Dalgaon Tiger Attack : কছাৰী ভেটিটোপ গাঁৱত নিহত কেইবাটাও পশুধন

author img

By

Published : Nov 25, 2021, 6:33 PM IST

dalgaon-tiger-attack

দলগাঁৱত ঢেকিয়াপতীয়া বাঘৰ আতংক (Royal Bangal Tiger at Dalgaon)৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 আৰু 3 নং কছাৰী ভেটিটোপ গাঁৱত বনৰজাই নিধন কৰিছে কেইবাটাও পশুধন ৷ ইতিমধ্যে ঘটনাস্থলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীৰ দল এটি উপস্থিত হৈ বাঘটোৰ সন্ধানত নামি‌ পৰিছে ৷

দলগাওঁ, 25 নৱেম্বৰ : দলগাৱঁত পুনৰ বনৰজাৰ আতংকত ত্ৰস্তমান অঞ্চলবাসী ৷ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই শিলবৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত 2 আৰু 3 নং কছাৰী ভেটিটোপ গাঁৱত ত্ৰাস চলালে বনৰজাই(Dalgaon Tiger Attack) ৷ ইতিমধ্যে গাঁও দুখনত কেইবাটাও পশুধন নিধন কৰিছে এই ঢেকীয়াপতীয়া বাঘটোৱে (Royal Bengal Tiger killed livestock) ৷ বৰ্তমান এই বাঘটোৱে গাঁওখনৰে জংঘলত আত্মগোপন কৰি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ।

জানিব পৰা মতে প্ৰায় এসপ্তাহ ধৰি ভেটিটোপ গাঁৱৰ পাৰ্শ্বৱৰ্তী অঞ্চলত বিচৰণ কৰি ‌আহিছে এই বাঘটোৱে । ইতিমধ্যে ঘটনাস্থলীত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সুৰক্ষা কৰ্মীৰ দল এটি উপস্থিত হৈ বাঘটোৰ সন্ধানত নামি‌ পৰিছে ৷ এই বাঘটোক টেংকুলাইজ কৰি কৰায়ত্ত কৰা হ'ব বুলি জনাইছে উদ্যানখনৰ বন সুৰক্ষা বিষয়াই ।

Dalgaon Tiger Attack : কছাৰী ভেটিটোপ গাঁৱত নিহত কেইবাটাও পশু

উল্লেখ্য যে, বিগত 21 নৱেম্বৰ তাৰিখে এই বাঘটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হৈছিল অঞ্চলটোৰ ইমৰান ফৰহাদ নামৰ এজন 14 বছৰীয়া ছাত্ৰ (student injured in tiger attack) । অষ্টম শ্ৰেণীত পঢ়ি থকা ছাত্ৰজনে দেওবাৰে পুৱা পথাৰলৈ যাওতে বাঘটোৱে আক্ৰমণ কৰে ৷ পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে আহত ছাত্ৰজনক উদ্ধাৰ কৰি মঙলদৈ অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ৷ কিন্তু ছাত্ৰজনৰ স্বাস্থ্যৰ অৱস্থা অধিক শোচনীয় হোৱাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে ৷

ইতিমধ্যে বিগত 3/4 দিনৰ পৰাই বাঘটোৱে অঞ্চলটোত মুক্ত বিচৰণ কৰি থকা বুলি প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰিছে(free roaming of tiger in village) ৷ উক্ত ঘটনাৰ পিছত বন সুৰক্ষা কৰ্মীয়ে ঢেকিয়াপতীয়া বাঘটোক উদ্যানখনলৈ ওভতাই পঠিয়াইছিল যদিও পুনৰ উদ্যানৰ পৰা ওলাই আহি অঞ্চলটোৰ দাঁতি-কাষৰীয়া গাঁৱত ত্ৰাস চলাই বাঘটোৱে ।

লগতে পঢ়ক: দলগাঁৱত ঢেকিয়াপতীয়া বাঘৰ আক্ৰমণত আহত ছাত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.