Soil mining in Mangaldoi: মাটি খননৰ বিৰুদ্ধে মঙলদৈত ৰাইজৰ প্ৰতিবাদ

author img

By

Published : Dec 10, 2022, 11:36 AM IST

Soil mining in Mangaldoi

মোৱামাৰী অঞ্চলত চৰকাৰৰ নেতৃত্বত চলিছে মাটি খনন প্ৰক্ৰিয়া (Soil mining in Mangaldoi)। যাৰ বাবে সমস্যাত পৰিছে নৈপৰীয়া ৰাইজ । খনন কাৰ্যৰ বিৰুদ্ধে পুৰুষ-মহিলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ।

দৰং,১০ ডিচেম্বৰ : ৰাজ্যৰ ভিন্ন প্ৰান্তত অবৈধ মাটি আৰু বালি খনন চলি আছে (Illegal mining in Assam)। প্ৰতিবছৰে বানৰ সংহাৰী ৰূপ ধাৰণ কৰা একাংশ অঞ্চলতো নৈৰ বালি খনন প্ৰক্ৰিয়া অব্যাহত আছে (Sand mining)। এই অবৈধ খননৰ বিৰুদ্ধে বহু স্থানত আকৌ চৰকাৰ তথা প্ৰশাসন কঠোৰ হোৱাও দেখা গৈছে ।

কিন্তু এইবাৰ দৰং জিলাৰ মঙলদৈত চৰকাৰৰ নেতৃত্বতে চলিছে মাটিৰ খনন কাৰ্য । গধুৰ যন্ত্ৰপাতিৰে দিনে-নিশাই চলিছে নদীৰ পাৰৰ মাটি খনন কাৰ্য । যাক লৈ সমস্যাত পৰিছে একাংশ কৃষক । যাৰ বাবে খনন কাৰ্যত ব্যৱহৃত গধুৰ যন্ত্ৰপাতি আৱদ্ধ কৰি স্থানীয় ৰাইজে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে (Public protest against soil mining)।

উল্লেখ্য যে মঙলদৈত নিৰ্মাণ হৈ আছে দক্ষতা বিকাশ বিশ্ববিদ্যালয় (Skill University in Mangaldoi)। নিৰ্মাণ কাৰ্যৰ বাবে মঙলদৈৰ বিভিন্ন স্থানৰ পৰা মাটি লৈ যোৱা হৈছে । মোৱামাৰীত নৈৰ পাৰৰ পৰাও প্ৰতিদিনে মাটি খান্দি ডাম্পাৰেৰে লৈ যোৱা হৈছে । শ শ বিঘা ভূমিত চলা এই খনন কাৰ্যৰ বাবে নৈপৰীয়া ৰাইজ শংকিত হৈ পৰিছে ।

মাটি খননৰ বিৰুদ্ধে মঙলদৈত ৰাইজৰ প্ৰতিবাদ

নৈৰ পাৰত কৃষকসকলে ৰবি শস্যৰ খেতি আৰম্ভ কৰিছে যদিও মাটি খননৰ নামত সেইবোৰ নষ্ট কৰাৰ অভিযোগ কৰিছে ৰাইজে । আনহাতে নিতৌ শ শ ডাম্পাৰ অহা যোৱা কৰাৰ ফলত মঙলদৈ-মোৱামাৰীৰ সমগ্ৰ অঞ্চলতো ধূলিময় হৈ পৰাত অস্বাস্থ্যকৰ পৰিৱেশত থাকিবলগীয়া হৈছে ৰাইজ (People in trouble for soil mining)। ৰাইজে অভিযোগ কৰা মতে একাংশ লোকে সেই অঞ্চলত অবৈধভাৱেও খনন কাৰ্য চলাই আছে । ৰাইজে বহুবাৰ আপত্তি কৰাৰ পাছতো খনন কাৰ্য চলি থকাত অৱশেষত শুকুৰবাৰে নৈৰ পাৰলৈ ওলাই আহিল অঞ্চলটোৰ পুৰুষ-মহিলা ।

মাটি খননত ব্যৱহৃত যন্ত্ৰপাতি আৱদ্ধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে । অতি শীঘ্ৰে খনন কাৰ্য বন্ধ কৰিবলৈও দাবী জনাই ৰাইজে । অৱশ্যে ৰাইজৰ প্ৰতিবাদ দেখি সেই স্থানত উপস্থিত হয় আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়া নয়নজ্যোতি পাঠক । ৰাইজৰ অভিযোগ পোৱাৰ পাছত এই কাৰ্য বন্ধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস দিয়ে বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :Truck loaded with timber seized: মাকুমত জব্দ অবৈধভাৱে সৰবৰাহ কৰা কাঠভৰ্তি ট্ৰাক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.