Royal bengal tiger death : দৰঙত মৃত বাঘৰ অৱশিষ্ট উদ্ধাৰ

author img

By

Published : Nov 20, 2021, 7:12 PM IST

Updated : Nov 20, 2021, 7:32 PM IST

Royal bengal tiger death

দৰঙৰ বামুণঝাৰত উদ্ধাৰ হৈছে এটা মৃত ঢেকীয়াপতীয়া বাঘ(Royal bengal tiger death)ৰ অৱশিষ্ট ৷ ইয়াৰ বিপৰীতে শনিবাৰৰ দিনটোত যোৰহাটত পিঞ্জৰাবদ্ধ(Leopard Caught) হৈছে এটা নাহৰফুটুকী ৷

দৰং/যোৰহাট, 20 নৱেম্বৰ : শনিবাৰে দৰঙৰ বামুণঝাৰত উদ্ধাৰ হৈছে এটা মৃত বাঘ(Royal bengal tiger death)ৰ অৱশিষ্ট ৷ আনুমানিক চাৰি-পাঁচদিন পূৰ্বে মৃত্যু ঘটা বাঘটোৰ পৰা ওলোৱা দুৰ্গন্ধৰ উৎস বিচাৰি স্থানীয় লোকে অনুসন্ধান কৰাতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে ৷ ধাননি পথাৰত পৰি ৰোৱা বাঘটোৰ অৱশিষ্টখিনিহে প্ৰত্যক্ষ কৰে গাঁওবাসীয়ে ৷

বাঘটোৰ মৃত্যুৰ কাৰণ এইপৰ্যন্ত জানিব পৰা হোৱা নাই যদিও শিয়ালৰ উপদ্ৰৱ ৰোধ কৰাৰ উদ্দেশ্যে কৃষকসকলে খেতিপথাৰত খাদ্যৰ সৈতে মিহলাই ৰখা বিষাক্ত দ্ৰব্য ভক্ষণ(poisionus death)ৰ ফলতে বাঘটোৰ মৃত্যু ঘটা বুলি অনুমান কৰা হৈছে ৷

অঞ্চলটোৰ ৰাইজে আৰক্ষী তথা বন বিভাগক খবৰ নিদিয়াকৈয়ে বাঘটোৰ মৃতদেহৰ অৱশিষ্টখিনি গাঁত খান্দি পুতি থয় ৷ পৰৱৰ্তী সময়ত এই বিষয়ে গাঁওবুঢ়া, কুৰুৱা বন বিভাগ(Kurua Forest Department) আৰু বুঢ়া আৰক্ষী(Burha police Station)য়ে জানিব পাৰি ঘটনাস্থলীত উপস্থিত হয় কুৰুৱা আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ সহ পশু চিকিৎসকৰ এটা দল ৷ দলটোৱে বাঘটোৰ মৃতদেহটো গাঁতৰ পৰা উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে একাংশ অংগ ফৰেনচিক লেবৰেটৰীলৈ প্ৰেৰণ কৰি অৱশিষ্ট অংশটো দাহন কৰে ৷

royal-bengal-tiger-poisionus-death-in-bamunjhar-of-darrang
যোৰহাটত পিঞ্জৰাবদ্ধ নাহৰফুটুকী

আনহাতে, শেহতীয়াকৈ সঘনে নাহৰফুটুকী পিঞ্জৰাবদ্ধ(Leopard caught) হোৱাৰ ঘটনাই দখল কৰিছে সংবাদ শীৰ্ষ ৷ পূৰ্বে ডিব্ৰুগড়ৰ পৃথক পৃথক স্থানত নাহৰফুটুকী পিঞ্জৰাবদ্ধ হোৱাৰ ঘটনাই আতংকিত কৰি তুলিছে সৰ্বসাধাৰণক ৷ কিছুদিন পূৰ্বে মহানগৰীৰ মালিগাঁও অঞ্চলতো নিশাৰ ভাগত নাহৰফুটুকীৰ মুক্ত বিচৰণৰ ভিডিঅ’ ভাইৰেল হৈছিল চ’ছিয়েল মিডিয়াত ৷

পুনৰায় শনিবাৰে এটা নাহৰফুটুকী পিঞ্জৰাবদ্ধ(Leopard Caught) কৰা হয় যোৰহাটৰ গড়মূৰ কুৰুকাতলিত ৷ অঞ্চলটোত দীৰ্ঘদিনৰ পৰা মুক্ত বিচৰণ কৰি একপ্ৰকাৰ ত্ৰাসৰ সৃষ্টি কৰি আহিছিল নাহৰফুটুকীটোৱে ৷ শনিবাৰে বন বিভাগে যোগান ধৰা পিঞ্জৰাত স্থানীয় লোকে তৎপৰতাৰে আৱদ্ধ কৰে নাহৰফুটুকীটো ৷

লগতে চাওক: Union Minister Sarbananda Sonowal at Pachighat: কেইবাখনো অভিলাসী আঁচনি ঘোষণা

Last Updated :Nov 20, 2021, 7:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.