Lack of teachers in school: শিক্ষকৰ অভাৱত ব্যাহত অচিনতলা এম ই মাদ্ৰাছা‌ৰ শিক্ষাদান

author img

By

Published : Nov 22, 2021, 7:21 PM IST

Lack of teachers in Achintala ME MadrashaLack of teachers in Achintala ME Madrasha

দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ‌খাৰুপেটীয়াৰ নিকটৱৰ্তী অচিনতলা এম ই মাদ্ৰাছা‌ত (Achintala ME Madrasha) কৰ্মৰত হৈ আছে দুগৰাকী শিক্ষক আৰু দুগৰাকী শিক্ষয়িত্ৰী । শিক্ষকৰ অভাৱত ব্যাহত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাদান প্ৰক্ৰিয়া ৷

দলগাঁও, 22 নৱেম্বৰ : ৬০০ ৰো অধিক ছাত্ৰ-ছাত্ৰী থকা দৰঙৰ দলগাঁও শিয়ালমাৰী শিক্ষা খণ্ডৰ অন্তৰ্গত ‌খাৰুপেটীয়াৰ নিকটৱৰ্তী অচিনতলা এম ই মাদ্ৰাছা‌ত (Achintala ME Madrasa) কৰ্মৰত হৈ আছে দুগৰাকী শিক্ষক আৰু দুগৰাকী শিক্ষয়িত্ৰী । ছয় শতাধিক ছাত্ৰ ছাত্ৰীৰ বিপৰীতে কৰ্মৰত হৈ থকা চাৰি গৰাকী শিক্ষক-শিক্ষয়িত্ৰীৰ ভিতৰত তিনি গৰাকীক শেহতীয়াকৈ নিয়োগ কৰা হ'ল ক'ভিড ডিউটিত ।

চৰকাৰৰ নিৰ্দেশ মৰ্মে সোমবাৰৰ পৰা অচিনতলা এম ই মাদ্ৰাছাৰ (স্কুল) দুগৰাকী শিক্ষয়িত্ৰী আৰু এগৰাকী শিক্ষক ক'ভিড ডিউটি যোৱাৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতি সৃষ্টি বিদ্যালয়খনৰ শিক্ষাৰ্থীসকলৰ মাজত ৷ মাদ্ৰাছা‌খনৰ পৰিচালনা সমিতিয়ে অভিযোগ কৰাৰ মতে, শিক্ষকৰ অভাৱত ব্যাহত হৈ পৰিছে বিদ্যালয়খনৰ শিক্ষাদান প্ৰক্ৰিয়া ৷

শিক্ষকৰ অভাৱত ব্যাহত অচিনতলা এম ই মাদ্ৰাছা‌ৰ শিক্ষাদান

সোমবাৰে বিদ্যালয়ত থকা এগৰাকী শিক্ষকে ছাত্ৰ-ছাত্ৰীক পাঠদান দিবলৈ সক্ষম নোহোৱাত খেল-ধেমালিতে ব্যস্ত হৈ পৰে ছাত্ৰ-ছাত্ৰী সকল । যাকলৈ চিন্তিত হৈ পৰিছে অভিভাৱকৰ লগতে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে সদস্যসকল ।

শিক্ষা বিভাগৰ এনে দায়িত্বহীনতাক লৈ ক্ষোভ প্ৰকাশ কৰিছে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ লগতে অভিভাৱক সকলে ৷ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই বিদ্যালয়খনৰ শিক্ষকৰ সমস্যাটো সমাধান কৰাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে বিদ্যালয়খনৰ পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক: ৰাজ্যত অবাধে চলিছে শিল-বালিৰ অবৈধ ব্যৱসায়; নিৰ্বিকাৰ প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.