দলগাঁৱত ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত আহত ছাত্ৰ

author img

By

Published : Nov 21, 2021, 8:33 PM IST

student-injured-in-royal-bengal-tiger-attack-in-dalgaon

দলগাঁৱত ঢেকিয়াপতীয়া বাঘ(Royal Bengal Tiger)ৰ আতংক ৷ বাঘৰ আক্ৰমণত আহত হৈছে এজন ছাত্ৰ ৷ উন্নত চিকিৎসাৰ বাবে জিএমচিএইচ(GMCH)লৈ প্ৰেৰণ ৷

দলগাঁও, 21 নৱেম্বৰ : দেওবাৰে দৰঙৰ দলগাঁৱত আতংকৰ সৃষ্টি কৰে এটা ঢেকীয়াপতীয়া বাঘে(Royal Bangal Tiger) ৷ বাঘটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈছে এগৰাকী ছাত্ৰ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, দলগাঁৱৰ 1নং কছাৰীভেটিটোপ গাঁৱত আতংকৰ সৃষ্টি কৰে ঢেকীয়াপতীয়া বাঘটোৱে(Royal Bangal Tiger) ৷ বাঘটোৰ আক্ৰমণত আহত হৈছে ইমৰাণ ফৰহাদ আলী নামৰ এজন 14 বছৰীয়া ছাত্ৰ ৷ অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে দেওবাৰে পুৱা পথাৰলৈ যাওতে বাঘটোৱে আক্ৰমণ কৰে ৷

দলগাঁৱত ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত আহত ছাত্ৰ

পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে আহত ছাত্ৰজনক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয়(Mangaldoi Civil Hospital)লৈ প্ৰেৰণ কৰে ৷ কিন্তু ছাত্ৰজনৰ স্বাস্থ্যৰ অৱস্থা অধিক শোচনীয় হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে চাওক: Royal bengal tiger death : দৰঙত মৃত বাঘৰ অৱশিষ্ট উদ্ধাৰ

উল্লেখ্য যে, বিগত 3/4 দিনৰ পৰাই বাঘটোৱে অঞ্চলটোত মুক্ত বিচৰণ কৰি থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে ৷ বন বিভাগৰ লোকে পূৰ্বে উক্ত স্থানত উপস্থিত হৈ বাঘটোক ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াইছিল যদিও পুনৰ দেওবাৰে বাঘটো জনাঞ্চললৈ আহি আতংকৰ সৃষ্টি কৰিছে ৷ সমগ্ৰ অঞ্চলটোতে আতংকৰ সৃষ্টি কৰা ঢেকীয়াপতীয়া বাঘটোক পুনৰ উদ্যানলৈ খেদি পঠিয়াবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বন বিভাগে ৷

উল্লেখ্য যে, শনিবাৰে দৰঙৰ বামুণঝাৰত উদ্ধাৰ হৈছিল এটা ঢেকীয়াপতীয়া বাঘৰ মৃতদেহৰ অৱশিষ্ট অংশ ৷ দেওবাৰে পুনৰ ঢেকীয়াপতীয়া বাঘে ছাত্ৰজনক আক্ৰমণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোত বাঘৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে ৷

লগতে চাওক: ওৰাং ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ ঢেকীয়াপতীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.