দৰঙত আদৰ্শ ‌মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

author img

By

Published : Sep 10, 2022, 10:49 PM IST

Minister Chandra Mohan Patowary laid foundation stone of Mangaldai Model Girls College at Kharupetia in Darrang

শনিবাৰে দৰঙত আদৰ্শ ‌মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Foundation stone of Mangaldai Model Girls College) । ৪২ বিঘা মাটিত তিনিটা সমষ্টি ক্ৰমে মঙলদৈ ,কলাইগাঁও আৰু দলগাঁও সমষ্টিৰ নাৰী শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হয় এই মহাবিদ্যালয়খন ৷

দলগাঁও, ১০ ছেপ্টেম্বৰ: এক দীৰ্ঘদিনীয়া সমস্যাৰ অন্ত পেলাই শনিবাৰে দৰঙত আদৰ্শ ‌মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে দৰং জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Foundation stone of Mangaldai Model Girls College) । জিলাখনৰ মঙলদৈ সমষ্টিৰ অন্তৰ্গত নিজ খাৰুপেটীয়াস্থিত ভাৰতীয় মৰাপাট নিগম লিমিটেডৰ কাষত ৪২ বিঘা মাটিত তিনিটা সমষ্টি ক্ৰমে মঙলদৈ ,কলাইগাঁও আৰু দলগাঁও সমষ্টিৰ নাৰী শিক্ষাৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হয় এই মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয়খন (Mangaldai Model Girls’ College at Kharupetia) ।

অৱশ্যে ২৩ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’বলগীয়া মঙলদৈ আদৰ্শ মহিলা মহাবিদ্যালয় আধাৰশিলা অনুষ্ঠানৰ বেনাৰত মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব ‌শৰ্মাৰ‌ ফটো নেদেখি ভাষণতে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে‌ UDF ৰ বিধায়ক মজিবৰ ৰহমানে । বিধায়কগৰাকীৰ‌ ক্ষোভৰ পিছতেই বেনাৰত সংলগ্ন কৰা হয় মুখ্যমন্ত্ৰীৰ ফটো ।

দৰঙত আদৰ্শ ‌মহিলা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন

অৱশ্যে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে এই বিষয়টো বৰ বিশেষ ডাঙৰ কথা নহয় বুলি মন্তব্য কৰে ৷ অনুষ্ঠানত মন্ত্ৰী যোগেন মহন, সাংসদ দিলীপ শইকীয়া আৰু জিলাখনৰ তিনি সমষ্টিৰ বিধায়ক ক্ৰমে বসন্ত দাস, পৰমানন্দ ৰাজবংশী আৰু মজিবুৰ ৰহমানৰ লগতে অঞ্চলটোৰ বহু গণ্যমান্য ব্যক্তিৰ লগতে আৰক্ষী প্ৰশাসনৰ‌ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: লংকাত জোখ-মাখ বিভাগৰ অভিযান, জৰিমনাৰ লগতে জব্দ ওজন জোখা যন্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.