ছিপাঝাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

author img

By

Published : Sep 19, 2021, 9:40 PM IST

ছিপাঝাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে বিজেপিয়ে 20 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ছিপাঝাৰত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

দৰং,19 ছেপ্তেম্বৰ : দেওবাৰে দৰঙৰ ছিপাঝাৰত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ উপলক্ষে বিজেপিয়ে 20 দিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে ছিপাঝাৰত উপস্থিত হয় সোণোৱাল ৷ জানিবপৰা মতে বিজেপিয়ে উদযাপন কৰা সেৱা আৰু সংকল্প অভিযানৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ৷ উক্ত কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া ৷

ছিপাঝাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
ছিপাঝাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

আনহাতে মাধৱদেৱৰ প্ৰিয় শিষ্য লেচাকোনীয়া গোবিন্দ আতাই 452 বছৰ পূৰ্ৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক খটৰা সত্ৰতো উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী গৰাকী ৷ তাৰ লগে লগে সত্ৰ পৰিচালনা সমিতিয়ে আদৰণি জনায় সৰ্বানন্দ সোণোৱালক ৷ ইপিনে সৰ্বানন্দ সোণোৱাল খটৰা সত্ৰত উপস্থিত হৈ ৰঘুনাথৰ আশীষ লয় ৷

ছিপাঝাৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

একেদৰে মন্ত্ৰী গৰাকীয়ে দৰঙৰ সাতকুৰি কৃষক শ্বহীদৰ স্মৃতিত নিৰ্মাণ কৰাত সমাধি ক্ষেত্ৰত পুষ্পাঞ্জলি অৰ্পণ কৰে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 71 সংখ্যক জন্মদিনৰ উপলক্ষে খটৰা সত্ৰত আয়োজন কৰা এক স্বচ্ছতা কাৰ্যসূচীত অংশগ্ৰহণ কৰি এক সভাত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱালে ৷

লগতে পঢ়কঃ অসমৰ কৃষকৰ পৰা ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব ১০ লাখ মেট্রিক টন ধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.