিশা শিল্পীগৰাকীৰ মৃত্যু হয় ৷ ওড়িয়া, বাংলা ছবিৰ লগতে বহুকেইখন অসমীয়া ছবিত গীত গাইছিল তেওঁ (Nirmala Mishra Assamese songs)।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.