দৰঙতো আৰম্ভ উপ ৰাষ্ট্ৰীয় টীকাকৰণ অভিযান

author img

By

Published : Sep 18, 2022, 10:52 PM IST

Sub National Polio Immunisation Campaign

ৰাজ্যজুৰি আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান । প্ৰতিটো শিশুৰ সুৰক্ষাৰ বাবে অসমৰ ১৯ খন জিলাত২৬ লাখৰো অধিক পলিঅ’ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷ দৰঙত এই কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই(Sub National Polio Immunisation Campaign at Darrang) ।

মঙ্গলদৈ ১৮ ছেপ্টেম্বৰ: ৰাজ্যৰ আন ১৯খন জিলাৰ লগতে দৰং জিলাতো আজিৰপৰা আৰম্ভ হৈছে উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান । মঙলদৈ অসামৰিক চিকিৎসালয়ত অনুষ্ঠিত এক অনুষ্ঠানত জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মাই এই অভিযানৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে (Sub National Polio Immunisation Campaign at Darrang) ।

ভাষণ প্ৰসংগত শৰ্মাই কয় যে, দেওবাৰে বুথ পৰ্যায়ত পলিঅ’ প্ৰদান কৰাৰ বিপৰীতে সোমবাৰৰ পৰা দুদিন ঘৰে ঘৰে গৈ স্বাস্থ্যকৰ্মীয়ে জন্মৰ পৰা ৫ বছৰৰ বয়স পৰ্যন্ত শিশুক এই প্ৰতিষেধক পলিঅʼৰ দুটাকৈ পালি প্ৰদান কৰিব । এই অভিযান সফল কৰাৰ বাবে ৰাইজক সহযোগ আগবঢ়াবলৈ আহ্বান জনায় উপযুক্ত গৰাকীয়ে (DC Pranav Kumar Sharma inaugurated Vaccination Campaign) ।

উল্লেখ্য যে, এই অভিযানৰ সময়ছোৱাত জিলাখনৰ মুঠ ১৮৫৫৮৩ টা গৃহত স্বাস্থ্যকৰ্মীয়ে পৰিদৰ্শন কৰাৰ লগতে ১৩৫৮৭৮ টি জন্মৰ পৰা ৫ বছৰৰ ভিতৰৰ শিশুক সামৰি ল’ব । ইয়াৰ বাবে সৰ্বমুঠ ২৭৩৪ গৰাকী স্বাস্থ্যকৰ্মীক নিয়োগ কৰা হৈছে । আনহাতে, শুভ উদ্বোধনী অনুষ্ঠানত দৰং জিলাৰ যুটীয়া স্বাস্থ্যসেৱা সঞ্চালক ডাঃ হৰপাল সিং সুৰী, জিলা টীকাকৰণ বিষয়া ডাঃ ৰূপৰেখা কলিতা, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ গোপীনাথ বৰাকে ধৰি অৰ্ধ শতাধিক স্বাস্থ্যকৰ্মী উপস্থিত থাকে ।

লগতে পঢ়ক: ভূৰবন্ধাত আয়োজন উপ-ৰাষ্ট্ৰীয় পলিঅʼ প্ৰতিষেধক প্ৰদান অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.