বাংলাদেশৰ পৰা মঙলদৈ আহি পালে নিৰুদ্দিষ্ট মুকুল হাজৰিকা

author img

By

Published : Sep 14, 2021, 10:02 PM IST

Mukul Hazarika arrives in Mangaldoi from Bangladesh

অৱেশষত মঙলদৈত থানাত উপস্থিত হ'ল মুকুল হাজৰিকা ৷ ২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মঙলদৈৰ মুকুল হাজৰিকা ৷ আকস্মিকভাৱে বাংলাদেশ প্ৰৱেশ কৰিছিল পেচাত ৰিক্সা চালক মুকুলে ৷

দৰং, 14 ছেপ্টেম্বৰ : অৱেশষত মঙলদৈত থানাত উপস্থিত হ'ল চাৰি বছৰতকৈ অধিক বাংলাদেশত বন্দী হৈ থকা মুকুল হাজৰিকা ৷ ২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দিষ্ট হৈ আছিল মঙলদৈৰ মুকুল হাজৰিকা ৷ আকস্মিকভাৱে বাংলাদেশত প্ৰৱেশ কৰিছিল পেচাত ৰিক্সা চালক মুকুলে ৷

বাংলাদেশৰ পৰা মঙলদৈ আহি পালে 4 বছৰো অধিক কাল নিৰুদ্দিষ্ট মুকুল হাজৰিকা

তেতিয়াৰ পৰা অবৈধ প্ৰৱেশৰ অপৰাধত বাংলাদেশত কাৰাৰুদ্ধ হৈছিল মুকুল হাজৰিকা ৷ শেহতীয়াকৈ লাভ কৰা পোৱা তথ্য অনুসৰি, অভিভাৱকৰ অভাৱত কাৰাগাৰৰ ম্যাদ ওকলাৰ পাছতো বাংলাদেশৰ পৰা নিজ দেশলৈ উভতিব পৰা নাছিল মুকুলে ৷ জানিব পৰা মতে তিনিটি সন্তানৰ পিতৃ মুকুল হাজৰিকা ৷

লগতে পঢ়ক: বিশ্বকৰ্মাৰ মূৰ্তিত অন্তিম পৰশ দিয়াত ব্যস্ত মৃন্ময় শিল্পী

মুকুল হাজৰিকা বাংলাদেশত অৱদ্ধ হৈ থকা খৱৰটো সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাচতে তৎপৰ হৈছিল দৰং জিলা প্ৰশাসন ৷ নৱ নিযুক্ত দৰঙৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ পৰা বিষয়টো অৱগত হোৱাৰ পাছতে গৃহ বিভাগৰে যোগাযোগ কৰে ৷ প্ৰায় ১ মাহ কাল বিষয়টো আলোচনাৰ অন্তত ১১ ছেপ্টেম্বৰত দৰং আৰক্ষীৰ উপ পৰিদৰ্শক ডান্টেজিৎ দেউৰীৰ লগত মুকুলৰ পিতৃ ফুলেশ্বৰ হাজৰিকাক ভাৰত-বাংলাদেশ সীমান্তলে প্ৰেৰণ কৰে ৷

অৱশেষত মঙলবাৰে সন্ধিয়া মঙলদৈ সদৰ থানাত উপস্থিত হয় মুকুল হাজৰিকা । ইতিমধ্যে মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মস্কো শইকীয়াৰ তত্বাৱধানত ৰখা হৈছে মুকুল হাজৰিকাক । পৰৱৰ্তী সময়ত হাজৰিকাৰ স্বাস্থ্য পৰীক্ষা কৰা পাচতে স্বগৃহ লৈ যোৱাৰ ব্যৱস্থা কৰিব বুলি জানিবলৈ দিছে দৰং আৰক্ষীৰ এক সূত্ৰই ৷

লগতে পঢ়ক: অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত পুনৰ ৰদ-বদল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.